প্ৰেমিক আছিফৰ সৈতে মিলি ৰুগীয়া স্বামীৰ প্ৰাণ ল’লে মহিলাই…
দেশত বৃদ্ধি পাইছে অবৈধ সম্পৰ্কৰ লগত জড়িত নৃশংস কাণ্ডৰ ঘটনা। পুনৰ এগৰাকী মহিলাৰ নৃশংসতাৰ কথা পোহৰলৈ আহিছে। জানিব পৰা মতে মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰে।

দেশত বৃদ্ধি পাইছে নৃশংস কাণ্ড। বিশেষকৈ অবৈধ সম্পৰ্কৰ বাবে একাংশই আপোনজনৰ প্ৰাণ কাঢ়িবলৈও কুণ্ঠাবোধ নকৰে। কিছুদিন পূৰ্বে ৰাজা ৰঘুবংশী হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। এই কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আন এক ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। এইবাৰ এগৰাকী মহিলাই নিজ প্ৰেমিকৰ সৈতে লগ লাগি ৰুগীয়া স্বামীক হত্যা কৰে। ঘটনাৰ তদন্তৰ পাছতে আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে সোধা পোছা কৰাৰ সময়ত মহিলাগৰাকীয়ে সকলো কথা স্বীকাৰ কৰে। এই জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰৰ তাৰোড়ী অঞ্চলত।
অভিযুক্ত মহিলাগৰাকীৰ নাম দিশা ৰামটেক বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ বয়স প্ৰায় ৩০ বছৰ। ইফালে মৃত লোকজন চন্দ্ৰসেন ৰামটেক বুলি চিনাক্ত হৈছে। চন্দ্ৰসেন দীৰ্ঘদিন ধৰি পক্ষাঘাতৰ বলি হৈ চিকিৎসাধীন অৱস্থাত আছিল। কিন্তু তাৰ মাজতে যোৱা শুকুৰবাৰ (৪ জুলাই) মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকা আছিফ ওৰফে ৰাজাবাবু টায়াৰৱালাৰে মিলি স্বামীক হত্যা কৰে। আৰক্ষীৰ তথ্য অনুসৰি চন্দ্ৰসেন ৰামটেকৰ অসুস্থতাৰ বাবে অভিযুক্ত মহিলাগৰাকী আৰু যুৱকজনৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।
জানিব পৰা মতে, মৃত ব্যক্তিজনে তেওঁৰ পত্নী আৰু আছিফৰ সম্পৰ্কৰ বিষয়ে জানিছিল। ইয়াকে লৈ মহিলাগৰাকীৰ সৈতে তেওঁৰ বিবাদৰ সূত্ৰপাত হৈছিল। তাৰ পাছতে মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে মিলি চন্দ্ৰসেন ৰামটেকক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰে। পৰিকল্পনা অনুসৰি, ঘটনাৰ দিনা মহিলাগৰাকীয়ে বিচনাত স্বামীক লৰিব নোৱাৰাকৈ হেঁচি ধৰে, তেতিয়াই তেওঁৰ প্ৰেমিক আছিফে ডিঙি চেপি হত্যা কৰে। প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে আৰক্ষীক জনাইছিল যে শাৰীৰিক অসুস্থতাৰ বাবে তেওঁৰ স্বামীৰ মৃত্যু হয়।
কিন্তু মৃতকৰ মৰণোত্তৰ প্ৰতিবেদনত ডিঙি চেপি হত্যা কৰা বুলি জানিব পৰা যায়। তাৰ পাছতে আৰক্ষীয়ে মহিলাগৰাকীক জেৰা চলাই আৰু সেই সময়চোৱাত তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান অব্যাহত আছে তদন্ত।
অন্য খবৰ পঢ়কঃ প্ৰেম প্ৰত্যাখ্যানৰ ভয়ংকৰ ৰূপ! ভনী-জোঁৱাই চাহাবুদ্দিনৰ হাতত প্ৰাণ গ’ল মহিলাৰ…