শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দ্বিতীয় পত্নীৰ অত্যাচাৰ! টকা নিদিয়া বাবে স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড মহিলাৰ…

ধনৰ বাবে এগৰাকী পত্নীয়ে স্বামীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড। জানিব পৰা মতে, পত্নীয়ে স্বামীক নৃশংসভাৱে হত্যা কৰে। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

দ্বিতীয় পত্নীৰ অত্যাচাৰ! টকা নিদিয়া বাবে স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড মহিলাৰ…
স্বামীক হত্যা পত্নীৰ
barasha-sarma
Barasha Sarma | Published: 13 Oct 2025 15:59 PM

পোহৰলৈ আহিছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। এগৰাকী মহিলাই নিজ স্বামীক জীৱন্তে জ্বলাই হত্যা কৰে। জানিব পৰা মতে, পত্নীয়ে স্বামীৰ পৰা টকা দাবী কৰি আছিল কিন্তু স্বামীয়ে সেই টকা দিয়া নাছিল। এই কথাত ক্ষুব্ধ হৈ মহিলাগৰাকীয়ে স্বামীক জীৱন্তে জ্বলাই দিয়ে। এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত স্বামীক হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ কুচ জিলাত।

তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া ৫ মান বজাত এই ঘটনা সংঘটিত হয়। স্থানীয় লোকৰ মতে, প্ৰায়ে দুই স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈছিল। কিন্তু ইয়াৰ মাজতে, শনিবাৰে মহিলাগৰাকীয়ে স্বামীৰ পৰা টকা লাভ নকৰাৰ বাবে গেৰেজৰ পৰা জ্বলনশীল পদাৰ্থ আনি স্বামীৰ গাত ঢালি দি জ্বলাই  দিয়ে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৃতকৰ তিনিটা পুত্ৰ সন্তান আছে। ইয়াৰে দুজন পুত্ৰ বিদেশত থাকে। প্ৰথম পত্নীৰ মৃত্যুৰ পাছত প্ৰায় ডেৰ বছৰ পূৰ্বে পুনৰ বিবাহ পাশত আৱদ্ধ হৈছিল লোকজন। ইয়াৰ পাছত দ্বিতীয় পত্নীয়ে স্বামীৰ প্ৰথম পত্নীৰ ১৮ তোলা গহনা নিজৰ কৰি লৈছিল। সোণৰ গহনাক লৈ তেওঁলোকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। ইয়াৰ মাজতে ১১ অক্টোবৰত ভূজত তেওঁলোকে ক্ৰয় কৰা ঘৰ এটাৰ ধন দিয়াৰ বাবে বিবাদৰ সৃষ্টি হয়। ইয়াৰ পাছতে পত্নীয়ে স্বামীক কেৰাচিন ঢালি জুই জ্বলাই দিয়ে। চিকিৎসাধীন অৱস্থাত দেওবাৰে লোকজনে মৃত্যুক সাৱতে।

ঘটনাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পত্নীক। তেওঁক বৰ্তমান আৰক্ষীয়ে জেৰা চলাই আছে। বিদেশত থকা পুত্ৰতো ঘটনা সন্দৰ্ভত খবৰ দিয়া গৈছে। গতিকে আৰক্ষীৰ তদন্তৰ অন্তত এই সমগ্ৰ বিষয়টোৰ সবিশেষ পোহৰলৈ আহিব।

 

 

অন্য খবৰ পঢ়কঃ দেৱালীৰ পূৰ্বে নিৰ্দেশনা! ৰে’ল যাত্ৰাৰ সময়ত লগত নিব নোৱাৰিব এই ৬ বিধ সামগ্ৰী…