দেৱালীৰ পূৰ্বে নিৰ্দেশনা! ৰে’ল যাত্ৰাৰ সময়ত লগত নিব নোৱাৰিব এই ৬ বিধ সামগ্ৰী…
Indian Railway: দেৱালীৰ পূৰ্বে ভাৰতীয় ৰে'লৱে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। যাত্ৰীসকলক বিশেষ ৬ বিধ সামগ্ৰী ৰে'ল যাত্ৰাৰ সময়ত লগত নাৰাখিবলৈ আহ্বান জনাইছে ৰে'লৱে। যাত্ৰীৰ সুৰক্ষাৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত।

সমাগত পোহৰৰ উৎসৱ দেৱালী। এই সময়চোৱাত উৎসৱ বুলি বহুজনে বিভিন্ন ঠাইৰ পৰা ঘৰলৈ ঢাপলি মেলে। যাৰ বাবে ৰে’লত বহু ভিৰ হয়। ইয়াক মাজতে আগন্তুক উৎসৱসমূহৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লৱে যাত্ৰীসকলৰ বাবে ৰখা ঠাইৰ বিশেষ ব্যৱস্থা কৰিছে, য’ত খোৱাপানীৰ ব্যৱস্থাকে ধৰি শৌচাগাৰ আদিলৈ বিভিন্ন ব্যৱস্থা আছে।
যাত্ৰীসকলৰ সুবিধাৰ বাবে বান্দ্ৰা টাৰ্মিনাছ, উধনা, নতুন দিল্লী আৰু ছুৰাটৰ দৰে ডাঙৰ ষ্টেচনসমূহত হোল্ডিং এৰিয়া (ৱেটিং এৰিয়া) সৃষ্টি কৰি কৰিছে। ইয়াৰ লগতে ৰে’লৱে মন্ত্ৰালয়ে যাত্ৰীসকলৰ সুবিধাৰ বাবে বিশেষ ৬ টা বস্তু লগত নৰখাৰ পৰামৰ্শ আগবঢ়াইছে। এক্সত পোষ্ট দি ৰে’লৱে কয় যে, ফটকা বা কোনো জ্বলিব পৰা বস্তু যাতে যাত্ৰীসকলে ৰে’লত লগত নাৰাখে।
৬ টা বস্তু
লগতে কয় যে, ফটকা বা অন্য জ্বলিব পৰা বস্তু ৰে’লত কঢ়িয়াই নিয়াতো অতি বিপদজনক। ইয়াৰ ফলত দুৰ্ঘটনা হ’ব পাৰে। যাত্ৰীসকলক ৰে’লৱে ফটকা, মাটিৰ চাকি, গেছ চিলিণ্ডাৰ, চৌকা, জুইশলা, চিগাৰেট ৰে’লত নিজৰ লগত নিবলৈ বাধা প্ৰদান কৰিছে। বিগত সময়সমূহত হোৱা দুৰ্ঘটনা আৰু অপৰাধমূলক কাৰ্যত বাধা দিবলৈ আৰ পি এফে যাত্ৰীৰ সুৰক্ষাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে।
পূৰ্বৰ নিৰ্দেশনা
ৰে’লৱেই যাত্ৰী সুৰক্ষাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে ৰে’লৱে কৈছিল যে, ষ্টেচনত বা ৰে’লত ফটকা, জ্বলিব পৰা বস্তু, সন্দেহজনক বস্তু বা ব্যক্তি দেখাৰ লগে লগে আৰ পি এফ, জি আৰ পি, ৰে’লৱেক অৱগত কৰিব লাগে। ইয়াৰ লগতে মূল্যবান সামগ্ৰীসমূহৰ ওপৰত নজৰ ৰাখিবলৈ আহ্বান জনাইছে। যাত্ৰীসকলক সৰু বেগ লৈ যাত্ৰা কৰাৰ পৰামৰ্শ দিছে। ইয়াৰোপৰি সুৰক্ষাৰ বাবে ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰিবলৈ হয়। ইমানেই নহয় শিশুৰ লগত জ্যেষ্ঠ লোকক থাকিবলৈ পৰামৰ্শ দিছে ৰে’লৱে।
অন্য খবৰ পঢ়কঃ ছেবিত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…