শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গণিব নোৱাৰা অৱস্থা! কৃষকৰ একাউন্টত সোমাল ১০লাখ কোটিতকৈ অধিক টকা…

হঠাতে যদি আপোনাৰ বেংক একাউন্টত গণিব নোৱাৰা ধনৰাশি দেখা পাই তেতিয়া কি কৰিব? শেহতীয়াকৈ এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এজন লোকৰ একাউন্টত সোমাল গণিব নোৱাৰা ধনৰাশি।

গণিব নোৱাৰা অৱস্থা! কৃষকৰ একাউন্টত সোমাল ১০লাখ কোটিতকৈ অধিক টকা…
প্ৰতীকী ফটো
barasha-sarma
Barasha Sarma | Published: 07 Aug 2025 15:25 PM

টকা কাকনো নালাগে! টকা উপাৰ্জনৰ বাবেই মানুহে দিন ৰাতি কষ্ট কৰে, যাতে নিজৰ লগতে পৰিয়ালো ভালদৰে পোহপাল দিব পাৰে। কিন্তু ভাবকচোন, আপুনি বেংকৰ একাউন্ট চেক কৰি আছে আৰু হঠাতে দেখিছে আপোনাৰ একাউন্টত টকাই টকা। এই টকাৰ পৰিমাণ ইমানেই যে গণিব পৰা নাই আপুনি। এই কথা শুনি আচৰিত লাগিলেও শেহতীয়াকৈ এক ঘটনা পোহৰলৈ আহিছে য’ত এজন লোকৰ একাউন্টক বিপুল পৰিমাণৰ টকা সোমায়। একাউন্টত ধনৰাশি ৩৭টা সংখ্যাত দেখা পাই লোকজনে। ইয়াকে দেখি আচৰিত হৈ পৰে তেওঁ।

ইমান টকা ক’ৰ পৰা আহিল ক’ব পৰা নাছিল যুৱকজনে। লগে লগে তেওঁ বেংকলৈ গৈ বিষয়টো অৱগত কৰে আৰু তাৰ পাছত তেওঁৰ একাউন্ট ফ্ৰীজ হৈ পৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰত। ঘটনা সন্দৰ্ভত বিনয় পাণ্ডে জনোৱা মতে, তেওঁ একাউন্টতত টকা দেখি আচৰিত হৈ পৰিছিল। যাৰ পাছত তেওঁ বেংকৰ কাষ চাপিছিল।

তেওঁ কয় যে, মই খেতি কৰো। মোৰ বেংক একাউণ্ট কোটক মহিন্দ্ৰা বেংকৰ শোনিপাট শাখাত আছে। এয়া মোৰ টকা নহয়। গতিকে ইয়াৰ ওপৰত মোৰ অধিকাৰ নাইয মোৰ বেংক একাউণ্টত দেখুওৱা ধনৰাশিৰ পৰিমাণ হ’ল- ১০,০১,৩৫,৬০,০০,০০,০০,০০,০০,০১,০০,২৩,৫৬,০০,০০,০৯,৮২,০২৪ টকা। উল্লেখ কৰা প্ৰয়োজন যে, এই পৰিমাণ ১০ লাখ কোটিতকৈ অধিক। এই ঘটনাৰ বিষয়ে আয়কৰ বিভাগৰ লগতে অন্য বিভাগসমূহক দিয়া হৈছে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

অৱশ্যে এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্ব, গ্ৰেটাৰ নয়দাৰ দীপক নামৰ এজন ব্যক্তিৰ একাউণ্টত বেংকৰ বেলেঞ্চ ৩৭ অংকত দেখা গৈছিল। যোৱা ৫ আগষ্টত ডাংকাউৰ থানা এলেকাৰ উঞ্চি ডাংকাউৰ স্থানীয় অঞ্চলৰ বাসিন্দা ২০ বছৰীয়া যুৱকজনৰ একাউণ্টলৈ হঠাৎ ১ বিলিয়ন ১৩ লাখ ৫৫ হাজাৰ কোটি টকা আহিছিল। যাৰ বাবে তেওঁ কিছুদিনৰ বাবে বিশ্বৰ ধনী ব্যক্তিৰ ভিতৰত এজন হৈ পৰিছিল।

বেংকৰ বিষয়া আচৰিত

এই ধন ৰাশি দেখি বেংকৰ একাংশ বিষয়াও আচৰিত হৈ পৰিছিল। কিয়নো কিছুমান দেশৰ জিডিপিও ইয়াতকৈ কম। এই ধনৰাশি কোটক মহিন্দ্ৰা বেংকৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছিল। কিন্তু যেতিয়া বেংকৰ বিষয়াসকলে ৩৬ অংকৰ ধনৰাশি দেখে তেতিয়া আচৰিত হৈ পৰে। ইয়াৰ পাছত তেওঁৰ বেংক একাউন্টটো ফ্ৰীজ কৰা হয়। বৰ্তমান বিষয়টো সন্দৰ্ভত তদন্ত চলি আছে। এয়া কাৰিকৰী ভুল নে কোনো জালিয়াতি সেয়া তদন্তৰ অন্তত পোহৰলৈ আহিব।

বিহাৰৰ জামুইত এজন শ্ৰমিক হৈ পৰে কোটিপতি

ইয়াৰ পূৰ্বেও বিহাৰৰ জামুইৰ পৰাও একে ধৰণৰ খবৰ পোৱা গৈছিল। এই অঞ্চলত বাস কৰা এজন শ্ৰমিকে লাভ কৰিছিল ১০ ট্ৰিলিয়ন, এক কোটি ৩৫ লাখ ৬ হাজাৰ টকা। ইমান টকা দেখি তেওঁ স্তম্ভিত হৈ পৰিছিল। পাছত তেওঁৰ একাউন্টোও বেংকে ফ্ৰীজ কৰি পেলায়।

 

 

অন্য খবৰ পঢ়কঃ জম্মু-কাশ্মীৰঃ দ’ খাৱৈত বাগৰি পৰিল CRPF ৰ জোৱান কঢ়িয়াই নিয়া বাহন, মৃত্যু ৩ জনৰ, আহত বহুতো…