জেল, দোকানত চলিল বুলড’জাৰ! DNA পৰীক্ষাৰ পাছত দোষমুক্ত ঘোষণা মোইদ খান…
পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। কেইবাদিন ধৰি ধৰ্ষণৰ গোচৰত জেলত থকা মোইদ খান অৱশেষত নিৰ্দোষী সাব্যস্ত। প্ৰাপ্ত খবৰ অনুসৰি এই লোকসকলৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল।
উত্তৰ প্ৰদেশ অযোধ্যাৰ ভদৰছা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ওপৰত ২৮ জানুৱাৰীত বুধবাৰে আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। আদালতে অভিযুক্ত তথা SP নেতা মোইদ খানক নিৰ্দোষী ঘোষণা কৰি সকলো অভিযোগৰ পৰা মুক্ত কৰি দিয়ে। লগতে মূল অভিযুক্ত ৰাজু খানক দোষী সাব্যস্ত কৰে। ৰাজুৰ বিৰুদ্ধে সকলো অভিযোগ সত্য বুলি প্ৰমাণিত হয়। এই গোচৰৰ পৰৱৰ্তী শুনানি ২৯ জানুৱাৰীত হ’ব। কাইলৈ দোষীৰ হৈ শাস্তি ঘোষণা কৰিব আদালতে।
ঘটনাটো কি?
অযোধ্যাৰ পুৰাকলন্দৰ থানা এলেকাৰ অন্তৰ্গত ভাদৰছাত এগৰাকী ১২ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। ২০২৪ চনৰ জুলাই মাহত কিশোৰীগৰাকী ২ মাহৰ গৰ্ভৱতী হোৱাত এই সমগ্ৰ কাণ্ড পোহৰলৈ আহে। অভিযোগ উত্থাপন হৈছিল যে, এছ পি (SP) নেতা মোইদ খান আৰু তেওঁৰ বেকাৰীত কাম কৰা ৰাজু খানে কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল। অভিযোগ উঠিছিল যে অভিযুক্তই ধৰ্ষণ কাণ্ডৰ ফটো, ভিডিঅ’ গ্ৰহণ কৰিছিল আৰু কিশোৰীগৰাকীৰ ব্লেকমেইল কৰি বাৰে বাৰে ধৰ্ষণ কৰিছিল।
ইয়াৰ পাছতে ২০২৪ চনৰ ৩০ জুলাইত আৰক্ষীয়ে মোইদ খান আৰু ৰাজু খানক গ্ৰেপ্তাৰ কৰে। POCSO আইন, দলবদ্ধ ধৰ্ষণ, আৰু ব্লেকমেইলিং ধাৰাত গোচৰ ৰুজু কৰি দুয়োকে জেললৈ প্ৰেৰণ কৰা হৈছিল। এই কাণ্ডক লৈ বিভিন্নজনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ধৰ্ষণ কাণ্ডই ৰাজ্যখনৰ পৰিস্থিতি উত্তাল কৰাৰ মাজতে প্ৰশাসনে মোইদ খানৰ বেকাৰী ছীল কৰাৰ লগতে অবৈধ সম্পত্তিত বুলডলাৰ চলাইছিল।
ইয়াৰ পাছতে আজি আদালতত দুই অভিযুক্তক হাজিৰ কৰা হয়। শুনানি গ্ৰহণ কৰি আদালতে মোইদ খানৰ বিৰুদ্ধে থকা সকলো অভিযোগ খণ্ডন কৰে। ধৰ্ষণৰ অভিযুক্ত ৰাজু আৰু মোইদ খানৰ DNA পৰীক্ষাৰ ব্যৱস্থা কৰিছিল আৰক্ষীয়ে। এই DNA পৰীক্ষাত ৰাজু খানৰ DNA পজিটিভ ওলাই আৰু মোইদ খানৰ নিগেটিভ। এনে পৰিস্থিতিত অৱশেষত আদালতে মোইদ খানক নিৰ্দোষী বুলি ৰায় প্ৰদান কৰে।
অন্য খবৰ পঢ়কঃ ঈশা ফাউণ্ডেশ্যনলৈ ডাঙৰ সকাহ! ন্যায়ালয়ে খাৰিজ কৰিলে এই আবেদন…