শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

‘এনে শাস্তি দিয়া হ’ব যে…..’, দিল্লী বিস্ফোৰণৰ ‘দোষী’লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সকীয়নি

চৰকাৰৰ এই আনুষ্ঠানিক ঘোষণাৰ পিছত এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি তীব্ৰ হুংকাৰ প্ৰদান কৰিছে। দিল্লী বিস্ফোৰণৰ দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি হুংকাৰ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

‘এনে শাস্তি দিয়া হ’ব যে…..’, দিল্লী বিস্ফোৰণৰ ‘দোষী’লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সকীয়নি
গৃহমন্ত্ৰী অমিত শ্বাহ
monjit-dutta
Monjit Dutta | Updated On: 13 Nov 2025 22:30 PM

যোৱা সোমবাৰে দিল্লীৰ লাল কিল্লাৰ সমীপতে সংঘটিত হোৱা ভয়াৱহ বিস্ফোৰণ সন্দৰ্ভত অব্যাহত আছে তদন্ত। এই দিল্লী বিস্ফোৰণক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদী কাণ্ড বুলি ঘোষণা কৰিছে। চৰকাৰৰ এই আনুষ্ঠানিক ঘোষণাৰ পিছত এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি তীব্ৰ হুংকাৰ প্ৰদান কৰিছে। দিল্লী বিস্ফোৰণৰ দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি হুংকাৰ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহৰ স্পষ্ট সকীয়নি, এই শাস্তিয়ে পৃথিৱীলৈ এনে এক বাৰ্তা প্ৰেৰণ কৰিব যে কোনেও পুনৰ এনে আক্ৰমণ চলাবলৈ সাহস নকৰিব।

দিল্লী বিস্ফোৰণৰ দোষীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব বুলিও স্পষ্ট কৰি দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লক্ষণীয়ভাৱে দিল্লী বিস্ফোৰণৰ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে নতুন নতুন তথ্য পোহৰলৈ আহিছে। এই বিস্ফোৰণৰ মেৱাটৰ সৈতে সম্পৰ্ক থাকিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

অবৈধ খননত ব্যৱহৃত এমোনিয়াম নাইট্ৰেট

বিস্ফোৰণৰ তদন্তৰ সময়তে দিল্লী আৰক্ষী বুধবাৰে সন্ধিয়া হাৰিয়ানাৰ নুহ-ফিৰোজপুৰ ঝিৰকাৰ বাসাই মেও গাঁৱত উপস্থিত হয়। খবৰ পোৱা গৈছে যে এই অঞ্চলত অবৈধ খননত এমোনিয়াম নাইট্ৰেট ব্যৱহাৰ কৰা হয়। বাসাই মেও আৰু নগাল গাঁৱত গোপনে অবৈধ খনন চলোৱা হয়।

এনে পৰিস্থিতিত এই স্থানৰ পৰা এমোনিয়াম নাইট্ৰেট সহজে লাভ কৰাৰ সম্ভাৱনা আছে। এই কোণৰ তদন্তৰ সময়তে তদন্তকাৰী সংস্থাটোৱে ফিৰোজপুৰৰ বাসাই মেও গাঁৱত উপস্থিত হৈছিল। উল্লেখ্য যে বিস্ফোৰণৰ বাবে এমোনিয়াম নাইট্ৰেটৰ ব্যৱহাৰ কৰা হয়।

কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কংগ্ৰেছৰ

দিল্লী বিস্ফোৰণক সন্ত্ৰাসবাদী কাণ্ড বুলি চৰকাৰে ঘোষণা কৰাৰ পিছতে শাসকীয় বিজেপি নেতৃত্বাধীন চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছে। দলটোৰ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটেই বিস্ফোৰণৰ ৫০ ঘন্টা পিছত অৱশেষত মোদী চৰকাৰে এয়া সন্ত্ৰাসবাদী আক্ৰমণ বুলি স্বীকাৰ কৰিলে যদিও পাকিস্তানৰ বিষয়ে এষাৰো বাক্য কোৱা নাছিল বুলি ক্ষোভ প্ৰকাশ কৰিছে।

‘পাকিস্তানৰ জড়িত নোহোৱাকৈ ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’ব পাৰেনে’ বুলিও প্ৰশ্ন তুলিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তেওঁ কয়, “পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত মোদী চৰকাৰে উল্লেখ কৰিছিল যে যিকোনো সন্ত্ৰাসবাদী আক্ৰমণক যুদ্ধৰ কাৰ্য বুলি গণ্য কৰা হ’ব।”

“অৱশ্যে পাকিস্তানভিত্তিক জইছ-ঈ-মহম্মদ আক্ৰমণৰ সৈতে জড়িত হৈ থকাৰ পিছতো চৰকাৰে এতিয়ালৈকে দিয়া সঁহাৰি এই প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত।”- এই অভিযোগ সুপ্ৰিয়া শ্ৰীনাটেৰ। এতিয়া অমিত শ্বাহৰ কঠোৰ শাস্তিৰ হুংকাৰৰ পিছত পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰই কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।