শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘মণিপুৰবাসীৰ কাষত মই আছোঁ’: প্ৰধানমন্ত্ৰীয়ে ক’লে আশা আৰু আত্মবিশ্বাসৰ নতুন সূৰুযে টোকৰ মাৰিছে মণিপুৰৰ দুৱাৰত

সংঘাতৰ দুবছৰৰ পাছত আজি মণিপুৰত উপস্থিত হ'লগৈ নৰেন্দ্ৰ মোদী। অৱশ্যে সমালোচনা এতিয়াও শেষ হোৱা নাই। মণিপুৰৰ বিভিন্ন জনগোষ্ঠীক হিংসাৰ পৰা আঁতৰি ৰাজ্যখনত শান্তি পুনৰুদ্ধাৰৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে।

‘মণিপুৰবাসীৰ কাষত মই আছোঁ’: প্ৰধানমন্ত্ৰীয়ে ক’লে আশা আৰু আত্মবিশ্বাসৰ নতুন সূৰুযে টোকৰ মাৰিছে মণিপুৰৰ দুৱাৰত
মণিপুৰত প্ৰধানমন্ত্ৰী মোদীImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 13 Sep 2025 17:00 PM

২০২৩ চনত দুটা জনগোষ্ঠীৰ মাজত উদ্ভৱ হোৱা সংঘৰ্ষৰ সময়ত যেতিয়া তেওঁ মৌন হৈ আছিল তেতিয়া প্ৰায় সকলোৱে সমালোচনাৰে উপচায় দিছিল প্ৰধানমন্ত্ৰীক। ঘটনা ৭৯ দিনৰ দিনা তেওঁ এই সংঘৰ্ষৰ বিষয়ে আংশিক মন্তব্য কৰিছিল। তেতিয়াও অনেকৰ সমালোচনা। তাৰ পাছত বহু সময় বাগৰি গ’ল। সংঘাতৰ ধোঁৱা আৰু তেজৰ মাজেৰে বিভীষিকাপূৰ্ণ সময় পাৰ কৰিলে মণিপুৰবাসীয়ে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়তো ৰাজ্যখনত পদাৰ্পণ নহ’ল প্ৰধানমন্ত্ৰী মোদীৰ।

সংঘাতৰ দুবছৰৰ পাছত আজি মণিপুৰত উপস্থিত হ’লগৈ নৰেন্দ্ৰ মোদী। অৱশ্যে সমালোচনা এতিয়াও শেষ হোৱা নাই। সংঘাতজৰ্জৰ ৰাজ্যখন ভ্ৰমণ কৰিবলৈ কিয় ইমান দিন লাগিব বুলি এতিয়াও প্ৰশ্ন তুলিছে বিৰোধীয়ে। মণিপুৰবাসীক ক্ষমা খুজিবলৈও প্ৰধানমন্ত্ৰীক দাবী জনাইছিল একাংশ বিৰোধী নেতাই। ইয়াৰ ভিতৰত অসমৰ সাংসদ গৌৰৱ গগৈও আছে। অৱশ্যে ক্ষমা নুখুজিলেও তেওঁৰ হৃদয়ত মণিপুৰবাসী আছে বুলি দাবী কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

মণিপুৰৰ বিভিন্ন জনগোষ্ঠীক হিংসাৰ পৰা আঁতৰি ৰাজ্যখনত শান্তি পুনৰুদ্ধাৰৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে উত্তৰ-পূবৰ ৰাজ্যখনত “আশা আৰু আত্মবিশ্বাস”ৰ নতুন সূৰ্য উদয় হৈছে। চূৰাচান্দপুৰত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ জনসাধাৰণক কেন্দ্ৰৰ পৰা সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই সকলো গোটকে তেওঁলোকৰ সপোন পূৰণ আৰু সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ শান্তিৰ পথত আগবাঢ়ি যাবলৈ আহ্বান জনাইছো। আজি মই প্ৰতিশ্ৰুতি দিছো যে মই আপোনালোকৰ কাষত থিয় দিছো। ভাৰত চৰকাৰ মণিপুৰৰ জনসাধাৰণৰ সৈতে থিয় দিছে।”

ইম্ফল বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় ৬০ কিলোমিটাৰ দূৰৈৰ চুৰাচান্দপুৰলৈ পথেৰে যাত্ৰা কৰাৰ সিদ্ধান্ত লয়, কিয়নো হেলিকপ্টাৰেৰে সভাস্থলীত উপস্থিত হোৱাটো অনুকূল নহয়। চুৰাচান্দপুৰত প্ৰধানমন্ত্ৰীয়ে জাতিগত হিংসাত স্থানচ্যুত হোৱা লোকসকলক সাক্ষাৎ কৰি মত-বিনিময় কৰে।

