শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে নেকি ক’ভিড? বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত ২৭৬ জন লোক, ৭ জনৰ মৃত্যু

ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত ২৭৬ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ লগে লগে সক্ৰিয় ৰোগীৰ সংখ্যা ৪,৩০২লৈ বৃদ্ধি পাইছে। আনহাতে, দিল্লী, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত সৰ্বাধিক ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। অৱশ্যে সুস্থ হৈ ঘৰলৈ উভতিছে ৩২৮১জন ৰোগী ।

ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে নেকি ক’ভিড? বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত ২৭৬ জন লোক, ৭ জনৰ মৃত্যু
ক’ভিড-১৯
trishna-kalita
Trishna Kalita | Updated On: 05 Jun 2025 09:03 AM

দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘন্টাত সমগ্ৰ দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৪,৩০২ লৈ বৃদ্ধি পোৱাৰ লগতে নতুনকৈ ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বুধবাৰে পুৱা স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে শেহতীয়া তথ্য। একে সময়তে স্বাস্থ্য বিভাগৰ বিষয়াসকলক ক’ৰ’নাত বৃদ্ধি পোৱাৰ সন্দৰ্ভত সতৰ্ক কৰি দিয়া হৈছে। বিশেষকৈ দিল্লী, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত কৰ’না আক্ৰান্তৰ  সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত দেশত ২৭৬ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ লগে লগে সক্ৰিয় ৰোগীৰ সংখ্যা ৪,৩০২লৈ বৃদ্ধি পাইছে। অৱশ্যে ৩২৮১জন ৰোগীক সুস্থ হোৱাৰ পিছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ইফালে ক’ভিডত আক্ৰান্ত হৈ ৭ জন লোকৰ মৃত্যু হৈছে।

ক’ত, কিমান ৰোগী সক্ৰিয় হৈ আছে?

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত পশ্চিম বংগত ৬০ জন নতুনকৈ ক’ভিড আক্ৰান্ত হোৱাৰ বিপৰীতে উত্তৰ প্ৰদেশ আৰু দিল্লীত ক্ৰমে ৬৩ আৰু ৬৪ জনৰ দেহত সংক্ৰমণ ধৰা পৰিছে। এদিন পূৰ্বে ক’ভিড -১৯ত নতুনকৈ ৬৫ জন আক্ৰান্ত হোৱাৰ লগে লগে সক্ৰিয় ৰোগীৰ সংখ্যা ৪০২৬ জনলৈ বৃদ্ধি পাইছিল। একে সময়ছোৱাত দিল্লীত নতুনকৈ ৪৭টা আৰু কেৰালাত ৩৫টা নতুন ক’ভিড কেছ পঞ্জীয়ন হৈছে৷ বৰ্তমান দিল্লীত ৪৫৭ জন, গুজৰাটত ৪৬১ জন, কৰ্ণাটকত ৩২৪ জন, কেৰালাত ১৩৭৩ জন, মহাৰাষ্ট্ৰত ৫১০ জন, তামিলনাডুত ২১৬ জন, উত্তৰ প্ৰদেশত ২০১ জন আৰু পশ্চিম বংগত ৪৩২ জন ৰোগী সক্ৰিয় হৈ আছে।

চিকিৎসালয়ত ভৰ্তিৰ হাৰ কম যদিও স্বাস্থ্য বিষয়াসকলে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । ইফালে, কৰ্ণাটকৰ কালাবুৰাগীত গুলবৰ্গা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানে ক’ৰ’না আক্ৰান্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সতৰ্কতামূলক ব্যৱস্থা হিচাপে ২৫খন বিছনাযুক্ত ক’ভিড-১৯ ৱাৰ্ড স্থাপন কৰিছে।

এই সন্দৰ্ভত কালাবুৰাগীৰ GIMS হাস্পতালৰ চিকিৎসা অধীক্ষক ডাঃ শিৱকুমাৰ চি আৰে কয়, “ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু চিকিৎসা শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি আমি ২৫খন বিচনাৰ ছেট লৈ সম্পূৰ্ণৰূপে সাজু হৈ আছো, ইয়াৰে পাঁচখন বিচনা ভেণ্টিলেটৰযুক্ত আই চি ইউত, পাঁচখন হাই ডিপেণ্ডেন্সি ইউনিট, পাঁচখন গৰ্ভৱতী মহিলা আৰু প্ৰসূতি সেৱাৰ প্ৰয়োজন হোৱা ৰোগীৰ বাবে আৰু বাকী দহখন সাধাৰণ বিচনা। আমাৰ এটা লেবাৰ ৰুম আৰু এটা সংলগ্ন অপাৰেশ্যন থিয়েটাৰ আছে। আমাৰ হাতত পৰ্যাপ্ত অক্সিজেন আছে আৰু পৰ্যাপ্ত মানৱ সম্পদ নিয়োগ কৰিছো। আমাৰ লেবটো যিকোনো সংখ্যক নমুনা সংগ্ৰহৰ বাবে সম্পূৰ্ণৰূপে সাজু। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জৰিয়তে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় কিট প্ৰেৰণ কৰিছে আৰু আমি ক’ভিড-১৯ ধৰা পেলাবলৈ পৰীক্ষা কৰি আছো।”