শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

লালকিল্লাৰ সমীপত ভয়ংকৰ বিস্ফোৰণ: নিহত সংখ্যা ৮ জনলৈ বৃদ্ধি, চাওক প্ৰতিমুহূৰ্তৰ খবৰ Live Updates

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ভয়ংকৰ বিস্ফোৰণ। লালকিল্লাৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ। খবৰ অনুসৰি, এখন গাড়ী বিস্ফোৰণৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে।

Raj Saikia
Raj Saikia | Edited By: Manas Borah | Updated On: 10 Nov 2025 23:31 PM
লালকিল্লাৰ সমীপত ভয়ংকৰ বিস্ফোৰণ: নিহত সংখ্যা ৮ জনলৈ বৃদ্ধি, চাওক প্ৰতিমুহূৰ্তৰ খবৰ Live Updates
দিল্লী বিস্ফোৰণৰ লাইভ আপডেট

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ভয়ংকৰ বিস্ফোৰণ। লালকিল্লাৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ। খবৰ অনুসৰি, এখন গাড়ী বিস্ফোৰণৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। বিস্ফোৰণৰ লগে লগে গাড়ীখনত অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ উপৰিও ওচৰতে থকা আন কেবাখনো বাহনত জুই লাগে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল।

LIVE NEWS & UPDATES

The liveblog has ended.
  • 10 Nov 2025 11:28 PM (IST)

    তদন্ত অব্যাহত ৰাখিছে কেইবাটাও সংস্থাই

    সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত লালকিল্লাৰ সমীপত i20 বাহনত বিস্ফোৰণ সংঘটিত হোৱা স্থানত এন এছ জি, দিল্লী আৰক্ষী, এফ এছ এল আদিকে ধৰি কেইবাটাও সংস্থাই তদন্ত চলাই আছে। বিস্ফোৰণত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হৈছে।

  • 10 Nov 2025 11:22 PM (IST)

    আহতসকলক সাক্ষাৎ কৰে অমিত শ্বাহে

    কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হয় এল এন জে পি হাস্পতালত। বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। ইফালে এন এছ জিৰ দলটোও ঘটনাস্থলীত উপস্থিত হৈছে। এন এছ জিৰ দলৰ সৈতেও উপস্থিত থাকে ফৰেনছিক দলটো।

  • 10 Nov 2025 11:19 PM (IST)

    বিস্ফোৰণত ব্যৱহৃত গাড়ীখনৰ সন্দৰ্ভত ডাঙৰ তথ্য পোহৰলৈ

    দিল্লী বিস্ফোৰণত ব্যৱহৃত i20 গাড়ী সন্দৰ্ভত এক বৃহৎ তথ্য পোহৰলৈ আহিছে। গাড়ীখন আছিল ছলমান নামৰ এজন ব্যক্তিৰ। আৰক্ষীয়ে আটক কৰিছে ছলমানক। জেৰাৰ সময়ত ছলমানে গাড়ীখন বিক্ৰী কৰাৰ কথা প্ৰকাশ কৰে।

  • 10 Nov 2025 10:53 PM (IST)

    উৰাবাতৰি এৰাই চলিবলৈ আহ্বান দিল্লীৰ মুখ্যমন্ত্ৰীৰ

    দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয়, “…এই মৰ্মান্তিক দুৰ্ঘটনাত নিহত আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকল ক্ষিপ্ৰতাৰে আৰোগ্য লাভ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সকলো ধৰণৰ সাহায্য নিশ্চিত কৰা হৈছে। দিল্লী আৰক্ষী, এন এছ জি, এন আই এ, আৰু এফ এছ এলৰ দলসমূহে একত্ৰিত হৈ সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত চলাইছে। সকলো দিল্লীবাসীলৈ আবেদন জনাইছো। উৰাবাতৰি এৰাই চলক আৰু শান্তি বজাই ৰাখক…।”

  • 10 Nov 2025 10:50 PM (IST)

    ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰতিক্ৰিয়া

    ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দিল্লী বিস্ফোৰণৰ সন্দৰ্ভত কয়, “দিল্লীত সংঘটিত হোৱা বিস্ফোৰণত নিহতসকলৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ শীঘ্ৰে আৰোগ্যৰ লাভ কৰাৰ বাবে প্ৰাৰ্থনা কৰিছো।”

