Indian Army Year Ender 2025: চলিত বৰ্ষত নতুন অস্ত্ৰ ভাৰতৰ হাতত, কিমান শক্তিশালী হ’ব আমাৰ সেনা?
ভাৰতীয় সেনাৰ আধুনিকীকৰণৰ বাবে প্ৰায় ৭৯,০০০ কোটি টকাৰ অস্ত্ৰ ক্ৰয়ত সেউজ সংকেত কেন্দ্ৰৰ। ইয়াৰ সিংহভাগ খৰচ কৰা হ'ব সেনাৰ ফায়াৰপাৱাৰ বা আগ্ৰাসী ক্ষমতা বৃদ্ধিত।
২০২৫ বৰ্ষই আজি মেলানি মাগিলে আমাৰ পৰা। বছৰৰ এই অন্তিম ক্ষণত এক ডাঙৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে। ভাৰতীয় সেনাৰ আধুনিকীকৰণৰ বাবে প্ৰায় ৭৯,০০০ কোটি টকাৰ অস্ত্ৰ ক্ৰয়ত সেউজ সংকেত কেন্দ্ৰৰ। ইয়াৰ সিংহভাগ খৰচ কৰা হ’ব সেনাৰ ফায়াৰপাৱাৰ বা আগ্ৰাসী ক্ষমতা বৃদ্ধিত। চীন আৰু পাকিস্তান দুয়োটা সীমান্ততেই ব্যাপক প্ৰভাৱ পেলাব এই নতুন ৰণসজ্জাই।
মেক ইন ইণ্ডিয়া
দেশীয় প্ৰযুক্তিৰ এই বিজয়োল্লাসৰ আটাইতকৈ ডাঙৰ বিষয় হ’ল এই বিপুল পৰিমাণৰ ক্ৰয়ৰ ক্ষেত্ৰত জোৰ দিয়া হৈছে দেশীয় প্ৰযুক্তিৰ ওপৰত। থলুৱা প্ৰযুক্তিৰ অস্ত্ৰ ক্ৰয়ৰ ক্ষেত্ৰত টাটা, ভাৰত ফ’ৰ্জ আৰু এল এণ্ড টিৰ দৰে সংস্থাৰ ওপৰত ভৰসা ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। এইখিনিতে এটা প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হয়, বিদেশৰ পৰা অস্ত্ৰ আমদানিৰ দিন অন্ত পৰিল নেকি?
আৰ্টিলাৰী শক্তি বৃদ্ধি
অপাৰেচন সেন্দূৰৰ পাছত ভাৰতীয় সেনা বাহিনীয়ে গুৰুত্ব প্ৰদান কৰিছে নিজৰ শক্তি বৃদ্ধিত। আৰু এই ক্ষেত্ৰত বাজি মাৰিবলৈ সাজু DRDO ৰ এটেকছ (ATAGS) গান ছিষ্টেম। ১৫৫ এমএম/৫২ কেলিবাৰৰ এই কামানে ৪৮ কিলোমিটাৰ পৰ্যন্ত নিখুঁত লক্ষ্যত আঘাত হানিব পাৰে। ইমানদিনে সীমান্তত দূৰলৈ নিক্ষেপ কৰিব পৰা কামানৰ যি অভাৱ আছিল সেয়া এইবাৰ পূৰণ হ’ব। ইয়াৰ লগতে মেকানাইজড ইনফেণ্ট্ৰিৰ বাবে অনা হৈছে আৰু অধিক K-9 বজ্ৰ, যাক যিকোনো ধৰণৰ ভূপৃষ্ঠৰে দ্ৰুতভাৱে কঢ়িয়াব পাৰি।
ৰকেট আৰু মিছাইল
শত্ৰুৰ বাংকাৰ তথা বাহন ধ্বংস কৰিবলৈ আহি আছে পিনাক ৰকেট ছিষ্টেমৰ আপগ্ৰেডেড ভাৰ্চন। পিনাকৰ নতুন ৰেঞ্জ প্ৰায় ১২০ কিলোমিটাৰ হ’ব পাৰে। ইয়াৰ সৈতে যুক্ত হৈছে ইনভাৰ এণ্টি-টেংক মিছাইল, যি ৫ কিঃমিঃ দূৰৰ পৰাই শত্ৰুৰ টেংক ধ্বংস কৰিব পাৰে।
আকাশী পথত নিৰাপত্তা তালাচী
ড্ৰোণ বিপ্লৱক বিশ্বযুদ্ধৰ নতুন ট্ৰেণ্ড হিচাপে বিবেচনা কৰি ড্ৰোণ প্ৰযুক্তিতো ব্যাপক বিনিয়োগ কৰা হৈছে। ছাৰ্ভিলেন্স ড্ৰোণৰ লগতে আহি আছে লয়টাৰিং মিউচন বা কামিকাজে ড্ৰোণ। এই ধৰণৰ ড্ৰোণে নিজেই শত্ৰুৰ ওপৰত জপিয়াই পৰিব পাৰে।
ৰণকৌশলবিদ সকলৰ মতে এই ৭৯ হাজাৰ কোটি টকাৰ বিনিয়োগ কেৱল সংখ্যাৰ খেল নহয়। এক কৌশলগত দিশৰ পৰা বিৰাট ডাঙৰ এক বাৰ্তা। সীমান্তত শান্তি বজায় ৰাখিবলৈ হ’লে যে নিজৰ পেশী শক্তিশালী কৰা প্ৰয়োজন সেই কথা বুজাই দিলে ভাৰতে। অনাগত দিনত এই দেশীয় অস্ত্ৰই মেৰুদণ্ড হ’ব ভাৰতীয় সেনাৰ।