দেশত ক’ভিডৰ সংহাৰ! ২৪ ঘন্টাত ৭ জনৰ মৃত্যু, অসমত সক্ৰিয় ৰোগীৰ সংখ্যা কিমান?
পুনৰবাৰ দেশত ভাবুকি স্বৰূপ হৈ পৰিছে ক'ভিড-১৯ । সময়ৰ লগে লগে বৃদ্ধি পাইছে সক্ৰিয় ৰোগীৰ সংখ্যা। বুধবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪৩০২ জন। ইয়াৰ পিছত বৃহস্পতিবাৰে এই ৰোগী ৪৮৬৬ লৈ বৃদ্ধি পাইছে।লগতে বৰ্তমান সমগ্ৰ দেশৰ ভিতৰতে কেৰালাত ক"ভিডৰ সক্ৰিয় ৰোগীৰ সংখ্যা সৰ্বাধিক যি হৈছে ১৪৮৭ জন। এতিয়ালৈকে দেশত ক"ভিডৰ বাবে ৭ জন লোকৰ মৃত্যু হৈছে।

পুনৰবাৰ দেশৰ বাবে ভাবুকি স্বৰূপ হৈ থিয় দিছে ক’ভিড-১৯-এ। ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিডত সক্ৰিয় ৰোগীৰ সংখ্যা। বুধবাৰে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪,৩০২ জন। যি সংখ্যা বৃহস্পতিবাৰে ৪৮৬৬ লৈ বৃদ্ধি পাইছে। ইফালে সুস্থ হৈ ঘৰলৈ উভতি যোৱা ৰোগীৰ সংখ্যা ৩৯৫৫ লৈ বৃদ্ধি পাইছে।
বিগত ২৪ ঘন্টাত দিল্লীত ১০৫ জন লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ৰাজ্যখনত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৫৬২ লৈ বৃদ্ধি পাইছে।একে সময়তে সমগ্ৰ দেশত যোৱা ২৪ ঘণ্টাত ৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে দিল্লীত ২ জন, কৰ্ণাটকত ২ জন আৰু মহাৰাষ্ট্ৰত ৩ জন লোকৰ মৃত্যু হৈছে। দিল্লীত ক’ভিডৰ ফলত এটি ৫ মহীয়া শিশু আৰু এজন ৮৭ বছৰীয়া বৃদ্ধৰ মৃত্যু হয়। কৰ্ণাটকতো ২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ক’ৰ’নাত আক্ৰান্ত হৈ এজন ৬৫ বছৰীয়া আৰু ৪২ বছৰীয়া এজন ব্যক্তিৰ মৃত্যু লিপিবদ্ধ কৰা হৈছে। মহাৰাষ্ট্ৰত ক’ভিডৰ বাবে তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে এজন ৭৬ বছৰীয়া ব্যক্তি, এগৰাকী ৭৯ বছৰীয়া মহিলাৰ মৃত্যু হয়। Covid ৰ সমান্তৰালকৈ আন বহু ৰোগত ভুগি থকা ৭৬ বছৰীয়া এজন লোকৰো মৃত্যু হয়।
কোন ৰাজ্যত কিমান সক্ৰিয় ৰোগী আছে?
আজিৰ দিনটোত অন্ধ্ৰ প্ৰদেশত ৫০ জন, অসমত ৮ জন, বিহাৰত ৩১ জন, চণ্ডীগড়ত ২ জন, ছত্তীশগড়ত ১৯ জন, দিল্লীত ৫৬২ জন, গোৱাত ৮ জন, গুজৰাটত ৫০৮ জন, হাৰিয়ানাত ৬৩ জন, হিমাচল প্ৰদেশত এগৰাকী, জম্মু-কাশ্মীৰত ৫ জন, ঝাৰখণ্ডত ৮ জন, কৰ্ণাটকত ৪৩৬ জন, কেৰেলাত ১৪৮৭ জন, উত্তৰ প্ৰদেশত ১৯৮ গৰাকী আৰু পশ্চিমবংগত ৫৩৮ জন সক্ৰিয় ৰোগী আছে।
ইয়াৰ পিছতে এতিয়া দেশজুৰি জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। আকৌ এবাৰ সকলোকে মাস্ক পৰিধান কৰি দুগজ দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ Covid ৰ বাবে দেশত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়সমূহত প্ৰস্তুতি তীব্ৰতৰ কৰি তোলা লগতে সকলো ধৰণৰ প্ৰয়োজনীয় বস্তু সংগ্ৰহ কৰা হৈছে।
এতিয়া সকলোকে এই লক্ষণসমূহৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰালয়ে। লক্ষণবোৰ হ’ল-উশাহ লোৱাত কষ্ট পোৱা, বুকুৰ বিষ, মূৰ ঘূৰোৱা, নিম্ন ৰক্তচাপ, কাহৰ লগত তেজ ওলোৱা. হাত বা ছালৰ নীলা পৰা ইত্যাদি। শিশুৰ ক্ষেত্ৰত দেখা পোৱা লক্ষণসমূহ হ’ল- মূৰ ঘূৰোৱা, স্থায়ী জ্বৰ, খাদ্য খোৱাত অসুবিধা উশাহ লোৱাত কষ্ট পোৱা আদি।