  • 10 Nov 2025 10:39 PM (IST)

    Delhi Blast: ঘটনাস্থলীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

    ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ সমীপত বিস্ফোৰণ। ঘটনাস্থলীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত দিল্লীৰ লালকিল্লাৰ সমীপত এখন হুণ্ডাই i20 গাড়ীত বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ বাবে এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

  • 10 Nov 2025 10:17 PM (IST)

    ঘটনাস্থলীৰ শেহতীয়া দৃশ্য

    দিল্লীত বিস্ফোৰণ সংঘটিত হোৱা স্থানত উপস্থিত হৈছে এন এছ জিৰ কমাণ্ডো। দিল্লীৰ লালকিল্লাৰ সমীপৰত সংঘটিত হৈছিল এই ঘটনা। শেহতীয়া পৰিস্থিতি চাওক।

  • 10 Nov 2025 10:14 PM (IST)

    প্ৰতিটো দিশ অনুসন্ধান কৰা উচিতঃ অখিলেশ যাদৱ

    দিল্লী বিস্ফোৰণক লৈ শোক প্ৰকাশ কৰিলে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ এটা পোষ্টত তেওঁ লিখিছে, “দিল্লী বিস্ফোৰণটো অতি দুখজনক আৰু গুৰুতৰ কাণ্ড। ইয়াৰ প্ৰতিটো কোণৰ পৰা তদন্ত কৰা উচিত। দিল্লীত এই বিস্ফোৰণে সৃষ্টি কৰা ভয়ৰ পৰা জনসাধাৰণক মুক্ত কৰিবলৈ তৎকালীনভাৱে নিৰাপত্তাৰ ব্যৱস্থা কৰা উচিত। মৃতকৰ প্ৰতি সমবেদনা আৰু আহতসকলৰ বাবে সম্ভৱপৰ উত্তম চিকিৎসা নিশ্চিত কৰা উচিত।”

  • 10 Nov 2025 09:54 PM (IST)

    প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিক্ৰিয়া

    প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্সৰ এটা পোষ্টত কয়, “দিল্লীত গাড়ী বিস্ফোৰণৰ কাণ্ড অত্যন্ত যন্ত্ৰণাদায়ক আৰু বিৰক্তিকৰ। এই অপৰিসীম শোকৰ মুহূৰ্তত মৃতকৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।”

  • 10 Nov 2025 09:50 PM (IST)

    দিল্লী বিস্ফোৰণত নিহতৰ সংখ্যা ৮জনলৈ বৃদ্ধি

    বিস্ফোৰণৰ পাছতে দিল্লীত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে। এই ভয়ংকৰ বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পোৱাৰ বুলি জানিব পৰা গৈছে। ইপালে LNJP চিকিৎসালয়ত উপস্থিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ।

  • 10 Nov 2025 09:37 PM (IST)

    দিল্লী বিস্ফোৰণৰ সন্দৰ্ভত গৃহমন্ত্ৰীৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

    সূত্ৰ খবৰ অনুসৰি, দিল্লীৰ বিস্ফোৰণৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰীৰ পৰা আপডেট লোৱা বুলি সূত্ৰসমূহে জানিবলৈ দিয়ে।

  • 10 Nov 2025 09:29 PM (IST)

    কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া

    কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “আজি সন্ধিয়া প্ৰায় ৭ বজাত দিল্লীৰ লালকিল্লাৰ সমীপৰ সুভাষ মাৰ্গ ট্ৰেফিক চিগনেলত হুণ্ডাই i20 গাড়ীত বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণত একাংশ পথচাৰী আহত হোৱাৰ লগতে কিছু বাহনৰ ক্ষতিসাধন হয়। প্ৰাথমিক প্ৰতিবেদনত কিছু লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ তথ্য লাভ কৰাৰ ১০ মিনিটৰ ভিতৰতে সেই স্থানত উপস্থিত হয় দিল্লী অপৰাধ শাখা আৰু দিল্লী বিশেষ শাখাৰ দল। এফ এছ এলৰ লগতে এন এছ জি আৰু এন আই এৰ দলে এতিয়া পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে। ওচৰৰ সকলো চিচিটিভি কেমেৰা পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু বিশেষ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতেও কথা পাতিছো। ঘটনাস্থলীত উপস্থিত আছে দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু বিশেষ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া। আমি সকলো সম্ভাৱনাৰ সন্ধান কৰি আছো আৰু সকলো সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এক সম্যক তদন্ত কৰিম। সকলো বিকল্পৰ তৎক্ষণাত তদন্ত কৰা হ’ব আৰু আমি ফলাফলসমূহ জনসাধাৰণৰ আগত দাঙি ধৰিম। অলপ পিছতে ঠাইখনলৈ যাম আৰু লগে লগে চিকিৎসালয়লৈও যাম।”

