শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পত্নী-প্ৰেমিকক আপত্তিজনক অৱস্থাত উদ্ধাৰ! তাৰ পাছতে এক ভয়ংকৰ কাণ্ড, মোনা লৈ থানাত উপস্থিত স্বামী…

পৰকীয়া প্ৰেমৰ বাবে আজিৰ সময়ত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়। শেহতীয়াকৈ সংঘটিত এক ঘটনাই আচৰিত কৰি তুলিব আপোনাক। এটা বেগত কটা মূৰ লৈ থানালৈ যায় স্বামী। ইয়াৰ আঁৰত আছে কাৰণ।

পত্নী-প্ৰেমিকক আপত্তিজনক অৱস্থাত উদ্ধাৰ! তাৰ পাছতে এক ভয়ংকৰ কাণ্ড, মোনা লৈ থানাত উপস্থিত স্বামী…
ঘটনাটোৰ অভিযুক্তক গ্ৰেপ্তাৰ
barasha-sarma
Barasha Sarma | Published: 12 Sep 2025 08:29 AM

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন আদিকে ধৰি বিভিন্ন খবৰ বহু সময়ত পোহৰলৈ আহে। বৰ্তমান সময়ত পৰকীয়া প্ৰেমৰ বাবেও বহু জঘন্য কাণ্ড সংঘটিত হোৱা দেখা যায়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এজন স্বামীয়ে এখন মোনা লৈ উপস্থিত হয় আৰক্ষী থানাত। যেতিয়া আৰক্ষীয়ে সেই মোনাখন খোলে তেতিয়া আচৰিত হৈ পৰে। কিয়নো মোনাখনৰ ভিতৰত আছিল দুটা কটা মূৰ। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কল্লাকুৰিচি জিলাৰ পৰা।

জানিব পৰা মতে, স্বামীয়ে নিজ পত্নীক এজন পুৰুষৰ সৈতে আপত্তিজনক পৰিস্থিতিত ধৰা পেলাইছিল। ইয়াৰ পাছতে স্বামীয়ে মহিলাগৰাকীক নিৰ্মমভাৱে প্ৰথমে প্ৰহাৰ আৰু পাছত হত্যা কৰে। ইমানতেই ক্ষান্ত নাথাকি হত্যাৰ পাছত তেওঁ  দুয়োৰে মূৰ কেইটা কাটি মোনাত ভৰাই কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয়। আত্মসমৰ্পন কৰাৰ পাছতে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে। পৰকীয়া প্ৰেমৰ ভয়ংকৰ এই পৰিণতিয়ে স্তম্ভিত কৰি তুলিছে সকলোকে।

ঘটনা সন্দৰ্ভত পোহৰলৈ অহা তথ্য অনুসৰি, কল্লাকুৰিচি জিলাৰ মালাইকোটলাম গাঁৱত সংঘটিত হৈছে এই ঘটনা। ৫২ বছৰীয়া কোলাঞ্জীয়ে তেওঁৰ দ্বিতীয় পত্নী লক্ষ্মী (৩৯) আৰু স্থানীয় লোক থাংগাৰছু (৬০) ক হত্যা কৰে। দীৰ্ঘদিন ধৰি স্বামীয়ে দুয়োৰে মাজত অবৈধ সম্পৰ্ক থকাৰ কথা সন্দেহ কৰিছিল। ইয়াৰ মাজতে ৮ ছেপ্টেম্বৰত সংঘটিত হয় এক ডাঙৰ ঘটনা। কোলাঞ্জীয় নিজ পত্নী আৰু তেওঁৰ অবৈধ প্ৰেমিকক আপত্তিজনক পৰিস্থিতিত ধৰা পেলায়। তাৰ পাছতে ক্ষোভিত স্বামীয়ে দুয়োকে কুঠাৰেৰে হত্যা কৰে আৰু কটা মূৰ লৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে।

জানিব পৰা মতে, ঘটনাৰ পাছদিনা পুৱা লোকজনে আৰক্ষীৰ ওচৰত উপস্থিত হয়। আৰক্ষীৰ ওচৰত তেওঁ কয় যে, পত্নী আৰু প্ৰেমিকক তেওঁ হত্যা কৰিছে। যেতিয়া আৰক্ষীয়ে তেওঁৰ মোনাটো পৰীক্ষা কৰে তেতিয়া আচৰিত হৈ পৰে। কিয়নো সেই মোনাটোত আছিল তেজেৰ লুতুৰী-পুতুৰী দুটা কটা মূৰ।

এই ঘটনাৰ পাছতে আৰক্ষীয়ে কটা মূৰ দুটা জব্দ কৰে। ইফালে ঘটনাস্থলীলৈ গৈ আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য জানিব পৰা যাব।

 

অন্য খবৰ পঢ়কঃ ছিপাঝাৰৰ ভয়ংকৰ ঘটনাৰ পৰা নেপালৰ নতুন প্ৰধানমন্ত্ৰীলৈ, পুৱাৰ খবৰসমূহ…