পাকিস্তানক যোগান ধৰিছিল ভাৰতৰ গোপন তথ্য! গ্ৰেপ্তাৰ CRPF জোৱান…
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চি আৰ পি এফ জোৱান। জানিব পৰা মতে, এই জোৱানজনে পাকিস্তানী চোৰাংচোৱা বিষয়াক বহু গোপন তথ্য প্ৰদান কৰিছিল।
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ই গ্ৰেপ্তাৰ কৰিছে এজন চি আৰ পি এফ জোৱানক। অভিযোগ অনুসৰি, ধৃত জোৱানজনে ভাৰতৰ বহু গোপন তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল। তেওঁৰ নাম মতিৰাম জাথ। অভিযোগ অনুসৰি, ২০২৩ চনৰ পৰা পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰি অহা জোৱানজনে ইয়াৰ বিনিময়ত ধন লাভ কৰিছিল।
কিছুদিন পূৰ্বে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল হাৰিয়ানাৰ হিছাৰৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা। কেৱল এই যুৱতীগৰাকীয়ে নহয়, পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত এতিয়ালৈকে বহু লোক গ্ৰেপ্তাৰ হৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে চোৰাংচোৱাগিৰিৰ অভিযোগত পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ আদিৰ পৰা এই লোকসকলক গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী সংস্থাই।
সেই তালিকাত নতুনকৈ সংযোজন হৈছে চি আৰ পি এফ জোৱান মতিৰাম জাথৰ নাম। অৱশ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত পোহৰলৈ আহিব এই জোৱানজনৰ প্ৰকৃত সত্য।
ঘটনা সন্দৰ্ভত নিয়াই এক বিবৃতি প্ৰদান কৰি কৈছে যে, “২০২৩ চনৰ পৰা চি আৰ পি এফ জোৱানজনে পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ কামত জড়িত হৈ আছে। তেওঁ পাকিস্তানৰ চোৰাংচোৱা বিষয়াক ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় গোপন তথ্য প্ৰদান কৰিছিল। ইয়াৰ বাবে জোৱানজনে পাকিস্তানৰ পৰাও ধন লাভ কৰিছিল।”
জানিব পৰা মতে, ৰাজধানী দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জোৱানজনক। তাৰ পাছত তেওঁক পটিয়ালা হাউছ কোৰ্টৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়। আদালতে মতিৰাম জাথক ৬ জুনলৈকে এন আই এৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছে। গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক জেৰা চলি আছে আৰু নিয়াই তেওঁৰ পৰা তথ্য সংগ্ৰহৰ চেষ্টা চলাই আছে।
উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। ইয়াৰ প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তান আৰু পি অ’ কেত চলাইছিল অপাৰেশ্যন সেন্দূৰ, য’ত মৃত্যু হৈছিল ১০০ জনতকৈ অধিক সন্ত্ৰাসবাদীৰ। কিন্তু তাৰ পাছতে পাকিস্তানে ভাৰতক আক্ৰমণ কৰে আৰু ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। ইয়াৰ মাজতে ১০ মে’ত দুয়োখন দেশৰ মাজত যুদ্ধ বিৰতি হয়।
কিন্তু ভাৰতৰ সন্ত্ৰাসবাদী বিৰোধী অভিযান অব্যাহত আছে। এতিয়ালৈকে বহু সন্ত্ৰাসবাদী সেনাৰ জালত পৰাৰ লগতে বহু চোৰাংচোৱা গ্ৰেপ্তাৰ হৈছে। তথ্য অনুসৰি, পাকিস্তানে এই চোৰাংচোৱাসকলৰ দ্বাৰা ভাৰতৰ গোপন তথ্য সংগ্ৰহ কৰিছিল। এই সমগ্ৰ বিষয় সন্দৰ্ভত এতিয়া তদন্ত অব্যাহত আছে।
অন্য খবৰ পঢ়কঃ তথ্য প্ৰদানৰ নামত ISI এজন চোৰাংচোৱাক কিমান টকা দিয়ে জানেনে? জানক…