  • 10 Nov 2025 08:46 PM (IST)

    ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু ফৰেনচিক বিশেষজ্ঞৰ দল

    লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু ফৰেনচিক বিশেষজ্ঞৰ দল। তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে ঘটনাস্থলী। সংগ্ৰহ কৰা হৈছে চিচিটিভি ফুটেজ। দিল্লীৰ আৰক্ষী আয়ুক্ত সতীশ গোলচাই প্ৰকাশ কৰিছে যে ধীৰ গতিত অহা এখন বাহনত সংঘটিত হয় বিস্ফোৰণ।

  • 10 Nov 2025 08:41 PM (IST)

    দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচাৰ প্ৰতিক্ৰিয়া

    দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচাই কয়, “আজি সন্ধিয়া প্ৰায় ৬.৫২ বজাত ৰেড লাইটত এখন লেহেমীয়া গতিৰ বাহন ৰৈ গ’ল। সেই বাহনখনত এটা বিস্ফোৰণ ঘটিল, আৰু বিস্ফোৰণৰ বাবে ওচৰৰ বাহনসমূহো ক্ষতিগ্ৰস্ত হয়। সকলো এজেন্সী, এফ এছ এল, এন আই এ, ইয়াত আছে… কিছু লোকৰ মৃত্যু হৈছে, আৰু কিছুমান লোক এই ঘটনাত আহত হৈছে। পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে। গৃহমন্ত্ৰীয়েও আমাক ফোন কৰিছে, আৰু তথ্য আছে। তথ্যসমূহ তেওঁৰ সৈতে শ্বেয়াৰ কৰা হৈছে।”

  • 10 Nov 2025 08:37 PM (IST)

    দিল্লী আৰক্ষী আয়ুক্তৰ সৈতে বাৰ্তালাপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

    লালকিল্লাৰ বিস্ফোৰণৰ ঘটনাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লী আৰক্ষী আয়ুক্তৰ সৈতে ততাতৈয়াকৈ বাৰ্তালাপ কৰে। এন এছ জি, এন আই এ, আৰু ফৰেনছিক বিভাগৰ দলক ততাতৈয়াকৈ স্থানলৈ প্ৰেৰণ কৰা হয়। দিল্লীৰ ঘটনা সন্দৰ্ভত আই বি সঞ্চালকৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত আছে গৃহমন্ত্ৰীগৰাকীয়ে।

  • 10 Nov 2025 08:31 PM (IST)

    বিস্ফোৰণ সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে দিলে বৰ্ণনা

    দিল্লীৰ লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত আজি সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। এই ঘটনাত বৰ্তমানলৈকে ৮ জনকৈ লোকে প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণ সন্দৰ্ভত এজন প্ৰত্যক্ষদৰ্শীয়ে সংবাদ সংস্থা এএনআইক কয়, “ৰাস্তাত কাৰোবাৰ হাত দেখি আমি একেবাৰে স্তম্ভিত হৈ পৰিলোঁ। শব্দৰে বুজাব নোৱাৰো…”

  • 10 Nov 2025 08:27 PM (IST)

    কোনো সন্ত্ৰাসবাদী সংগঠনে বৰ্তমানলৈকে দায়িত্ব স্বীকাৰ কৰা নাই বিস্ফোৰণৰ

    লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। কিন্তু আজি জম্মু-কাশ্মীৰত বিস্ফোৰক উদ্ধাৰ আৰু গুজৰাটত সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা ঘটনাই এই বিস্ফোৰণৰ ক্ষেত্ৰত সন্দেহ ঘণীভূত কৰিছে। কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণ সংঘটিত কৰাৰো সন্দেহ কৰিছে বহুতেই। কিন্তু বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। কেনেকৈ বিস্ফোৰণ সংঘটিত হ’ল তাৰ অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে।

