শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বটলা হাউচৰ পৰা ৰোহিনীলৈ…চাকৰি জীৱনত ৭৫ টা এনকাউণ্টাৰ কৰা কোন এইজন সঞ্জীৱ যাদৱ?

বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে এক এনকাউণ্টাৰত চিগমা এণ্ড কোম্পানী গেঙৰ চাৰিজন মষ্ট ৱাণ্টেড অপৰাধীক হত্যা কৰে। এই এনকাউণ্টাৰত গেংটোৰ নেতা ৰঞ্জন পাঠকো নিহত হয়। এই এনকাউণ্টাৰৰ নেতৃত্বত আছিল ক্ৰাইম ব্ৰাঞ্চৰ ডিচিপি সঞ্জয় যাদৱ, যাক এজন কঠোৰ তথা শক্তিশালী বিষয়া বুলি গণ্য কৰা হয়।

বটলা হাউচৰ পৰা ৰোহিনীলৈ…চাকৰি জীৱনত ৭৫ টা এনকাউণ্টাৰ কৰা কোন এইজন সঞ্জীৱ যাদৱ?
IPS সঞ্জীৱ যাদৱ কোন?
raj-saikia
Raj Saikia | Published: 24 Oct 2025 16:02 PM

“অব তক চপ্পন” ছবিখন চাইছেনে? প্ৰখ্যাত অভিনেতা নানা পাটেকৰ অভিনীত ছবিখনত এজন আৰক্ষী বিষয়াৰ দ্বাৰা সংঘটিত এনকাউণ্টাৰৰ ঘটনাক তুলি ধৰা হৈছিল। বিভিন্ন চিনেমাত আৰক্ষী বিষয়াৰ দ্বাৰা অপৰাধীক এনকাউণ্টাৰ কৰাৰ দৃশ্য় দেখুওৱা হয়। আজি এনে এগৰাকী আৰক্ষী বিষয়াৰ বিষয়ে ক’বলৈ লৈছোঁ, যি চিনেমাত নহয়, বাস্তৱ জীৱনত প্ৰায় ৭৫ টা এনকাউণ্টাৰ কৰিছে।

বৃহস্পতিবাৰে দিল্লী আৰক্ষীয়ে এক এনকাউণ্টাৰত চিগমা এণ্ড কোম্পানী গেঙৰ চাৰিজন মষ্ট ৱাণ্টেড অপৰাধীক হত্যা কৰে। এই এনকাউণ্টাৰত গেংটোৰ নেতা ৰঞ্জন পাঠকো নিহত হয়। আৰক্ষীৰ মতে, আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই গেঙে এক বৃহৎ অপৰাধৰ পৰিকল্পনা কৰিছিল। এই এনকাউণ্টাৰৰ নেতৃত্বত আছিল ক্ৰাইম ব্ৰাঞ্চৰ ডিচিপি সঞ্জয় যাদৱ, যাক এজন কঠোৰ তথা শক্তিশালী বিষয়া বুলি গণ্য কৰা হয়।

ডিচিপি সঞ্জীৱ যাদৱ ভাৰতীয় আৰক্ষী সেৱাৰ অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কেডাৰৰ এজন বিষয়া। নিজৰ চাকৰিৰ কেৰিয়াৰত তেওঁ এনে কেইজনমান বিষয়াৰ ভিতৰত স্থান লাভ কৰিছে যিয়ে বৃহৎ সংখ্যক গুৰুতৰ অপৰাধমূলক আৰু সন্ত্ৰাসবাদ সম্পৰ্কীয় গোচৰৰ তদন্ত কৰিছে। তেওঁৰ নেতৃত্বত ১০০ৰো অধিক সন্ত্ৰাসবাদী আৰু কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।

৭৫ টাতকৈও অধিক এনকাউণ্টাৰ অপাৰেচন

সঞ্জীৱ যাদৱে কেইবা ডজনো এনকাউণ্টাৰৰ নেতৃত্ব দিছে, য’ত ৭৫ জনৰো অধিক সন্ত্ৰাসবাদী আৰু গেংষ্টাৰৰ মৃত্যু হৈছে। ২০০৫ চনৰ দিল্লী ধাৰাবাহিক বিস্ফোৰণৰ গোচৰটো যাদৱৰ নেতৃত্বত এটা দলে সমাধান কৰিছিল। এই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা লস্কৰ-ই-তৈবাৰ পাকিস্তানী সন্ত্ৰাসবাদী আবু হুজাইফা শ্ৰীনগৰত এক এনকাউণ্টাৰত নিহত হয়।

বাটলা হাউচ এনকাউণ্টাৰ

২০০৮ চনত বাটলা হাউছৰ বিতৰ্কিত এনকাউণ্টাৰৰ সময়ত বিশেষ শাখাৰ এচিপি আছিল সঞ্জীৱ যাদৱ। সেই এনকাউণ্টাৰত নিহত হৈছিল কুখ্যাত আতিফ আমিন আৰু ছোটা ছাজিদ।

ডিচিপি সঞ্জীৱ কুমাৰৰ জীৱনৰ পৰা অনুপ্ৰাণিত হৈ ২০১৯ চনত নিৰ্মাণ কৰা হৈছিল বাটলা হাউচ ছবিখন। অভিনেতা জন আব্ৰাহামে ছবিখনত আই পি এছ বিষয়া সঞ্জীৱ কুমাৰ যাদৱৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। সেই সময়ত দিল্লী আৰক্ষীৰ বিশেষ শাখাত থকা সঞ্জীৱ কুমাৰে বাটলা হাউছ এনকাউণ্টাৰৰ নেতৃত্ব দিছিল। দিল্লীৰ জামিয়া নগৰ অঞ্চলত সংঘটিত হয় এই এনকাউণ্টাৰ। সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত আৰক্ষীয়ে অভিযান চলাই গুলীচালনা কৰে। এই এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে শ্বহীদ হয় আৰক্ষী বিষয়া মোহন চান্দ শৰ্মা।

শ্বুটিঙত একাধিক পদক লাভ

সঞ্জীৱ যাদৱ শ্বুটিঙতো এজন পাকৈত খেলুৱৈ। তেওঁ অসংখ্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰিছে। ২০১৯ চনত দক্ষিণ এছিয়ান গেমছত ২৫ মিটাৰ শ্বুটিং ইভেণ্টত ৰূপৰ পদক লাভ কৰিছিল। ইয়াৰ পূৰ্বে জাৰ্মানীত অনুষ্ঠিত হোৱা ৱৰ্ল্ড মাষ্টাৰছ শ্বুটিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।