কন্যা বুলি লৈছিল দত্তক! ৭ বছৰ পাছত চিকিৎসকৰ জঘন্য কাণ্ড, ভাইৰেল ভিডিঅ’…
এক ভয়ংকৰ ঘটনা। এগৰাকী চিকিৎসকে দত্তক কন্যাৰ সৈতে কৰিলে নৃশংস কাণ্ড। এই ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইফালে ঘটনা সন্দৰ্ভত শিশু কল্যাণ সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

চিকিৎসকসকলক ভগৱানৰ সমতুল্য বুলি কোৱা হয়। কিন্তু এনে এগৰাকী চিকিৎসকে যদি কিছুমান ঘৃণনীয় কাণ্ড কৰে তেন্তে তেনে লোকক ভগৱানৰ সৈতে তুলনা কৰা ভুল নহ’ব জানো। এনে এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে যিয়ে চকু কপালত তুলিব আপোনাৰ। এজন চিকিৎসকে নিজৰ ১০ বছৰীয়া দত্তক কন্যাক নিৰ্মমভাৱে প্ৰহাৰ কৰে। এই ঘটনাৰ ভিডিঅ’ মূহুৰ্ততে সামাজিক মাধ্যমত পোহৰলৈ আহে যিয়ে আচৰিত কৰি তুলিছে সকলোকে। ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে শিশুটিয়ে চিকিৎসকগৰাকীৰ প্ৰহাৰত চিঞৰি চিঞৰি কান্দি আছে।
এই ঘটনা হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাৰ। তথ্য় অনুসৰি, ভাইৰেল হোৱা ভিডিঅ’টো ১৪ জুনৰ। অভিযুক্ত চিকিৎসকজন চণ্ডীগড়ৰ ছেক্টৰ ১৫ ৰ বাসিন্দা। তেওঁ নিজ পত্নী আৰু কন্যাৰ সৈতে কোনো আত্মীয়ৰ ঘৰলৈ আহিছিল। আত্মীয়ৰ ঘৰত থকা অৱস্থাতে অভিযুক্ত চিকিৎসকজনে শিশুটিক নৃশংসভাৱে প্ৰহাৰ কৰে। এই সময়ত ওচৰ চুবুৰীয়াই ইয়াৰ ভিডিঅ’ কৰে যি পৰৱৰ্তী সময়ত ভাইৰেল হয়। এই ভিডিঅ’টোত দেখা যায় যে অভিযুক্ত চিকিৎসকজনে শিশুটিক লাঠীৰে প্ৰহাৰ কৰে।
शिमला में PGI चंडीगढ़ के डॉक्टर ने बेटी से मारपीट की. #shimla #chandigarh pic.twitter.com/GaRnsj63TB
— Vinod Katwal (@Katwal_Vinod) June 21, 2025
ভয়ক কঁপি কান্দি কান্দি শিশুটিয়ে নিজক ৰক্ষা কৰাৰ চেষ্টা কৰিছিল যদিও কোনো লাভ হোৱা নাছিল। অভিযুক্তই শিশুটিক প্ৰহাৰ কৰিয়ে গৈছিল। আচৰিত কথা এয়াই যে, ঘটনাৰ সময়ত কোঠাটোত উপস্থিত আছিল এগৰাকী মহিলা। সন্দেহ কৰা হৈছে, এইগৰাকী শিশুটিৰ দত্তক মাতৃ, যিয়ে সকলো কাণ্ড চাই মনে মনে বহি আছিল। পিছত আন এজন ব্যক্তি কোঠালৈ আহি অভিযুক্তক বাধা দিয়াৰ চেষ্টা কৰে যদিও বিফল হয়।
এই কাণ্ড দেখাৰ লগে লগে স্থানীয় লোকে চাইল্ড হেল্প লাইন নম্বৰত ফোন কৰি গোচৰ ৰুজু কৰে। ঘটনা পোহৰলৈ অহাৰ পাছতে ছিমলা আৰু চণ্ডীগড় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। শিশু কল্যাণ সমিতিয়ে শিশুটিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চিকিৎসক দম্পতীহালক মাতি আনি সমগ্ৰ বিষয়টোৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত অব্যাহত ৰাখিছে। শিশুটিক বৰ্তমান সুৰক্ষাৰ মাজত ৰখা হৈছে। জানিব পৰা মতে, শিশুটিক ৩ বছৰ বয়সত দত্তক লৈছিল দম্পতীহালে
অন্য খবৰ পঢ়কঃ নুমুৱাই দিয়ক আদালতৰ লাইট, আন্ধাৰৰ মাজত শুনানি গ্ৰহণ ন্যায়াধীশৰ, কাৰণ জানিলে হ’ব আচৰিত…