শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰসৱৰ বাবে পত্নী গৈছিল মাকৰ ঘৰলৈ! ইফালে প্ৰেমিকাক মাতি স্বামীয়ে কৰিলে ভয়ংকৰ কাণ্ড…

সমাজৰ হেঁচা সহিব নোৱাৰি এহাল প্ৰেমিক-প্ৰেমিকাই গ্ৰহণ কৰিলে জীৱনৰ শেষ সিদ্ধান্ত। জানিব পৰা মতে দুয়োৰে বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু তাৰ পাছতো জগদীশৰ অন্য এগৰাকী যুৱতীৰ সৈতে বিয়া হৈছিল।

প্ৰসৱৰ বাবে পত্নী গৈছিল মাকৰ ঘৰলৈ! ইফালে প্ৰেমিকাক মাতি স্বামীয়ে কৰিলে ভয়ংকৰ কাণ্ড…
জগদীশ আৰু প্ৰেমিকা
Barasha Sarma
Barasha Sarma | Published: 29 Jan 2026 09:41 AM

জীৱন যুদ্ধত হাৰ মানিলে এহাল প্ৰেমিক-প্ৰেমিকাই। কেতিয়াবা প্ৰেমৰ কঠিন পথবোৰে এনে টাৰ্ণিং পইন্টলৈ লৈ যায়, য’ৰ পৰা উভতি অহাৰ কোনো সম্ভাৱনা নাই। শেহতীয়াকৈ পোহৰলৈ আহিছে এক হৃদয়বিদাৰক ঘটনা। এটা নদীৰ পাৰত এহাল প্ৰেমিকাৰ প্ৰেমিকাৰ মৃতদেহ সাৱতি ধৰা অৱস্থাত উদ্ধাৰ হয়। নিহত লোকজন জগদীশ কাভলেকাৰ (২৭) আৰু তেওঁৰ ২৬ বছৰীয়া প্ৰেমিকাৰ বুলি চিনাক্ত হৈছে। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বেলাগাৱী জিলাৰ ৰামদুৰ্গ তালুকত। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি, বুধবাৰে (২৮ জানুৱাৰী) স্থানীয় ৰাইজে নদীত ওপঙি থকা অৱস্থাত দুটাকৈ মৃতদেহ প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজে মৃতদেহ দুটা পানীৰ পৰা টানি উলিয়াই আৰু আৰক্ষীক খবৰ দিয়ে। কিন্তু মৃতদেহ উদ্ধাৰ কৰিয়ে স্তম্ভিত হৈ পৰে স্থানীয় ৰাইজ। কিয়নো মৃত্যুৰ পূৰ্বে দুয়ো নিজকে কাপোৰেৰে টানকৈ বান্ধি লৈছিল। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জানিব পৰা মতে, জগদীশৰ দীৰ্ঘসময় ধৰি মৃত মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু তেওঁ আন এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। ইয়াৰ মাজতে জগদীশৰ পত্নী গৰ্ভৱতী হোৱাত প্ৰায় ডেৰ-দুমাহ পূৰ্বে প্ৰসৱৰ বাবে তেওঁ পিতৃ-মাতৃৰ ঘৰলৈ গৈছিল। পত্নীৰ অনুপস্থিতিত জগদীশে প্ৰাক্তন প্ৰেমিকাক ঘৰলৈ মাতিছিল আৰু একেলগে বাস কৰিছিল।

জগদীশৰ প্ৰেমৰ সম্পৰ্কৰ কথা পত্নীয়ে জানিব পাৰে আৰু ইয়াকে লৈ দুয়োৰে মাজত সংঘাত হয়। কিন্তু স্বামীৰ কথাৰ আগত হাৰ মানি অৱশেষত পত্নীয়ে প্ৰতিশ্ৰুতি দিয়ে যে প্ৰসৱৰ পাছত তেওঁ জগদীশ আৰু প্ৰেমিকাক বিয়া কৰাই দিব। পত্নীয়ে জগদীশৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক মানি ললেও পৰিয়াল তথা স্থানীয় ৰাইজে এয়া মানি লোৱা নাছিল।

পৰিয়াল আৰু স্থানীয় ৰাইজৰ হেঁচাত জগদীশ ভাগি পৰিছিল। অৱশেষত সমাজৰ আগত হাৰ মানি জগদীশ আৰু যুৱতীগৰাকীয়ে দলঙৰ পৰা জপিয়াই চৰম সিদ্ধান্ত গ্ৰহণ কৰে। মৃত্যুৰ পাছতো তেওঁলোকে পৃথক হ’ব বিচৰা নাছিল, যাৰ বাবে দুয়ো নিজকে বান্ধি লৈছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ জেল, দোকানত চলিল বুলড’জাৰ! DNA পৰীক্ষাৰ পাছত দোষমুক্ত ঘোষণা মোইদ খান…