শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিহাৰ নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, ইভিএমত বন্দী হ’ব ১৩০২ জন প্ৰাৰ্থীৰ ভাগ্য

দ্বিতীয় পৰ্যায়ত শান্তিপূৰ্ণ ভোটদানৰ বাবে সকলো প্ৰস্তুতি চলাইছে  নিৰ্বাচন আয়োগে। আন ৰাজ্যৰ সৈতে বিহাৰৰ সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে। সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত বিহাৰ আৰক্ষী হাই এলাৰ্টত আছে।

বিহাৰ নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, ইভিএমত বন্দী হ’ব ১৩০২ জন প্ৰাৰ্থীৰ ভাগ্য
বিহাৰ বিধানসভা নিৰ্বাচনImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 11 Nov 2025 06:54 AM

আজি অনুষ্ঠিত হ’ব বিহাৰ বিধানসভাৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যোৱা ৬ নৱেম্বৰত অনুষ্ঠিত হৈছিল। আজি দ্বিতীয় পৰ্যায়ত ১২২টা সমষ্টিৰ ১৩০২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় ৩.৭ কোটি ভোটাৰে। দ্বিতীয় পৰ্যায়ত শান্তিপূৰ্ণ ভোটদানৰ বাবে সকলো প্ৰস্তুতি চলাইছে  নিৰ্বাচন আয়োগে। আন ৰাজ্যৰ সৈতে বিহাৰৰ সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে। সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত বিহাৰ আৰক্ষী হাই এলাৰ্টত আছে।

দ্বিতীয় পৰ্যায়ত ৪৫,৩৯৯টা কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ’ব, ইয়াৰে ৪০,০৭৩টা গ্ৰাম্য অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ। চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। তথ্য অনুসৰি ৪ লাখৰো অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। সংবেদনশীল আৰু অতি সংবেদনশীল বুথত চি আৰ পি এফ জোৱান মোতায়েন কৰা হৈছে।

আধা ডজনৰো অধিক মন্ত্ৰীৰ ভাগ্য নিৰ্ণয়

বিহাৰ বিধানসভা নিৰ্বাচনৰ এই দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটদানত নীতিশ কুমাৰৰ মন্ত্ৰীসভাৰ আধা ডজনৰো অধিক মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় হ’ব। এই চূড়ান্ত পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া জিলাসমূহৰ ভিতৰত আছে পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, সীতামড়ী, মধুবনী, সুপৌল, অৰৰিয়া আৰু কিছানগঞ্জ। এই জিলাসমূহ নেপালৰ সীমান্তৱৰ্তী।

ভোটগ্ৰহণ হ’বলগীয়া অধিকাংশ জিলা সীমান্ত অঞ্চলত পৰে। জিলাকেইখনত মুছলমান জনসংখ্যা অধিক, সেয়ে এই পৰ্যায়টো শাসকীয় দল আৰু বিৰোধী উভয়ৰে বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত এন ডি এই বাৰে বাৰে অনুপ্ৰৱেশকাৰীৰ প্ৰসঙ্গ উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত এই পৰ্যায়টো হৈ পৰিছে অধিক আকৰ্ষণীয়।

৭.৬৯ লাখ যুৱ ভোটাৰে কৰিব ভোটদান

দ্বিতীয় পৰ্যায়ৰ ৩.৭ কোটি ভোটাৰৰ ভিতৰত মুঠ ১.৭৫ কোটি মহিলা ভোটাৰ। ইয়াৰে ২.২৮ কোটি ভোটাৰৰ বয়স ৩০ৰ পৰা ৬০ বছৰৰ ভিতৰত হোৱাৰ বিপৰীতে ১৮-১৯ বছৰ বয়সৰ যুৱ ভোটাৰৰ সংখ্যা ৭.৬৯ লাখ। নৱাদা জিলাৰ হিছুৱা সমষ্টিত সৰ্বাধিক ভোটাৰৰ সংখ্যা (৩.৬৭ লাখ), আনহাতে লৌৰিয়া, চানপতিয়া, ৰক্সাউল, ত্ৰিভেনিগঞ্জ, সুগাউলি, আৰু বনমাখীত সৰ্বাধিক প্ৰাৰ্থী (২২ জনকৈ) আছে।

প্ৰথম পৰ্যায়ত অভিলেখ

উল্লেখ্য যে যোৱা নৱেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছিল প্ৰথম পৰ্যায়ত মুঠ ১২১খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয় লক্ষণীয়ভাৱে প্ৰথম পৰ্যায়ত ৬৫.০৮ শতাংশ ভোটদানৰ হাৰ পোৱা গৈছে বুলি নির্বাচন আয়োগে আজি প্রকাশ কৰিছিল বিহাৰৰ নিৰ্বাচনী ইতিহাসত এয়া হৈছে সৰ্বাধিক সংখ্যক ভোটদানৰ অভিলেখ