হেলিকপ্টাৰেৰে চুৰাচান্দপুৰলৈ যোৱাৰ বাবে বতৰ অনুকূল নাছিল। ধাৰাসাৰ বৰষুণৰ মাজতো ৰাইজৰ সৈতে মত বিনিময় কৰিব পৰাকৈ ৰাস্তাৰে প্ৰায় ডেৰ ঘণ্টা যাত্ৰা কৰি সভাস্থলীত উপস্থিত হোৱাৰ সিদ্ধান্ত লয় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, “মণিপুৰ সদায় আশাৰ ভূমি আছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে ই হিংসাৰ কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈ গ’ল। শিবিৰত বাস কৰা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে সাক্ষাৎ কৰিলোঁ। তেওঁলোকৰ সৈতে মত বিনিময়ৰ অন্তত মই ক’ব পাৰো “উম্মীদ ঔৰ বিশ্বাস কি নয়ী সুবহ মণিপুৰ মেইন দস্তক দে ৰাহি হায়” (আশা আৰু আত্মবিশ্বাসৰ নতুন পুৱাই মণিপুৰৰ দুৱাৰত টোকৰ মাৰিছে)।”

শেহতীয়াকৈ ৰাজ্যখনৰ কেইবাটাও জনগোষ্ঠীৰ সৈতে হোৱা শান্তি চুক্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। “যিকোনো অঞ্চলৰ উন্নয়নৰ বাবে শান্তি গুৰুত্বপূৰ্ণ। যোৱা ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলত কেইবাটাও সংঘাতৰ অন্ত পৰিছে। উন্নয়নক অগ্ৰাধিকাৰ দি মানুহে শান্তিৰ পথ বাছি লৈছে। পাহাৰ আৰু ভৈয়ামত কেইবাটাও গোটৰ সৈতে চুক্তিৰ আলোচনা আৰম্ভ হোৱাত মই সন্তুষ্ট। যোগাযোগ, সন্মান আৰু পাৰস্পৰিক বুজাবুজিৰে শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ এটা অংশ বুলিও তেওঁ কয়।” মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “গৃহহীন হৈ পৰাসকলৰ বাবে আমি ৭ হাজাৰ ঘৰ নিৰ্মাণৰ বাবে সাহায্য দিছো। ৩০০০ কোটি টকাৰ বিশেষ পেকেজও ঘোষণা কৰা হৈছে।”

২০২৩ চনৰ মে’ মাহত ৰাজ্যখনত জাতিগত সংঘাতৰ সৃষ্টি হোৱাৰ পিছত এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ভ্ৰমণ। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত প্ৰায় দুবছৰ ধৰি সংঘাত অব্যাহত আছিল। এই সংঘাতৰ ফলত মণিপুৰৰ স্থায়ী ক্ষতিসাধন হৈছে, ইয়াৰ অৰ্থনীতিত বাধাৰ সৃষ্টি হৈছে, ইয়াৰ সামাজিক সংহতি বিঘ্নিত হৈছে, ৰাজনৈতিক পৰিৱেশ অস্থিৰ হৈ পৰিছে।

“মণিপুৰ সীমান্তৰ সংলগ্ন, আৰু ইয়াত সংযোগ এক প্ৰত্যাহ্বান হৈ আহিছে। বেয়া পথৰ বাবে আপোনালোকে সন্মুখীন হোৱা সমস্যাবোৰ মই বুজি পাওঁ, যাৰ বাবে ২০১৪ চনৰ পিছত মণিপুৰত সংযোগৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিলোঁ। ইয়াৰ বাবে চৰকাৰে দুটা স্তৰত কাম কৰিছে। প্ৰথমতে, মণিপুৰৰ বাবে আমি ৰে’ল আৰু পথৰ বাজেট সূচকীয়ভাৱে বৃদ্ধি কৰিলোঁ। দ্বিতীয়তে, গাঁৱে-ভূঞে পথৰ বাজেটত গুৰুত্ব দিলোঁ। যোৱা কেইবছৰমানৰ পৰা মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ৩৭০০ কোটি টকা ব্যয় কৰা হৈছে, আনহাতে ৮৭০০ কোটি টকাৰ ঘাইপথৰ কাম চলি আছে।” মোদীয়ে কয়।

মণিপুৰৰ চুৰাচান্দপুৰত ৭৩০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। মণিপুৰৰ সৰ্বাংগীন, বহনক্ষম আৰু সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ নগৰীয়া পথ আৰু নিষ্কাশন আৰু সম্পত্তি ব্যৱস্থাপনা উন্নয়ন প্ৰকল্পৰ ভেটি স্থাপন কৰে যাৰ মূল্য ৩৬০০ কোটিৰো অধিক। তেওঁ ২৫০০ কোটিতকৈ অধিক মূল্যৰ পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প, মণিপুৰ ইনফ’টেক ডেভেলপমেণ্ট (MIND) প্ৰকল্প, আৰু ৯টা স্থানত ৱৰ্কিং উইমেন হোষ্টেলৰ ভেটি স্থাপন কৰে।