Indian Railway: কেৱল সেনাবাহিনী নহয়, অপাৰেচন সেন্দূৰত সহযোগিতা আগবঢ়াইছে ভাৰতীয় ৰে’লৱে, কিন্তু কেনেকৈ?
Railway on Operation Sindoor: বাওঁফালে ‘অপাৰেচন সেন্দূৰৰ ’ ল’গ’ আৰু মাজত লিখা আছে, অপাৰেচন সেন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এডাৰ ৰেখাৰ সৃষ্টি কৰিছে। যিয়ে দেশখনক এক নতুন স্বাভাৱিক পৰিৱেশৰ দিশে আগুৱাই লৈ গৈছে।

এইবাৰ ৰে’লত সেন্দূৰৰ ৰং । অপাৰেচন সেন্দূৰৰ জৰিয়তে সমগ্ৰ বিশ্বলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে ভাৰতে । তেনেকৈয়ে প্ৰতিনিধিৰ এটা দল সংগঠিত কৰিছে কেন্দ্ৰই । কিন্তু দেশৰ ভিতৰত ? এতিয়া বাৰ্তাৰ প্ৰয়োজন নাই ঠিক, কিন্তু প্ৰয়োজন সফলতা উদযাপন । এয়া একাংশৰ মত । সেই সফলতা উদযাপন কৰিবলৈ ভাৰতীয় ৰে’লৱেক ব্যৱহাৰ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ ।
সোমবাৰে ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই কয় যে, অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ বাবে ৰে’লৰ টিকটত এতিয়া অপাৰেচন সেন্দূৰৰ ল’গ’ৰ সৈতে প্ৰধানমন্ত্ৰীৰ ছবি থাকিব । এই ছবি কেৱল ই-টিকটতহে দেখা পোৱা যাব । তেওঁ লগতে কয়, ‘ই-টিকটত অপাৰেচন সেন্দূৰৰ প্ৰচাৰ কৰাৰ এটা কাৰণ হৈছে ভাৰতীয় সেনাৰ সাহসিকতাক সন্মান জনোৱা ।’
এই বাৰ্তাত কি থাকিব? ই-টিকটৰ একেবাৰে ওপৰত দেখা যাব সেন্দূৰৰ চিন । সোঁফালে দেখা যাব প্ৰধানমন্ত্ৰীৰ ছবি, বাওঁফালে ‘অপাৰেচন সেন্দূৰৰ’ ল’গ’ আৰু মাজত লিখা আছে, অপাৰেচন সেন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এডাল ৰেখাৰ সৃষ্টি কৰিছে । যিয়ে দেশখনক এক নতুন স্বাভাৱিক পৰিৱেশৰ দিশে আগুৱাই লৈ গৈছে ।
এই একে ছবি কিন্তু দেখা গৈছে, IRCTC-ৰ ৱেবছাইটতো । তাত টিকট কাটিলে প্ৰধানমন্ত্ৰীয়ে দেশক উদ্দেশ্যি দিয়া বাৰ্তা সকলোৰে চকুত পৰিব । কিন্তু যি সময়ত সেনাবাহিনীৰ সফলতাক লৈ দেশ আনন্দিত হৈ পৰিছে, সেই সময়ত কংগ্ৰেছে চৰকাৰৰ এই পদক্ষেপক সমালোচনা কৰিবলৈ এৰা নাই ।
মধ্যপ্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ পীয়ুষ বাবেলে নিজৰ এক্স হেণ্ডেলত এটা পোষ্টত কৰিছে, য’ত তেওঁ কয়, ‘মোদী চৰকাৰে অপাৰেচন সেন্দূৰৰ বিজ্ঞাপন চলাই আছে । এইটো দেশপ্ৰেম হ’ব নোৱাৰে ।’ আনহাতে, এই সন্দৰ্ভত বিজেপিৰ পৰা কোনো মন্তব্য পোৱা নগ’ল । কেৱল মুখ খুলিছে ভাৰতীয় ৰে’লৱেৰ বিষয়ববীয়াই ।
ভাৰতীয় ৰেলৱে ব’ৰ্ডৰ কৰ্মী দিলীপ কুমাৰে এক বিবৃতি প্ৰকাশ কৰি কয় যে, আমি আমাৰ জোৱানসকলৰ বাবে গৌৰৱান্বিত । সমগ্ৰ দেশে অপাৰেচন সেন্দূৰৰ সফলতাক উদযাপন কৰিছে । গতিকে, সেই কথা মনত ৰাখি ভাৰতীয় ৰে’ল মন্ত্ৰালয়েও নিজৰ টিকটত সেন্দূৰৰ চিহ্ন ৰাখিছে ।
ৰে’ল মন্ত্ৰালয়ে এই কথাও অৱগত কৰিছে যে কেৱল ডিজিটেল মাধ্যমতে নহয়, অপাৰেশ্যন সেন্দূৰৰ সফলতা ষ্টেচনে ষ্টেচনে উদযাপন কৰা হ’ব । দেশৰ মুঠ ২০০ টা ৰেল ষ্টেচন ত্ৰিৰংগাৰ ৰঙেৰে জিলিকাই তোলা হ’ব ।