শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত নতুন সংযোজন, পাকিস্তানক ঘাটে ঘাটে পানী খুৱাবলৈ সাজু…

Apache Helicopter: আপাচি হেলিকপ্টাৰক ‘আকাশৰ টেংক’ বুলি জনা যায়। AH-64E উন্নত আক্ৰমণাত্মক হেলিকপ্টাৰখনত অসাধাৰণ চেন্সৰ আৰু টাৰ্গেট ক্ষমতা আছে। দিনেই হওক বা ৰাতি হওক, এই হেলিকপ্টাৰখনে ধুমুহাৰ পৰা আৰম্ভ কৰি প্ৰচণ্ড বৰফ পৰালৈকে যিকোনো প্ৰত্যাহ্বানমূলক পৰিৱেশত শক্তিৰে কাম কৰিব পাৰে।

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত নতুন সংযোজন, পাকিস্তানক ঘাটে ঘাটে পানী খুৱাবলৈ সাজু…
আপাচি হেলিকপ্টাৰ (ফাইল ফটো)Image Credit source: X
trishna-kalita
Trishna Kalita | Updated On: 17 Jul 2025 12:30 PM

ভাৰত চৰকাৰে সদায় প্ৰতিৰক্ষা খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। শেহতীয়াকৈ ভাৰত-পাকিস্তান সংঘাতৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি তুলিছে। এইবাৰ সেনাৰ শক্তি বৃদ্ধি কৰিব এখন অত্যাধুনিক হেলিকপ্টাৰখনে । সূত্ৰৰ পৰা জানিব পৰা মতে, বহু প্ৰতীক্ষিত আপাচি আক্ৰমণাত্মক হেলিকপ্টাখন অৱশেষত ভাৰতৰ হাতলৈ আহিব।

ভাৰতে অহা ২১ জুলাইত আমেৰিকাৰ পৰা প্ৰথম বেটচ আপাচি আক্ৰমণকাৰী হেলিকপ্টাৰ লাভ কৰিব। প্ৰথম পৰ্যায়ত আহিব তিনিখন আপাচি হেলিকপ্টাৰ। জানিব পৰা মতে এই হেলিকপ্টাৰসমূহে ভাৰতীয় বায়ুসেনাৰ হিন্দন এয়াৰবেছত অৱতৰণ কৰিব। আৰু এই তিনিওখন হেলিকপ্টাৰ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়োগ কৰা হ’ব।

আপাচি হেলিকপ্টাৰক ‘আকাশৰ টেংক’ বুলি জনা যায়। AH-64E উন্নত আক্ৰমণাত্মক হেলিকপ্টাৰখনত অসাধাৰণ চেন্সৰ আৰু টাৰ্গেট ক্ষমতা আছে। দিনেই হওক বা ৰাতি হওক, এই হেলিকপ্টাৰখনে ধুমুহাৰ পৰা আৰম্ভ কৰি প্ৰচণ্ড বৰফ পৰালৈকে যিকোনো প্ৰত্যাহ্বানমূলক পৰিৱেশত শক্তিৰে কাম কৰিব পাৰে। এই হেলিকপ্টাৰখনে কেৱল আক্ৰমণ কৰাই নহয়, প্ৰতিৰক্ষাতো বিশেষ ভূমিকা পালন কৰে।

ভাৰতীয় বায়ুসেনাই ১৫ মাহ পূৰ্বে ৰাজস্থানৰ যোধপুৰত প্ৰথমটো আপাচি স্ক্ৱাড্ৰন মোতায়েন কৰিছিল। ইতিমধ্যে পাঠানকোট আৰু যোৰহাটত সক্ৰিয় হৈ আছে দুটা স্ক্ৱাড্ৰন। যদিও বহু আগতেই এই হেলিকপ্টাৰখন আমেৰিকাৰ পৰা আহিব লগা আছিল, বিভিন্ন কাৰণত বাৰে বাৰে পলম হৈছিল।

ইয়াৰ পূৰ্বে ২০১৫ চনত ভাৰতীয় বায়ুসেনাই ২২খন আপাচি হেলিকপ্টাৰ ক্ৰয় কৰিছিল। এই হেলিকপ্টাৰসমূহ ২০২০ চনৰ জুলাই মাহত ভাৰতীয় বায়ুসেনাক ডেলিভাৰী কৰা হৈছিল। ট্ৰাম্প ভাৰতলৈ অহাৰ সময়ত ভাৰতৰ সৈতে ৬০ কোটি ডলাৰৰ চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ অধীনত ৬ খন আপাচি হেলিকপ্টাৰ ক্ৰয় কৰা হৈছিল। ২০২৪ চনৰ মে’-জুন মাহত প্ৰথম ডেলিভাৰীৰ কথা আছিল যদিও পলম হৈছিল। ভাৰতীয় সেনাই ২০২৩ চনত প্ৰথমখন আপাচি হেলিকপ্টাৰ লাভ কৰিছিল।

লগতে পঢ়ক: ভয়ংকৰ ভূমিস্খলনৰ বাবে স্থগিত অমৰনাথ যাত্ৰা, এজনৰ মৃত্যু, বহু তীৰ্থযাত্ৰী আহত…