শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তথ্য প্ৰদানৰ নামত ISI এজন চোৰাংচোৱাক কিমান টকা দিয়ে জানেনে? জানক…

বিগত কেইটামান দিন পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত কেইবাজনো ভাৰতীয় নাগৰিক গ্ৰেপ্তাৰ হৈছে। গতিকে প্ৰশ্ন হয় যে, এজন চোৰাংচোৱাই ISI ৰ পৰা কিমান টকা লাভ কৰে?

তথ্য প্ৰদানৰ নামত ISI  এজন চোৰাংচোৱাক কিমান টকা দিয়ে জানেনে? জানক…
জ্যোতি মালহোত্ৰাImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 19 May 2025 11:33 AM

হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি জ্যোতি মালহোত্ৰাই পাকিস্তানৰ খৰচত দেশ-বিদেশ ভ্ৰমণ কৰিছিল। জ্যোতি মালহোত্ৰাৰ ইউটিউবৰ ভিডিঅ’ চালে গম পোৱা যায় যে তেওঁ কিমান বিলাসী জীৱন-যাপন কৰিছিল।  জ্যোতিয়ে দেশ-বিদেশ ভ্ৰমণ কৰাৰ সময়ত প্ৰায়ে ফাইভ ষ্টাৰ হোটেলত আছিল। গতিকে এই সকলোবোৰৰ মাজতে প্ৰশ্ন হয়, চোৰাংচোৱাগিৰিৰ বাবে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI য়ে কিমান টকা দিয়ে?

এতিয়ালৈকে প্ৰকাশিত তথ্য অনুসৰি, ২০২০ চনলৈ জ্যোতি মালহোত্ৰাই এটা ব্য়ক্তিগত কোম্পানীত কাম কৰিছিল। কিন্তু চাকৰি হেৰুৱাৰ পাছত তেওঁ ইউটিউবাৰ হৈ পৰিছিল। এই সময়তে জ্যোতি পাকিস্তানী চোৰাংচোৱাৰ সংস্পৰ্শলৈ আহে আৰু তথ্য ফাদিল কৰিবলৈ আৰম্ভ কৰে।

কিমান টকা দিয়ে

তথ্য অনুসৰি,ISI য়ে চোৰাংচোৱা নিযুক্তি কৰাৰ সময়ত স্থানক (location) সবাতোকৈ বেছি অগ্ৰাধিকাৰ দিয়ে। অৰ্থাৎ চোৰাংচোৱা  তথ্য ক’ৰ পৰা উলিয়াব লাগে। গতিকে স্থানৰ ওপৰত নিৰ্ভৰ কৰি টকা দিয়ে। উদাহৰণস্বৰূপে, থাইলেণ্ড, ম্যানমাৰৰ দৰে দেশৰ বাবে কম টকা দিয়া হয়। ইয়াৰ বিপৰীতে ভাৰত, আমেৰিকা আদিৰ চোৰাংচোৱাগিৰি কৰাৰ বাবে অধিক টকা প্ৰদান কৰে।

চোৰাংচোৱাক দৰমহা দিবলৈ আই এছ আইক প্ৰতি বছৰে ৫ বিলিয়ন টকাৰ বাজেট আবণ্টন দিয়ে পাকিস্তান চৰকাৰে। তেনেস্থলত ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি যে এজন চোৰাংচোৱাই কিমান দৰমহা লাভ কৰে। এই ৫ বিলিয়ন আই এছ আইয়ে নিজৰ কৰ্মচাৰীক দৰমহা দিবলৈ আৰু চোৰাংচোৱাক ধন দিবলৈ ব্যৱহাৰ কৰে। জানিব পৰা মতে, বৰ্তমান আই এছ আইৰ অধীনত ৪ হাজাৰ কৰ্মচাৰী আছে।

পাকিস্তানৰ পৰা কিমান টকা লাভ কৰে

এতিয়ালৈকে ধন সন্দৰ্ভত পাকিস্তান চৰকাৰ বা চোৰাংচোৱা সংস্থাই কোনো তথ্য প্ৰকাশ কৰা নাই যদিও আটক হোৱা চোৰাংচোৱাৰ মতে, তথ্য প্ৰদানৰ ওপৰত নিৰ্ভৰ কৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থাই তেওঁলোকক ধন প্ৰদান কৰে।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত পঞ্জাৱ আৰক্ষীয়ে অমৃতসৰৰ পৰা আই এছ আই এজেণ্টজনক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে জনোৱা মতে, ISI য়ে সৰু তথ্যৰ বাবে ৫ হাজাৰ টকা আৰু ডাঙৰ তথ্যৰ বাবে ১০ হাজাৰ টকা প্ৰদান কৰে।

২০১১ চনত পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ বাবে এজন আমেৰিকান বিষয়া আটক হৈছিল। পৰৱৰ্তী সময়ত আৰক্ষীৰ জেৰাত তেওঁক কৈছিল যে, পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰাৰ বাবে তেওঁ ৩ কোটি টকা লাভ কৰিছিল। ইয়াৰ অৰ্থ এয়াই যে, পাকিস্তানৰ চোৰাংচোৱা সংস্থাই তেওঁলোকৰ চোৰাংচোৱাসকলক পদ আৰু তথ্যৰ ভিত্তিত ধন প্ৰদান কৰে । ইয়াৰোপৰি জ্যোতি মালহোত্ৰাক কিমান টকা পাকিস্তানে দিছিল সেই তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই।

 

 

অন্য খবৰ পঢ়কঃ ভিডিঅ’ আছিল অজুহাত! পাকিস্তানৰ খৰচত ভ্ৰমণ কৰিছিল দেশ-বিদেশ, জ্যোতি মালহোত্ৰাই ক’লে এই সত্য…