শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছিপাঝাৰৰ ভয়ংকৰ ঘটনাৰ পৰা নেপালৰ নতুন প্ৰধানমন্ত্ৰীলৈ, পুৱাৰ খবৰসমূহ…

Morning news: ১৩ ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰোপৰি তেওঁ মণিপুৰ ভ্ৰমণ কৰিব। গোষ্ঠীগত সংঘৰ্ষৰ পাছত মোদীৰ এয়া প্ৰথম মণিপুৰ ভ্ৰমণ।

ছিপাঝাৰৰ ভয়ংকৰ ঘটনাৰ পৰা নেপালৰ নতুন প্ৰধানমন্ত্ৰীলৈ, পুৱাৰ খবৰসমূহ…
পুৱাৰ মুখ্য খবৰ
barasha-sarma
Barasha Sarma | Published: 12 Sep 2025 07:11 AM

আজি ১২ ছেপ্টেম্বৰ, ২০২৫। প্ৰতিটো দিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হয়। কিন্তু ব্যস্ত জীৱনত সকলো দিশৰ ওপৰত খবৰ ৰখা সহজ নহয়। কিন্তু কিছুমান ঘটনা বা বিষয় সন্দৰ্ভত জ্ঞাত হোৱা প্ৰয়োজন। এই লেখাটোত এনে কেইটামান খবৰ উল্লেখ কৰা হ’ল যিয়ে আপোনাক আমাৰ চৌদিশে চলি থকা খবৰসমূহৰ ওপৰত কিছু ধাৰণা দিব-

    1. আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি। এই উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ আদিত নাম-কীৰ্তনৰ আয়োজন কৰা হৈছে। মহাপুৰুষজনাক স্মৰণ কৰি আজি হৰিনামেৰে মুখৰিত হ’ব ৰাজ্যৰ চৌদিশ।
    2. SIT ৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। তেওঁ কয় যে, সকলো অভিযোগ আৰু বিষয় এতিয়া আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব। SIT ৰ প্ৰতিবেদন খন কৰা হ’ব ৰাজহুৱা। যাৰ পত্নী পুত্ৰৰ ওপৰত নিয়ন্ত্ৰন নাই তেওঁ কেনেদৰে ৰাইজৰ সেৱা কৰিব বুলি কয় শৰ্মাই।
    3. ১৩ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া এই ভ্ৰমণসূচীত মোদীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
    4. ছিপাঝাৰৰ নাৰিকলিত শিহৰণকাৰী ঘটনা। নৃশংস হত্যাৰ বলি একেটা পৰিয়ালৰ তিনিজন। বুধবাৰে সন্ধিয়া ভাগত সংঘটিত হয় এই ঘটনা। পত্নী-পুত্ৰৰ মৃতদেহ কোঠাৰ মজিয়াত আৰু স্বামী দীপক নাথৰ মৃতদেহ চোতালত উদ্ধাৰ হয়। কোনে কি কাৰণে এই কাণ্ড সংঘটিত কৰিলে জানিব পৰা হোৱা নাই।
    5. অৱশেষত মণিপুৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৩ ছেপ্টেম্বৰত মোদীৰ এই ভ্ৰমণ। এই সময়চোৱাত তেওঁ ৰাজ্যখনৰ বাবে প্ৰায় ৮,৫০০ কোটি টকাৰ বিভিন্ন প্ৰকল্প উদঘাটন কৰিব। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি গোষ্ঠীগত সংঘৰ্ষৰে জৰ্জৰিত হৈ আছে মণিপুৰ।
    6. দেশৰ বিভিন্ন প্ৰান্ত এতিয়া বানৰ কবলত। ইয়াৰ মাজতে এতিয়া প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। বানাক্ৰান্ত অঞ্চলসমূহৰ কাম-কাজত বিভিন্ন মন্ত্ৰীক নিয়োজিত কৰিছে। বানাগ্ৰস্তসকলে যাতে সকলো সুবিধা লাভ কৰে তাৰ প্ৰতি নজৰ ৰাখিবলৈ কয় মোদীয়ে।
    7. নেপালে লাভ কৰিলে প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। নেপালৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব দেশখনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে তেওঁক শপত গ্ৰহণ কৰাব।
    8. ইজৰাইলৰ আক্ৰমণৰ পাছতে দোহাত উপস্থিত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। তেওঁ এই আক্ৰমণক বৰ্বৰ ঘটনা বুলি অভিহিত কৰাৰ লগতে কয় যে, পাকিস্তানৰ সমৰ্থন সদায় কাটাৰৰ লগত থাকিব।

 

অন্য খবৰ পঢ়কঃ আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি, হৰিনামেৰে মুখৰিত হ’ব ৰাজ্যৰ চৌদিশ…