শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! নিহত ৪, আহত ৮ জন শ্ৰমিক…

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মৃত লোকসকলৰ মৃতদেহ চাৰিওফালে সিঁচৰিত হৈ পৰে। বিস্ফোৰণৰ সময়ত অগ্নিদগ্ধ হোৱা লোকসকলে প্ৰাণৰ বাবে কাতৰ অনুৰোধ জনাইছিল।

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! নিহত ৪, আহত ৮ জন শ্ৰমিক…
ফটকা কাৰখানাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Jun 2025 19:06 PM

ফটকা কাৰখানত বিস্ফোৰণ হৈ মৃত্যুক সাৱতি লয় কেইবাজন লোকে। বিস্ফোৰণত চাৰিগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে ৮ গৰাকীকৈ মহিলা শ্ৰমিক আৰু এজন পুৰুষ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ এটা ফটকা কাৰখানাত।  ঘটনা সংঘটিত হোৱাৰ লগে লগে এম আৰু এছ পিৰ সৈতে সমগ্ৰ প্ৰশাসনিক কৰ্মচাৰীয়ে সেই স্থানত উপস্থিত হয়। দুৰ্ঘটনাত মৃত্যু হোৱা সকলৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক হাস্পাতালত ভৰ্তি কৰে। মৃত্যু হোৱা সকলৰ মতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে, সোমবাৰে ৰাজপুৰ আৰক্ষী থানা এলেকাৰ আত্ৰাছি গাঁৱৰ সমীপৰ এটা ফটকা কাৰখানাত এই দুৰ্ঘটনা সংঘটিত হয়। এই কাৰখানাটোত ১৫ জনতকৈ অধিক মহিলা আৰু পুৰুষ শ্ৰমিকে ফটকা পেকিঙৰ কাম কৰি আছিল। কিন্তু ইয়াৰ মাজত হঠাতে ফটকা বিস্ফোৰণ সংঘটিত হয়। যাৰ ফলত মহিলা শ্ৰমিকৰ চাৰিগৰাকীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন ৮ গৰাকী মহিলা শ্ৰমিক আৰু এজন লোক গুৰুতৰভাৱে জ্বলি যায়।

এই ঘটনাৰ পাছতে অঞ্চলটোক লোকসকল আতংকিত হৈ পৰে।  দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মৃত লোকসকলৰ মৃতদেহ চাৰিওফালে সিঁচৰিত হৈ পৰে। বিস্ফোৰণৰ সময়ত অগ্নিদগ্ধ হোৱা লোকসকলে প্ৰাণৰ বাবে কাতৰ অনুৰোধ জনাইছিল। কিন্তু তেওঁলোকক ৰক্ষা কৰিব পৰা নগল। ঘটনাৰ পাছতে আৰক্ষী-প্ৰশাসনৰ বিষয়াসকলে কোনো পলম নকৰাকৈ গুৰুতৰভাৱে আহত মহিলা শ্ৰমিকসকলক জিলা চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰে। আহত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

দিল্লী-এনচিআৰ অঞ্চলৰ ফটকা কাৰখানা বন্ধ হোৱাৰ পিছত আমৰোহা জিলাৰ বিভিন্ন স্থানত কেইবাটা ফটকা কাৰখানা নিৰ্মাণ হৈছে। অভিযোগ অনুসৰি, দিল্লী-এনচিআৰত ফটকা নিষিদ্ধ কৰাৰ সময়ত ফটকা কাৰখানাৰ মালিকসকলে এনচিআৰত থকা জিলাসমূহৰ পৰা চুবুৰীয়া জিলালৈ নিজৰ কাৰখানা স্থানান্তৰিত কৰে। তেনেস্থলত বহু স্থানত এতিয়াও ফটকা নিৰ্মাণৰ কাম চলি আছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান চলি আছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ ইজৰাইল-ইৰাণৰ যুদ্ধৰ মাজতে ভাৰতে দেখুৱালে শক্তি! এছিয়াত নতুন যুদ্ধৰ উকমুকনি…