শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শ্বোলেৰ ‘জেইলাৰ’ আছৰাণীৰ পাৰিশ্ৰমিক আছিল মাত্ৰ ইমান টকা, জানিলে আচৰিত হ’ব আপুনি

শ্বোলে। এই ছবিৰে জেইলাৰৰ চৰিত্ৰত দেখা গৈছিল আছৰাণীক। এই চৰিত্ৰত তেওঁৰ মুখত শুনা গৈছিল ‘হাম অংগ্ৰেজো কে জমানে কা জেইলাৰ হ্যেই’ নামৰ বিখ্যাত সংলাপটি। মানুহৰ মুখে মুখে সততে শুনা গৈছিল জেইলাৰ চৰিত্ৰৰ এই সংলাপটি। পিছে শ্বোলেৰ এই জেইলাৰ চৰিত্ৰটোৰ বাবে তেওঁ কিমান টকাৰ পাৰিশ্ৰমিক লাভ কৰিছিল?

শ্বোলেৰ ‘জেইলাৰ’ আছৰাণীৰ পাৰিশ্ৰমিক আছিল মাত্ৰ ইমান টকা, জানিলে আচৰিত হ’ব আপুনি
অভিনেতা আছৰাণী
monjit-dutta
Monjit Dutta | Updated On: 24 Oct 2025 16:33 PM

বলীউড ইতিহাসৰে এক সৰ্বশ্ৰেষ্ঠ মছলাধৰ্মী চিনেমা হিচাপে আজিও চৰ্চিত হয় শ্বোলে। ১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি পোৱা এই ছবিখনে ছবি জগতত সৃষ্টি কৰে ধুমুহাৰ। কেৱল হিন্দী চিনেমাৰেই নহয়, সামগ্ৰিকভাৱে ভাৰতীয় চিনেমাৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে শ্বোলেই স্বীকৃতি লাভ কৰিছে। বক্স অফিচত অসংখ্য অভিলেখ ভংগ কৰি শ্বোলেই নতুন অভিলেখৰ সূচনা কৰিছিল। ছবিজগতত নতুনত্বৰ সূচনা কৰা শ্বোল মুক্তিৰ ৫০ বছৰৰ পাছতো এতিয়া দৰ্শকৰ মন জয় কৰি আহিছে।

শ্বোলে ছবিখনৰ প্ৰতিটো চৰিত্ৰই দৰ্শকৰ মাজত লাভ কৰিছিল অত্যন্ত জনপ্ৰিয়তা। প্ৰতিটো চৰিত্ৰকে আদৰি লৈছিল দৰ্শকসকলে। এই ছবিখনৰ জেইলাৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা গোৱধন আছৰাণীয়ে। এই চৰিত্ৰটোক অত্যন্ত প্ৰাণৱন্ত কৰি তুলিছিল অভিনেতাগৰাকীয়ে। লাভ কৰিছিল যথেষ্ট সমাদৰ।

পিছে সমগ্ৰ দেশে দীপাৱলীৰ আনন্দ উদযাপন কৰি থকাৰ সময়তে অকস্মাতে চিৰদিনলৈ চকু মুদে আছৰাণীয়ে। যোৱা ২০ অক্টোবৰত ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। শ্বোলেৰ জেইলাৰ চৰিত্ৰৰ লগতে বহু চৰিত্ৰক প্ৰাণৱন্ত কৰি তোলা অভিনেতা আছৰাণীৰ মৃত্যুৱে সকলোকে শোকাহত কৰি তোলে।

শ্বোলে ছবিত আছৰাণীৰ মাচুল

৫০ বছৰ পূৰ্বে মুক্তি পোৱা শ্বোলেৰ পৰিচালনা কৰিছিল কিংবদন্তি পৰিচালক ৰমেশ চিপ্পীয়ে আৰু প্ৰযোজক আচিল জি.পি. চিপ্পী। ছবিখনৰ কাহিনী ৰচনা কৰিছিল জাভেদ আখতাৰ আৰু চেলিম খানে। অমিতাভ বচ্চনে জয়ৰ চৰিত্ৰত, ধৰ্মেন্দ্ৰই বীৰু, হেমা মালিনীয়ে বসন্তীৰ চৰিত্ৰত, জয়া বচ্চনে ৰাধা, আমজাদ খানে গব্বৰ সিঙৰ চৰিত্ৰত, সঞ্জীৱ কুমাৰে ঠাকুৰ বলদেৱ সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল।

মাত্ৰ ৩ কোটি টকা বাজেটত নিৰ্মিত শ্বোলেই ৩৫ কোটি টকা উপাৰ্জন কৰি ইতিহাস সৃষ্টি কৰিছিল। সেই সময়ৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি আছিল শ্বোলে। এই ছবিৰে জেইলাৰৰ চৰিত্ৰত দেখা গৈছিল আছৰাণীক। এই চৰিত্ৰত তেওঁৰ মুখত শুনা গৈছিল ‘হাম অংগ্ৰেজো কে জমানে কা জেইলাৰ হ্যেই’ নামৰ বিখ্যাত সংলাপটি।

মানুহৰ মুখে মুখে সততে শুনা গৈছিল জেইলাৰ চৰিত্ৰৰ এই সংলাপটি। পিছে শ্বোলেৰ এই জেইলাৰ চৰিত্ৰটোৰ বাবে তেওঁ কিমান টকাৰ পাৰিশ্ৰমিক লাভ কৰিছিল? এই তথ্য জানিলে আচৰিত হ’ব আপুনি। প্ৰকাশিত তথ্য মতে এই ছবিখনৰ বাবে আছৰানীক ১৫,০০০ টকা মাচুল দিয়া হৈছিল, আন অভিনেতাসকলতকৈ এই পাৰিশ্ৰমিক যথেষ্ট কম আছিল।

আন অভিনেতা-অভিনেত্ৰীসকলৰ মাচুল

শ্বোলেৰ বাবে ধৰ্মেন্দ্ৰই সৰ্বাধিক ১.৫ লাখ টকা মাচুল লাভ কৰিছিল বুলি কোৱা হয়। আনহাতে অমিতাভ বচ্চনক ১ লাখ টকা মাচুল দিয়া হৈছিল। সেইদৰে সঞ্জীৱ কুমাৰে ১.২৫ লাখ টকা, হেমা মালিনীয়ে ৭৫ হাজাৰ টকা, জয়া বচ্চনে ৩৫ হাজাৰ আৰু আমজাদ খানে ৫০ হাজাৰ টকা মাচুল লাভ কৰিছিল বুলি তথ্যত প্ৰকাশ।