কি কাৰণে বি.টেকৰ ছাত্ৰই ল’লে জীৱনৰ ডাঙৰ সিদ্ধান্ত? লিখি গৈ গ’ল সকলো…
আজিকালি হতাশা বা ডিপ্ৰেশ্যনত ভুগি বহু যুৱক-যুৱতীয়ে কিছুমান ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। এনে এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। বিটেক কৰি থকা এজন যুৱকৰ অকাল মৃত্যু হয়।

এক মৰ্মান্তিক ঘটনা। মানসিক চাপ সহ্য কৰিব নোৱাৰি এজন ২৪ বছৰীয়া যুৱকে গ্ৰহণ কৰিলে জীৱনৰ চৰম সিদ্ধান্ত। এই খবৰে এটা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱকজন বিটেকৰ ছাত্ৰ আছিল। এই খবৰে যুৱকজনৰ পৰিয়ালৰ লগতে বন্ধু-বৰ্গ, আত্মীয়-স্বজনৰ মাজত শোকৰ ছা পেলাইছে। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে তেলেংগানাৰ ৰাজনা ছিৰচিলা জিলাত। যুৱকজনে মৃত্যুৰ পূৰ্বে এখন নোটত তেওঁৰ সিদ্ধান্তৰ কাৰণ তথা সমস্যা আদি সকলো লিখি থৈ যায়। যুৱকজনে পৃথিৱীৰ ওচৰত হাৰ মনাৰ কথা স্বীকাৰ কৰাৰ লগতে ভগৱানৰ আগত ক্ষমাও খোজে।
মৃত্যু হোৱা যুৱকজনৰ নাম ৰোহিত বুলি জানিব পৰা গৈছে। ৫ জুলাইত চৰম পন্থা গ্ৰহণ কৰাৰ পূৰ্বে ৰোহিতে এখন আৱেগভৰা নোট লিখি থৈ যায়। তেওঁ লিখে- “অন্নপূৰ্ণা দেৱী, মোক ক্ষমা কৰি দিয়া। তুমি তোমাৰ বুদ্ধিমান পুত্ৰক এইখিনি লিখিবলৈ কৈছিল নেকি? ভগৱানৰ ইচ্ছা অনুসৰি শ্ৰেষ্ঠ মৃত্যুৰ চিঠিখন লিখাৰ মোৰ সপোন বাস্তৱায়িত হ’ল। কিন্তু ইয়াৰ লগে লগে মোৰ জীৱন জীয়াই থকাৰ সপোন শেষ হৈ গ’ল। মই সপোনৰ দৰে এটা সুন্দৰ জীৱন যাপন কৰিব বিচাৰিছিলো। কিন্তু এতিয়া মোৰ সকলো আশা শেষ। দ্বিতীয় জনম মই নিবিচাৰো। অনুগ্ৰহ কৰি মোৰ মৃতদেহ কাশীত সমাধিস্থ কৰিব ”।

যুৱকজন
এই নোটখনত যুৱকজনে ইশ্বৰ, পৰিয়াল আৰু তেওঁৰ ভাঙি যোৱা সপোনৰ বিষয়ে উল্লেখ কৰে। ই চিঠিখন এতিয়া অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে। পৰিয়ালৰ লোকে জনোৱা মতে, কিছুদিন ধৰি গভীৰ মানসিক চাপত আছিল ৰোহিত। অৱশ্যে কি কাৰণে মানসিক সমস্যাত ভুগি আছিল তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। চিকিৎসক আৰু মানসিক স্বাস্থ্য বিশেষজ্ঞৰ মতে যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পোৱা হতাশা আৰু মানসিক চাপ এনে ঘটনাৰ মূল কাৰণ হৈ পৰিছে।
জানিব পৰা মতে, দিতি ভেনুগোপাল আৰু ৰাণীৰ জ্যেষ্ঠ পুত্ৰ আছিল ৰোহিত। তেওঁৰ মৃত্যুত পৰিয়ালটো এতিয়া শোকত ভাঙি পৰিছে। অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতিৰ মাজতে পৰিয়ালটোৱে তেওঁৰ কাশীত সমাধিস্থ হোৱাৰ শেষ ইচ্ছা পূৰণ কৰাৰ চিন্তা-চৰ্চা কৰিছে।
মনোৰোগ বিশেষজ্ঞসকলে কয় যে যদি কোনোবাই মানসিক চাপত ভুগি আছে, তেন্তে তেওঁৰ লগত কথা পাতি পৰামৰ্শ দিয়া উচিত। নিজকে শেষ কৰি দিয়া কোনো সমস্যাৰ সমাধান নহয়। এই ক্ষেত্ৰত সমাজ আৰু পৰিয়াল সচেতন হ’ব লাগে। আপুনিও যদি কেতিয়াবা মানসিক সমস্যাত ভোগে তেন্তে আত্মীয়, বন্ধু-বান্ধৱী বা বিশেষজ্ঞৰ সহায় ল’ব পাৰে।
অন্য খবৰ পঢ়কঃ অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি! ২০০ মানুহৰ চকুৰ আগত জীৱন্তে জ্বলালে একেটা পৰিয়ালৰ ৫ জনক…