শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এতিয়াৰে পৰা EVM বেলটত থাকিব প্ৰাৰ্থীৰ ৰঙীণ স্পষ্ট ফটো, বিহাৰৰ পৰাই হ’ব আৰম্ভণি

প্ৰথমবাৰৰ বাবে EVM ত প্ৰাৰ্থীৰ ৰঙীণ ফটো প্ৰদৰ্শন কৰা হ’ব। ক্ৰমিক নম্বৰসমূহো অধিক স্পষ্টভাৱে প্ৰদৰ্শিত হ’ব। EVM বেলট পেপাৰৰ নিৰ্দেশনাৱলী সংশোধন কৰিছে নিৰ্বাচন আয়োগে।

এতিয়াৰে পৰা EVM বেলটত থাকিব প্ৰাৰ্থীৰ ৰঙীণ স্পষ্ট ফটো, বিহাৰৰ পৰাই হ’ব আৰম্ভণি
ইভিএম বেলটত ব্যৱহাৰ হ'ব প্ৰাৰ্থীৰ ৰঙীণ ফটোImage Credit source: Sunil Ghosh/HT via Getty Images
raj-saikia
Raj Saikia | Updated On: 17 Sep 2025 18:01 PM

দেশৰ নিৰ্বাচন আয়োগে ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) সম্পৰ্কে শেহতীয়াভাৱে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰী কৰিছে। এই নিৰ্দেশনা বিহাৰৰ নিৰ্বাচনৰ পৰা কাৰ্যকৰী হ’ব। EVMত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হ’ব প্ৰাৰ্থীৰ ৰঙীণ ফটো। ক্ৰমিং সংখ্যাও এতিয়া পূৰ্বতকৈ অধিক স্পষ্টভাৱে দেখা যাব। নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক স্বচ্ছ কৰা আৰু ভোটাৰৰ সুবিধা বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

নিৰ্বাচন আয়োগে নিৰ্বাচন পৰিচালনা অধিনিয়ম ১৯৬১ ৰ ৪৯ সংখ্যক নিৰ্দেশনা অনুসৰি বৰ্তমানৰ ব্যৱস্থাক সংশোধন কৰিছে। গাইডলাইনৰ সংশোধনৰ পাছত এতিয়াৰে পৰা EVM বেলটত প্ৰাৰ্থীৰ ৰঙীণ ছবি প্ৰতিফলিত হ’ব। ফটোখনৰ তিনি চতুৰ্থাংশত প্ৰাৰ্থীৰ মুখখন থাকিব, যাৰ ফলত ফটোখন স্পষ্ট হ’ব। প্ৰাৰ্থী/NOTA ক্ৰমিক নম্বৰ আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় সংখ্যাত ছপা কৰা হ’ব। ফন্টৰ আকাৰ ৩০ আৰু গাঢ় ৰঙৰ হ’ব।

ইয়াৰ আৰম্ভণি হ’ব বিহাৰত

সকলো প্ৰাৰ্থীৰ নাম/NOTA সহজ পঠনযোগ্যতাৰ বাবে একে ফন্ট প্ৰকাৰ আৰু ফন্ট আকাৰত প্ৰিন্ট কৰা হ’ব। EVMৰ বেলট পেপাৰ ছপা কৰা হ’ব ৭০খন GSM শ্বীটত। বিধানসভা নিৰ্বাচনৰ বাবে আৰজিবি মান থকা গোলাপী কাগজ ব্যৱহাৰ কৰা হ’ব। আগন্তুক নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব উন্নীতকৃত EVM বেলট পেপাৰ। এই কাম আৰম্ভ হ’ব বিহাৰ নিৰ্বাচনৰ পৰা।

নিৰ্দেশনাত কি কি উল্লেখ আছে?

১. নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিনিয়ম ১৯৬১ ৰ বিধি ৪৯ ‘খ’ৰ অধীনত বৰ্তমানৰ ব্যৱস্থাক সংশোধন কৰি EVM বেলট পেপাৰক অধিক স্পষ্ট আৰু পঠনযোগ্য কৰি তুলিব।

২. নিৰ্বাচনী প্ৰক্ৰিয়াক ভোটাৰৰ বাবে অধিক সুবিধাজনক কৰি তোলাৰ বাবে যোৱা ছমাহ ধৰি নিৰ্বাচন আয়োগে গ্ৰহণ কৰা ২৮ টা পদক্ষেপৰ ভিতৰত ই অন্যতম।

৩. এতিয়াৰে পৰা EVM বেলটত প্ৰাৰ্থীৰ ৰঙীণ ফটো প্ৰকাশ কৰা হ’ব। ফটোখনৰ তিনি-চতুৰ্থাংশত প্ৰাৰ্থীৰ মুখখন প্ৰতিফলিত হ’ব, যাতে ভোটাৰে সহজে চিনি পায়।

৪. প্ৰাৰ্থী/NOTA ৰ ক্ৰমিক নং আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় সংখ্যাত ছপা কৰা হ’ব। ইয়াৰ ফ্ৰণ্ট ৩০ আৰু গাঢ় হ’ব।

৫. ইউনিফৰ্মিটি নিশ্চিত কৰাৰ বাবে সকলো প্ৰাৰ্থীৰ নাম/NOTA একেটা ফ্ৰণ্টত ছপা কৰা হ’ব আৰু ফ্ৰণ্টৰ আকাৰ বুজিব পৰা হ’ব।

৬. EVM বেলট পেপাৰসমূহ ৭০ GSM পেপাৰত ছপা হ’ব। বিধানসভা নিৰ্বাচনৰ বাবে গোলাপী কাগজত বিশেষ আৰজিবি মানৰ সৈতে প্ৰকাশ পাব।

৭. এই নতুন EVM বেলট আগন্তুক বিহাৰ নিৰ্বাচনৰ পৰা আৰম্ভ কৰা হ’ব।