পৰিচয় দিছিল তৃতীয় লিংগৰ বুলি আৰু পাছত…চৰকাৰী চিকিৎসকৰ কাণ্ড শুনিলে আচৰিত হ’ব আপুনি…
এজন চিকিৎসকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। পত্নীয়ে কৰা অভিযোগ অনুসৰি তেওঁৰ স্বামীৰ কিছুমান বিষেশ চখ আছে। তেওঁ কিছুমান বিশেষ ভিডিঅ' প্ৰস্তুত কৰে।

আজিকালি সামাজিক মাধ্যমত কি নচলে! ভাল-বেয়া সকলো বিষয়বস্তুৰে পৰিপূৰ্ণ সামাজিক মাধ্যম। শেহতীয়াকৈ এই দিশৰ লগত জড়িত এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, এজন চৰকাৰী চিকিৎসকে তৃতীয় লিংগৰ বুলি পৰিচয় দি অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰে আৰু সেইসমূহ অনলাইনত বিক্ৰী কৰে। আচৰিত কথা এয়াই, চৰকাৰী চিকিৎসকগৰাকীৰ পত্নীয়ে এই অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে, তেওঁৰ স্বামীয়ে নিজকে তৃতীয় লিংগৰ বুলি পৰিচয় দি অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰি অনলাইনত বিক্ৰী কৰে। উত্তৰ প্ৰদেশৰ সন্ত কবীৰ নগৰত সংঘটিত হৈছে এই ঘটনা।
পত্নীয়ে কয় যে, তেওঁ নিজৰ স্বামীক এটা আপত্তিজনক ভিডিঅ’ত এজন পুৰুষৰ সৈতেও দেখা পাইছিল। ঘৰৰ আচবাব, আঙুঠি আদি দেখি তেওঁ গম পাইছিল যে সেয়া তেওঁৰ নিজৰেই ঘৰ। ইয়াৰ পাছতে, ১৮ মে’ত গোৰখপুৰস্থিত তেওঁলোকৰ বাসগৃহত চিম্পি নামৰ মহিলাগৰাকীয়ে স্বামীক এই সন্দৰ্ভত সোধা-পোছা কৰিছিল। কিন্তু তেতিয়া তেওঁ খং কৰিছিল আৰু কাজিয়া মাৰপিটলৈ ৰূপান্তৰিত হৈছিল। ইয়াৰ পাছত মহিলাগৰাকীৰ পিতৃ আৰু ভাতৃয়ে তেওঁক সোধা-পোছা কৰে। এই সমগ্ৰ ঘটনা চিচিটিভিত ৰেকৰ্ড হৈছে।
তথ্য লাভ কৰাৰ পাছতে বিষয়টোক গুৰুত্বসহকাৰে লৈ আৰক্ষীয়ে ডাঃ ডুবেৰ বাসগৃহ ছীল কৰে। ইয়াৰোপৰি উচ্চ পৰ্যায়ৰ বিভাগীয় তদন্ত সমিতি গঠন কৰি ভিডিঅ’টোৰ ফৰেনছিক তদন্ত আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰত বিশ্বাসঘাটকতা, মানসিক হাৰাশাস্তি আৰু শাৰীৰিক অত্যাচাৰৰ দৰে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰা হৈছে।
ইয়াৰ বিপৰীতে এই অভিযোগক ডাঃ ডুবেই এই অভিযোগক মিছা বুলি অভিহিত কৰিছে। তেওঁ দাবী কৰিছে যে, ডিপফেক প্ৰযুক্তি ব্যৱহাৰ কৰি এই ভিডিঅ’ প্ৰস্তুত কৰা হৈছে। তেওঁক বদনাম কৰিবলৈ এই ষড়যন্ত্ৰ ৰচা গৈছে। এই কাণ্ডত পত্নীৰ একাংশ আত্মীয় জড়িত আছে বুলি অভিযোগ উত্থাপন কৰিছে তেওঁ। উল্লেখ্য যে, এই বিষয়টোৱে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাই যে এতিয়া তদন্ত কৰি আছে। ঘটনাটোক প্ৰতিটো দিশৰ পৰা চালিজাৰি চোৱা হৈছে। গতিকে তদন্তৰ অন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব।
অন্য খবৰ পঢ়কঃ মহম্মদ টুফেল কোন? ৬০০ পাকিস্তানীৰ সৈতে আছিল সম্পৰ্ক, শ্বেয়াৰ কৰিছিল ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্য…