ভয়ংকৰ ভূমিস্খলনৰ বাবে স্থগিত অমৰনাথ যাত্ৰা, এজনৰ মৃত্যু, বহু তীৰ্থযাত্ৰী আহত…
জম্মু-কাশ্মীৰত অমৰনাথ যাত্ৰা পথৰ বহু ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বাল্টাল পথত হোৱা ভূমিস্খলনৰ ফলত ১০ জন তীৰ্থযাত্ৰী আহত হয়। ক্ষন্তেকীয়া বানৰ কবলত আবদ্ধ হৈ পৰিল বহু তীৰ্থযাত্ৰী। ইয়াৰ বাবে আজি অৰ্থাৎ বৃহস্পতিবাৰে অমৰনাথ যাত্ৰা স্থগিত থাকিব। আজি জম্মু বেছ কেম্পৰ বাহিৰলৈ নাযায় এই যাত্ৰা।

জম্মু-কাশ্মীৰত অমৰনাথ যাত্ৰা পথৰ বহু ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বাল্টাল পথত হোৱা ভূমিস্খলনৰ ফলত আহত হয় প্ৰায় ১০ জন তীৰ্থযাত্ৰী । ক্ষন্তেকীয়া বানৰ কবলত আবদ্ধ হৈ পৰিল বহু তীৰ্থযাত্ৰী। ইয়াৰ বাবে আজি অৰ্থাৎ বৃহস্পতিবাৰে অমৰনাথ যাত্ৰা স্থগিত থাকিব। আজি জম্মু বেছ কেম্পৰ বাহিৰলৈ নাযাব এই যাত্ৰা। আচলতে জম্মু-কাশ্মীৰৰ বহু জিলাত অব্যাহত আছে ধাৰাবাহিক বৰষুণ।
বাল্টাল আৰু পহলগাম পথত অবিৰত বৰষুণ অব্যাহত আছে। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বাল্টাল পথৰ ৰে’লপথৰ সমীপৰ জেড টাৰ্ণত যাত্ৰা পথত পাহাৰৰ পৰা হঠাৎ বৰষুণৰ পানী অহাৰ বাবেই এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।
এজনৰ মৃত্যু, ১০জন তীৰ্থযাত্ৰী আহত
এই ঘটনাত দহজন তীৰ্থযাত্ৰী আহত হোৱাৰ তথ্য লাভ কৰা হৈছে। সূত্ৰই জনোৱা মতে, এই ভূমিস্খলনৰ সময়ত ৰাজস্থানৰ এগৰাকী মহিলাক অচেতন অৱস্থাত চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়, যাক ৫৫ বছৰীয়া সোণা বাই বুলি চিনাক্ত কৰা হৈছে। চিকিৎসা কেন্দ্ৰত মৃত অৱস্থাত উদ্ধাৰ হয় তেওঁক। একে সময়তে আন ১০ জন আহতক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁলোকৰ কোনো এজনৰ গুৰুতৰভাৱে আহত হোৱা নাই। অৱশ্যে এই ঘটনা সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।
উধামপুৰৰ ধৰ পথত ভূমিস্খলন
উধামপুৰ জিলাৰ ধৰ পথত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে বহু পথ । ৰাষ্ট্ৰীয় ঘাইপথৰ ধৰ পথ প্ৰায় এঘণ্টা ধৰি বন্ধ হৈ থাকে। ইয়াৰ প্ৰভাৱ পৰিছে অমৰনাথ যাত্ৰাতো । ইফালে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কবাণী। যোৱা বছৰো বেয়া বতৰৰ ফলত অমৰনাথ যাত্ৰাত প্ৰভাৱ পৰিছিল। ২০২৩ চনতো একে পৰিস্থিতিৰ সৃষ্টি হৈছিল। বৰষুণ আৰু ভূমিস্খলনৰ বাবে এই যাত্ৰা কেইবাবাৰো পিছুৱাই দিবলগীয়া হৈছিল।
অঞ্চলটোত প্ৰবল বৰষুণৰ সতৰ্কতা
অমৰনাথ যাত্ৰাৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এই পৰ্যন্ত ডেৰ-দুই লাখৰো অধিক ভক্তই বাবা বৰফনীৰ দৰ্শন কৰিছে। ১ জুলাইৰ পৰা ১০ আগষ্টলৈ অমৰনাথ যাত্ৰা পথক ‘নো ফ্লাইং জ’ন’ হিচাপে ঘোষণা কৰা হৈছে, য’ত ড্ৰ’ন, ইউএভি আৰু বেলুন নিষিদ্ধ কৰা হৈছে। বতৰ বিজ্ঞান বিভাগেও অঞ্চলটোত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। যাত্ৰীসকলক সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে।
আচলতে অমৰনাথ যাত্ৰা দুটা মূল পথৰ মাজেৰে হয়। প্ৰথমটো হৈছে পহলগাম পথ যিটো ৪৮ কিলোমিটাৰ আৰু দ্বিতীয়টো হৈছে বাল্টাল পথ যিটো ১৪ কিলোমিটাৰ। পহলগাম পথটো দীঘলীয়া যদিও ইমান কঠিন নহয়, আনহাতে বাল্টাল পথটো চুটি যদিও ই যথেষ্ট প্ৰত্যাহ্বানজনক। বতৰ অভাৱনীয় হোৱাৰ বাবে ভক্তসকলক এই পথত উলৰ কাপোৰ, ৰেইনকোট আদি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিবলৈ পৰামৰ্শ দিয়া হৈছে। এই পথত কেতিয়াবা বৰষুণ আৰু কেতিয়াবা ভূমিস্খলন হোৱাটো সাধাৰণ কথা।