ৰাজস্থানত বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত, ২জনৰ মৃত্যু…
পুনৰ দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ বিমান। ৰাজস্থানত সংঘটিত এই দুৰ্ঘটনাত ২ জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই দুয়োজন পাইলট বুলি সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত বৰ্তমান আৰম্ভ হৈছে তদন্ত।

বুধবাৰে ৰাজস্থানৰ চুৰুত দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ জাগুৱাৰ বিমান। ৰতনগড় ভানুদা বিদাতন গাঁৱত সংঘটিত এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। এই মৃতদেহ দুটা পাইলটৰ বুলি ধাৰণা কৰা হৈছে। এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বায়ুসেনাৰ দল সেই স্থানলৈ ৰাওনা হয় আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে, স্থানীয় ৰাইজে আৰক্ষীক এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দলে দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমান পাইলট আৰু বিমানখনৰ পৰিচয় সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ লাভ কৰা নাই।
চুৰুৰ ৰতনগড় তহচিলৰ সীমান্তৱৰ্তী গাঁও ভানুদা বিদাৱতনত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে কয় যে, ছিকৰালি পথৰ চৰণন মহল্লাৰ সমীপৰ বীড়ৰ আকাশৰ পৰা জ্বলি থকা বিমানখন বাগৰি পৰে। প্ৰায় ২০০ ফুটৰ আশে-পাশে বিমানখনৰ অৱশিষ্ট বাগৰি পৰে।

বিমান দুৰ্ঘটনা
স্থানীয় লোকসকলে কয় যে, এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাত মৃত্যু হোৱা লোককেইজনৰ মৃতদেহৰ টুকুৰা চাৰিওফালে চিটিকি পৰে। এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰাৰ পাছতে সেই স্থানত ভানুদা গাঁৱৰ লগতে আশে-পাশে থকা গাঁৱৰ পৰাও বৃহৎ সংখ্যক লোক উপস্থিত হয়। জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন ফাইটাৰ জেট আছিল। অৱশ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২ এপ্ৰিলত গুজৰাটৰ জামনগৰৰ সমীপত ভাৰতীয় বায়ুসেনাৰ এখন জাগুৱাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এইখন আছিল বায়ুসেনাৰ ডিপ পেনেট্ৰেচন ষ্ট্ৰাইক যুঁজাৰু জাগুয়াৰ। নিশা ৯:৩০ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা। এই জাগুৱাৰখন আছিল টুইন ছিটাৰ ট্ৰেইনাৰ বিমান আৰু বিমানখনত দুজন পাইলট আছিল। দুৰ্ঘটনাটোত এজন পাইলট বাচি থকাৰ বিপৰীতে আনজনৰ মৃত্যু হয়।
ইয়াৰোপৰি যোৱা ৭ মাৰ্চত বায়ুসেনাৰ ডিপ পেনেট্ৰেচন ষ্ট্ৰাইক বিমান জাগুৱাৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। এই দুৰ্ঘটনা সংঘটিত হৈছিল আম্বালাৰ ওচৰত। দুৰ্ঘটনাৰ সময়ত বিমানখন আম্বালা এয়াৰ বেছৰ পৰা নিয়মীয়া বিমান যাত্ৰাত আছিল যদিও পঞ্চকুলাৰ ওচৰত উপস্থিত হোৱাৰ পিছতে বিমানখনে দুৰ্ঘটনাৰ সন্মুখীন হয়।
অন্য খবৰ পঢ়কঃ কি কাৰণে বি.টেকৰ ছাত্ৰই ল’লে জীৱনৰ ডাঙৰ সিদ্ধান্ত? লিখি গৈ গ’ল সকলো…