উদয়পুৰত ফ্ৰান্সৰ যুৱতীৰ সৈতে জঘন্য কাণ্ড, চিকিৎসালয়ত ভৰ্তি…
উদয়পুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী বিদেশী যুৱতীৰ সৈতে জঘন্য কাণ্ড যুৱকৰ। এই কাণ্ডৰ পাছতে এতিয়া বিদেশী পৰ্যটকৰ সুৰক্ষাৰ বিষয়টোৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

ৰাজস্থানৰ পৰ্যটন চহৰ উদয়পুৰৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। এগৰাকী বিদেশী পৰ্যটকৰ লগত সংঘটিত হয় জঘন্য ঘটনা। তথ্য অনুসৰি, এই অঞ্চলটোৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা এগৰাকী ফৰাচী যুৱতীয়ে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পাছতে যুৱতীগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱা হয়। এই ঘটনাৰ পাছতেই বিদেশী পৰ্যটকৰ সুৰক্ষাৰ বিষয়টোৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।
এই ঘটনা সংঘটিত হৈছে বৰগাঁও থানা এলেকাৰ টাইগাৰ হিলত অৱস্থিত “দ্য গ্ৰীক ফৰ্ম কেফে এণ্ড ৰেষ্ট্ৰ'”ত। বৰগাঁও থানাত দাখিল কৰা এজাহাৰ অনুসৰি সোমবাৰে সন্ধিয়া কেফেখনত আয়োজন কৰা এটা পাৰ্টিত অংশগ্ৰহণ কৰিছিল যুৱতীগৰাকীয়ে। কিন্তু পাৰ্টিৰ মাজতে এজন যুৱকে বলপূৰ্বকভাবে যুৱতীগৰাকীক কেফেৰ বাহিৰলৈ টানি আনি ধৰ্ষণ কৰে। এই ঘটনাৰ পাছতে যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু লগে লগে তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয়।
উদয়পুৰৰ জিলা আৰক্ষী অধীক্ষক যোগেশ গোৱালে এই কথা নিশ্চিত কৰি কয় যে ফৰাচী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি কেফেৰ মালিকক জেৰা কৰে। ভুক্তভোগী যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। এতিয়াও যুৱতীগৰাকী ভয় খাই আছে আৰু সেই কাণ্ডৰ পাছত মানসিকভাবে ভাগি পৰিছে। আৰক্ষীয়ে যুৱতীগৰাকীৰ বন্ধুসকলৰ সৈতে কথা পাতি ঘটনাৰ বিষয়ে অধিক তথ্য আহৰণৰ চেষ্টা কৰি আছে।
আৰক্ষী অধীক্ষক গোৱালে লগতে কয় যে অভিযুক্ত যুৱকজনৰ সন্ধান অব্যাহত ৰাখিছে। গোচৰৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে প্ৰতিটো দিশৰ ওপৰত তীক্ষ্ণ তদন্ত কৰি আছে। এই গোচৰৰ অভিযোগ সঁচা প্ৰমাণিত হ’লে আৰক্ষীয়ে দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জনায়। আৰক্ষীয়ে তদন্তৰ সময়ত ঘটনাস্থলীৰ ওচৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে। অভিযুক্ত কোন আছিল, ক’ৰ পৰা কেনেকৈ সেই স্থানলৈ আহিছিল এতিয়ালৈকে জানিব পৰা পোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ কন্যা বুলি লৈছিল দত্তক! ৭ বছৰ পাছত চিকিৎসকৰ জঘন্য কাণ্ড, ভাইৰেল ভিডিঅ’…