শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অপাৰেশ্যন সেন্দূৰৰ সময়ত স্বৰ্ণ মন্দিৰত স্থাপন কৰা হৈছিল নেকি বায়ু প্ৰতিৰক্ষা ব্যৱস্থা? সেনাই দিলে স্পষ্টীকৰণ

সেনাই জাৰি কৰা আনুষ্ঠানিক বিবৃতিত কয় যে স্বৰ্ণমন্দিৰত বায়ু প্ৰতিৰক্ষা বন্দুক নিয়োগ কৰাৰ কথা একাংশ সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে। এই সন্দৰ্ভত স্পষ্ট কৰা হৈছে যে শ্ৰী দৰবাৰ চাহাব অমৃতসৰ কমপ্লেক্সৰ ভিতৰত কোনো এয়াৰ ডিফেন্স গান বা এয়াৰ ডিফেন্স চিষ্টেম মোতায়েন কৰা হোৱা নাই।

অপাৰেশ্যন সেন্দূৰৰ সময়ত স্বৰ্ণ মন্দিৰত স্থাপন কৰা হৈছিল নেকি বায়ু প্ৰতিৰক্ষা ব্যৱস্থা? সেনাই দিলে স্পষ্টীকৰণ
স্বৰ্ণ মন্দিৰ
trishna-kalita
Trishna Kalita | Published: 21 May 2025 11:33 AM

মঙলবাৰে ভাৰতীয় সেনাই স্পষ্ট কৰি দিয়ে যে অপাৰেশ্যন সেন্দূৰৰৰ সময়ত অমৃতসৰৰ শ্ৰী দৰবাৰ চাহাব (স্বৰ্ণ মন্দিৰ) কমপ্লেক্সৰ ভিতৰত কোনো ধৰণৰ এয়াৰ ডিফেন্স গান বা অন্যান্য এয়াৰ ডিফেন্স সঁজুলি মোতায়েন কৰা হোৱা নাছিল। পাকিস্তানৰ পৰা সম্ভাৱ্য ড্ৰ’ন বা মিছাইল আক্ৰমণ ৰোধ কৰিবলৈ গোল্ডেন টেম্পল কমপ্লেক্সত এয়াৰ ডিফেন্স চিষ্টেম স্থাপন কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে এই বিবৃতি প্ৰকাশ পাইছে।

সেনাই জাৰি কৰা আনুষ্ঠানিক বিবৃতিত কয় যে স্বৰ্ণ মন্দিৰত বায়ু প্ৰতিৰক্ষা বন্দুক নিয়োগ কৰাৰ কথা একাংশ সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে। স্পষ্ট কৰা হৈছে যে শ্ৰী দৰবাৰ চাহাব অমৃতসৰ কমপ্লেক্সৰ ভিতৰত কোনো এয়াৰ ডিফেন্স গান বা এয়াৰ ডিফেন্স চিষ্টেম মোতায়েন কৰা হোৱা নাই।

এই বিষয়ত শিৰোমণি গুৰদ্বাৰা পৰবন্ধক সমিতি আৰু সোণালী মন্দিৰৰ মূল ধৰ্মীয় বিষয়াসকলেও বিবৃতি প্ৰকাশ কৰি সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি সম্পূৰ্ণৰূপে নাকচ কৰিছে। এছজিপিচিৰ সভাপতি হৰজিন্দৰ সিং ধামীয়ে কয় যে সেনাই এনে কোনো নিয়োগৰ বাবে কোনো যোগাযোগ কৰা নাই, কোনো অনুমতিও দিয়া নাই। তেওঁ কয়, “শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ব্লেকআউটৰ সময়তহে মন্দিৰৰ বাহিৰৰ আৰু ওপৰৰ লাইট বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল, যিটো মৰ্যদা পালনৰ বাবে মানি লোৱা হৈছিল।”

ধমীয়ে কয়, “য’ত ধৰ্মীয় কাম-কাজ চলি আছিল তাত লাইট বন্ধ কৰা হোৱা নাছিল। কোনো সামৰিক বিষয়াই বন্দুক নিয়োগ কৰিবলৈ আমাৰ সৈতে যোগাযোগ কৰা নাছিল।” স্বৰ্ণ মন্দিৰৰ মুৰব্বী গ্ৰন্থি জ্ঞানী ৰাঘবীৰ সিং আৰু অতিৰিক্ত প্ৰধান গ্ৰন্থি জ্ঞানী অমৰজিৎ সিঙেও এই খবৰক সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰে। অমৰজিৎ সিঙে কয়, “যদি এনে পদক্ষেপ লোৱা হ’লহেঁতেন তেন্তে তাত উপস্থিত থকা হাজাৰ হাজাৰ ভক্তই নিশ্চিতভাৱে দেখিলেহেঁতেন।”

সিঙে আৰু কয়, “শেহতীয়া উত্তেজনাপূৰ্ণ পৰিস্থিতিত দেশ আৰু সেনাই প্ৰশংসনীয় কাম কৰিছে, কিন্তু এনে ভুৱা বাতৰি প্ৰচাৰ কৰাটো অতি দুৰ্ভাগ্যজনক। আমি চৰকাৰৰ পৰা এই সন্দৰ্ভত স্পষ্ট স্পষ্টীকৰণ বিচাৰো।” তেওঁ পুনৰ কয়, “শ্ৰী দৰবাৰ চাহাবত সম্পূৰ্ণ অনুশাসন আৰু শিষ্টাচাৰ বজাই ৰাখি লেংগাৰ সেৱা, অখণ্ড পাঠ, কীৰ্তন আদি ধৰ্মীয় কাম-কাজ চলি আছে আৰু ইয়াত কাৰো হস্তক্ষেপ কৰাৰ অধিকাৰ নাই।”