শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ কংগ্ৰেছৰ

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে কংগ্ৰেছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ভাবুকি প্ৰদানেৰে সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰাৰ অভিযোগত বিজেপি সভাপতিগৰাকীৰ বিৰুদ্ধে এই গোচৰ তৰিছে বিৰোধী দলটোৱে।

অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ কংগ্ৰেছৰ
ভৱেশ কলিতাৰ বিৰুদ্ধে কংগ্ৰেছৰ গোচৰ
Monjit Dutta
Monjit Dutta | Edited By: Barasha Misra | Updated On: 21 Feb 2025 10:54 AM

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে কংগ্ৰেছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ভাবুকি প্ৰদানেৰে সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰাৰ অভিযোগত বিজেপি সভাপতিগৰাকীৰ বিৰুদ্ধে এই গোচৰ তৰিছে বিৰোধী দলটোৱে। প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এক প্ৰতিনিধিৰ দলে ভঙাঘৰ থানাত ভৱেশ কলিতাৰ বিৰুদ্ধে এই এজাহৰ দাখিল কৰে।

এই এজাহাৰত কংগ্ৰেছে ১৯ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ দিপ্তেশ্বৰি ৰাজহুৱা হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত অংশ লৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰি সকলক উদ্দেশ্যি নিজ ভাষণত কেৱল বিজেপি সদস্যইহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি মন্তব্য কৰা বুলি অভিযোগ কৰিছে।

ভৱেশ কলিতাই লগতে মিছ্ডকল যোগে বিজেপিৰ সদস্য ভৰ্তি প্ৰক্ৰিয়াত ব্যৱহৃত বিশেষ নম্বৰত মিছ্ডকল দিবলৈ এক প্ৰকাৰে ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। বিৰোধী দলটোৰ অভিযোগ, অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে মিছ্ডকল দি বিজেপিৰ সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক বুলি ভয় ভীতি খুৱাৱ বিচাৰিছে বিজেপিৰ সভাপতিগৰাকীয়ে।

তদুপৰি সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল নকৰিলে অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাভ নকৰে বুলি ভৱেশ কলিতাই এক প্ৰকাৰে ধমকি দিয়া বুলিও কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে। দলটোৰ দাবী, বিজেপি সভাপতিগৰাকীৰ এনে দায়িত্বজ্ঞানহীন মন্তব্যই ৰাইজৰ সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰিছে। এনে কাৰণত ভৱেশ কলিতাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী কৰে বিৰোধী দলটোৱে।

বিজেপি সভাপতিগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই সাংবাদিকৰ আগত বিজেপি সভাপতি ভৱেশ কলিতাই মানসিক সন্তুলন হেৰুৱাই ৰাইজক ভয় ভাবুকি দি নিজৰ চকী বচাব বিচাৰিছে বুলি মন্তব্য কৰে। ভৱেশ কলিতাৰ পৈতৃক সম্পত্তি বিক্ৰি কৰা ধনেৰে অৰুণোদয় আচঁনিৰ ধন দিয়া হোৱা নাই বুলিও কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

ৰাতুল কলিতাৰ মন্তব্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে বেআইনী ভাৱে আহৰণ কৰা সম্পত্তি বিক্ৰী কৰি পোৱা ধনেৰে ৰাজহুৱা আঁচনি প্ৰৱৰ্তন কৰা নাই; প্ৰতিটো চৰকাৰী আঁচনিৰ ধন ৰাইজৰ আৰু ৰাইজৰ ধনকেই ৰাজহুৱা আচঁনিৰ জৰিয়তে হিতাধিকাৰী সকলক দিয়া হৈছে।  তেওঁ লগতে ভৱেশ কলিতাক ভৱিষ্যতে এনে নিম্ন ৰুচি সম্পন্ন আৰু সাধাৰণ ৰাইজক ভয় ভীতি দেখুওৱা মন্তব্য নকৰিবলৈ সকীয়নি দিয়ে।

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ সময়ত ৰাতুল কলিতাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ৰূপা দেউৰী, সাধাৰণ সম্পাদক অৰুণ তিৱাৰী, সম্পাদক কৃদীপ বৰ্মন, গীতালি দাস, মানস প্ৰতীম তালুকদাৰ, এ টি হাবিব আহ্মেদকে ধৰি কিছু প্ৰতিনিধি উপস্থিত থাকে।