শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানক আন এক মোক্ষম আঘাত ভাৰতৰ! সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ল সামগ্ৰীৰ আমদানি প্ৰক্ৰিয়া

পাকিস্তানৰ লগত চলি থকা উত্তেজনাৰ মাজতে ভাৰত চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। পাকিস্তানৰ পৰা অহা সকলো ধৰণৰ সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ আমদানি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰত চৰকাৰে।

পাকিস্তানক আন এক মোক্ষম আঘাত ভাৰতৰ! সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ল সামগ্ৰীৰ আমদানি প্ৰক্ৰিয়া
ভাৰত-পাকিস্তানImage Credit source: Getty images
trishna-kalita
Trishna Kalita | Updated On: 03 May 2025 13:25 PM

পাকিস্তানৰ ওপৰত আন এক প্ৰত্যক্ষ আঘাট ভাৰতৰ। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ল বাণিজ্যিক আমদানি প্ৰক্ৰিয়া। পাকিস্তানৰ পৰা পোনপটীয়াকৈ বা যিকোনো প্ৰকাৰে অহা সকলো ধৰণৰ সামগ্ৰী তাৎক্ষণিক কাৰ্যকৰীভাৱে আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰত চৰকাৰে।  ২ মে’ত বাণিজ্য মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই সিদ্ধান্ত বৈদেশিক বাণিজ্য নীতি( Foreign Trade Policy) FTP 2023 ত সংশোধনৰ জৰিয়তে লোৱা হৈছে।এই নিষেধাজ্ঞাৰ অধীনত এতিয়া পাকিস্তানৰ পৰা অহা যিকোনো সামগ্ৰীৰ সকলো আমদানি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব, সেয়া প্ৰত্যক্ষ আমদানি হওক বা পৰোক্ষভাৱে তৃতীয় দেশৰ জৰিয়তে হওক। এই নিষেধাজ্ঞা ২০২৩ চনৰ বৈদেশিক বাণিজ্য নীতিত নতুন ব্যৱস্থা হিচাপে সংযোজন কৰা হৈছে।

বৈদেশিক বাণিজ্য সঞ্চালকালয়ে (DGFT)  এই অধিসূচনাযোগে স্পষ্ট কৰি দিছে যে, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাজহুৱা নীতিৰ স্বাৰ্থত লোৱা হৈছে এই সিদ্ধান্ত । FTP ত যোগ কৰা নতুন সংযোজন “পাকিস্তানৰ পৰা আমদানিৰ ওপৰত নিষেধাজ্ঞা”ৰ অধীনত উল্লেখ কৰা হৈছে।

পাকিস্তানত উৎপাদন হোৱা বা ৰপ্তানি কৰা সকলো সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমদানি বা ট্ৰেনজিট, সেয়া মুক্তভাৱে আমদানিযোগ্য হওক বা অন্য কোনো নিয়মৰ অধীনত অনুমোদিত হওক, পৰৱৰ্তী অৰ্ডাৰ নোহোৱালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞাত যিকোনো শিথিলতা ভাৰত চৰকাৰৰ বিশেষ অনুমোদনৰ পিছতহে দিয়া হ’ব। ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত লোৱা হৈছে এই সিদ্ধান্ত। য’ত ২৬ জন নিৰীহ লোক নিহত হৈছিল, ইয়াৰে অধিকাংশই পৰ্যটক আছিল।

২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ইফালে এই আক্ৰমণত ২৬ জন নিৰীহ সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ভাৰতে কূটনৈতিক আৰু অৰ্থনৈতিক দিশত পাকিস্তানক বিপদত পেলাবলৈ আৰম্ভ কৰাৰ সময়তে এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহানুভূতি লাভ কৰাৰ চেষ্টা কৰিছে পাকিস্তানে।

ভাৰতে সিন্ধু জল চুক্তি আৰু নিষেধাজ্ঞামূলক ব্যৱস্থাৰ ওপৰত পুনৰ বিবেচনা কৰাৰ কথা ঘোষণা কৰাৰ পিছত পাকিস্তানী নেতাসকলে প্ৰথমে আগ্ৰাসী বক্তব্য আগবঢ়ায়, কিন্তু যেতিয়া সেই নীতি কামত নাহিল তেতিয়া তেওঁলোকে পশ্চিমীয়া দেশসমূহৰ ফালে চালে। ইয়াৰ পিছতো যেতিয়া ভাৰতৰ কৌশলত কোনো শিথিলতা নাছিল, তেতিয়াও পাকিস্তানে এতিয়া ৰাষ্ট্ৰসংঘৰ দুৱাৰত টুকুৰিয়াইছে। ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত আছিম ইফতিখাৰ আহমেদে ভাৰতৰ এই সিদ্ধান্তক বিশ্ব শান্তি আৰু স্থিতিশীলতাৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰি ভাৰতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু এই বক্তব্য ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগৰ কৌশলৰ অংশ হিচাপে বিবেচনা কৰা হৈছে, যি এতিয়ালৈকে ব্যৰ্থ হৈছে।

ইয়াৰ মাজতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানক উদঙাই দিয়াৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ভাৰতে। শুকুৰবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ইউৰোপীয় ইউনিয়নৰ বৈদেশিক মন্ত্ৰী কাজা কল্লাছৰ সৈতে কথা পাতি পহলগামত পাকিস্তানৰ পৃষ্ঠপোষকতাত থকা সন্ত্ৰাসবাদীয়ে কেনেকৈ নিৰীহ হিন্দুক লক্ষ্য কৰি লৈছিল সেই বিষয়ে অৱগত কৰে। এই আলোচনাত ভাৰতে পাকিস্তানৰ ভূমিকাক প্ৰমাণ কৰাৰ আৰু লগতে পশ্চিমীয়া দেশসমূহৰ পৰাও স্পষ্ট সমৰ্থনৰ আশা প্ৰকাশ কৰে।

এতিয়া কূটনীতিৰ বাহিৰেও ভাৰতে অৰ্থনৈতিক আৰু বাণিজ্যিক ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে। সিন্ধু জল চুক্তিৰ পৰ্যালোচনা, পাকিস্তানৰ পৰা আমদানি নিষেধাজ্ঞা, আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ ভাবমূৰ্তিৰ ওপৰত কঠোৰ অভিযানে দেখুৱাইছে যে ভাৰতে এতিয়া কেৱল সামৰিক কৌশলেৰে নহয়, বহুমুখী কৌশলেৰে সন্ত্ৰাসবাদৰ প্ৰতি প্ৰত্যুত্তৰ জনাইছে।