  • 10 Nov 2025 08:22 PM (IST)

    ঘটনাস্থলীত উপস্থিত চি আৰ পি এফৰ ডিআইজি

    লালকিল্লাৰ সমীপত বিস্ফোৰণ সংঘটিত হোৱাৰ পাচতেই ঘটনাস্থলীত উপস্থিত হৈছে চি আৰ পি এফৰ ডিআইজি কিশোৰ প্ৰসাদ। এই মুহূৰ্তত নিশ্চিতকৈ একো ক’ব পৰা নাযায় বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে।

  • 10 Nov 2025 08:17 PM (IST)

    উত্তৰ প্ৰদেশতো হাই এলাৰ্ট জাৰী

    দিল্লীৰ লালকিল্লা মেট্ৰ’ ষ্টেচনৰ গেট নং ১ৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত সতৰ্ক হৈ পৰিছে উত্তৰ প্ৰদেশ আৰক্ষী। এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উত্তৰ প্ৰদেশৰ এডিজি (আইন শৃংখলা) অমিতাভ যশে কয় যে ডিজিপিয়ে উত্তৰ প্ৰদেশৰ সকলো উচ্চপদস্থ বিষয়াক স্পৰ্শকাতৰ ধৰ্মীয় স্থান, স্পৰ্শকাতৰ জিলা, আৰু সীমান্ত অঞ্চলত নিৰাপত্তা বৃদ্ধিৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। সকলো নিৰাপত্তা সংস্থাকো সতৰ্ক কৰি দিয়া হৈছে। উত্তৰ প্ৰদেশৰ সকলো জিলাৰ আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে। লক্ষ্ণৌৰ পৰা স্পৰ্শকাতৰ অঞ্চলত টহল আৰু চেক পোষ্টৰ সংখ্যা বৃদ্ধিৰ নিৰ্দেশ জাৰি কৰা হয়।

  • 10 Nov 2025 08:13 PM (IST)

    বৰ্তমানলৈকে আঠজনৰ মৃত্যু

    লালকিল্লাৰ সমীপত সংঘটিত  বিস্ফোৰণৰ ঘটনাত বৰ্তমানলৈকে ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। বিস্ফোৰণথলীৰ পৰা ১৫ জন লোকক লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও তাতেই ৮ জনে প্ৰাণ হেৰুৱায়।

  • 10 Nov 2025 08:10 PM (IST)

    সমগ্ৰ দিল্লীত হাই এলাৰ্ট জাৰী

    এই বিস্ফোৰণৰ পাচতেই সমগ্ৰ দিল্লীত হাই এলাৰ্ট জাৰী কৰা হৈছে। আজি আৰক্ষীয়ে জম্মু-কাশ্মীৰত বুজন পৰিমাণৰ বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল দুজন চিকিৎসকক। পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে ভাৰতত কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলি চোৰাংচোৱাই তথ্য লাভ কৰিছিল। তাৰ পাছতেই অভিযানত জব্দ হয় এই বিস্ফোৰকসমূহ। কিন্তু তাৰ পাছতো অতি  সুৰক্ষিত লালকিল্লাৰ সমীপত এই বিস্ফোৰণ সংঘটিত হোৱা ঘটনাই উদ্বেগ সৃষ্টি কৰিছে।

  • 10 Nov 2025 08:07 PM (IST)

    মুহূৰ্ততে জ্বলিল কেবাখনো বাহন

    বিস্ফোৰণৰ পাছতেই কেবাখনো বাহনত জুই লাগে। তথ্য অনুসৰি লালাকিল্লা মেট্ৰ’ৰ ১ নং গেটৰ সমীপত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি বিস্ফোৰণৰ কিছু সময় পূৰ্বে আহিছিল এটা ফোনকল। য’ত এই বিস্ফোৰণৰ কথা কোৱা হৈছিল।

    সন্ধিয়া প্ৰায় বহু সংখ্যক লোকে অঞ্চলটোত ভিৰ কৰে। গাড়ীখনত চিএনজি লিক হোৱাৰ ফলত নে আন কিবা কাৰণত বিস্ফোৰণ ঘটিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ বিষয়াসকল। সকলো দিশৰ পৰা তদন্ত চলি আছে বুলি জানিব পৰা গৈছে।

Published On - Nov 10,2025 8:00 PM