পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰতিশোধ ল’বলৈ বৌয়েকে কাটিলে যুৱকৰ…
আজিকালি প্ৰেমজনিত বিভিন্ন ধৰণৰ ঘটনা পোহৰলৈ অহা দেখা যায়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিব যিয়ে আচৰিত কৰি তুলিব আপোনাক। বিশ্বাসঘাটকতা কৰাৰ পৰিণাম অতি বেয়া।

আজিকালি বিভিন্ন সময়ত পৰকীয়া প্ৰেমৰ ঘটনা পোহৰলৈ আহে। কিন্তু শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত পৰকীয়া প্ৰেমৰ পৰিণাম অতি ভয়ংকৰ হয়। জানিব পৰা মতে, এজন যুৱকৰ বৌয়েকৰ ভনীয়েকৰ সৈতে ৩ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু যুৱকজনে যুৱতীগৰাকীক প্ৰতাৰণা কৰি বিয়া নকৰে বুলি কয়। ইয়াৰ পাছতে বৌয়েকে যুৱকজনৰ গোপন অংগ কাটি দিয়ে।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মাউয়াইম থানা ক্ষেত্ৰৰ মলখানপুৰত। এই অঞ্চলটোৰ বাসিন্দা ৰাম আছৰেৰ ৫ জন পুত্ৰ আছিল। তেওঁৰ দ্বিতীয় পুত্ৰ উজয় কুমাৰে চাৰি বছৰ পূৰ্বে মঞ্জুৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ইয়াৰ পাছত প্ৰায় ৩ বছৰ পূৰ্বে উদয়ৰ সৰু ভায়েক উমেশ আৰু বৌয়েকৰ ভনীয়েকৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয়। উমেশে যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল।
সকলো ঠিকে চলি আছিল। কিন্তু প্ৰায় ৩ মাহ আগতে যুৱকজনে যুৱতীগৰাকীক বিয়া কৰিবলৈ অস্বীকাৰ কৰে। যুৱকজনে অন্য এগৰাকী যুৱতীক বিয়া কৰাব বুলি কয়। ইফালে প্ৰেমত প্ৰতাৰিত হৈ ভাগি পৰে যুৱতীগৰাকী।
ভনীয়েকৰ অৱস্থা দেখি বায়েক অৰ্থাৎ যুৱকজনৰ বৌয়েকে প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰে। ১৬ অক্টোবৰৰ নিশা বৌয়েকে দেওৰেকৰ লগত সংঘটিত কৰে এক ভয়ংকৰ কাণ্ড। মাজনিশা প্ৰায় ১২ মান বজাত দেওৰেকৰ কোঠাত প্ৰৱেশ কৰে আৰু ৪ বাৰকৈ আঘাত কৰি যুৱকজনৰ ব্যক্তিগত অংগ কাটি পেলায়। তাৰ পাছতে বৌয়েকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইফালে বিষত যুৱকজনে ছটফটাবলৈ আৰম্ভ কৰে আৰু লগে লগে পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰায় ডেৰ ঘণ্টা ধৰি চলা অপাৰেচনৰ অন্তত উমেশৰ জীৱন ৰক্ষা পৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ দেৱালীৰ দিনটোত হ্ৰাস পালে দাম! আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান, জানক…