শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰথমে লৈ গ’ল তৃতীয় মহলালৈ, পাছত… এগৰাকী মাতৃৰ কু-কাণ্ডই আচৰিত কৰি তুলিব আপোনাক…

দেশৰ বিভিন্ন প্ৰান্তত বহু সময়ত কিছুমান ভয়ংকৰ ঘটনা সংঘটিত হয়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এগৰাকী মাতৃৰ কু-কাণ্ডই স্তম্ভিত কৰিছে বহুতক।

প্ৰথমে লৈ গ’ল তৃতীয় মহলালৈ, পাছত… এগৰাকী মাতৃৰ কু-কাণ্ডই আচৰিত কৰি তুলিব আপোনাক…
শিশুটিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Sep 2025 12:13 PM

দেশত বিভিন্ন সময়ত বহু ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হোৱা দেখা যায়। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই স্তম্ভিত কৰি তুলিব আপোনাক। এগৰাকী মাতৃয়ে নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি ৭ বছৰীয়া কন্যাক হত্যা কৰে। প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে শিশুটি নিজেই তৃতীয় মহলাৰ পৰা পৰি যোৱা বুলি কৈছিল। কিন্তু যেতিয়া চিচিটিভি ফুটেজ পোহৰলৈ আহে তেতিয়া প্ৰকৃত ঘটনা পোহৰলৈ আহে। এই জঘন্য কাণ্ড সংঘটিত হৈছে কৰ্ণাটকৰ বিদাৰ চহৰত। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক।

ঘটনা সন্দৰ্ভত পোহৰলৈ অহা তথ্য অনুসৰি, নিহত শিশুটিৰ বয়স ৭ বছৰ। যোৱা ২৭ আগষ্টত শিশুটিৰ মৃত্যু হৈছিল। প্ৰথম অৱস্থাত শিশুটিৰ সতীয়া মাতৃয়ে কৈছিল যে, ঘৰৰ তৃতীয় মহলাৰ পৰা পৰি মৃত্যু হয় শিশুটিৰ। কিন্তু ঘটনাৰ কেইবাদিন পাছত সতীয়া মাতৃ ৰাধাৰ কু-কাণ্ডৰ কথা পোহৰলৈ আহিছে।

জানিব পৰা মতে, প্ৰায় ৬ বছৰ পূৰ্বে শাৰীৰিক অসুস্থতাৰ বাবে শিশুটিৰ মাতৃৰ মৃত্যু  হৈছিল। তাৰ পাছত ২০২৩ চনত শিশুটিৰ পিতৃ সিদ্ধান্তই দ্বিতীয়বাৰৰ বাবে ৰাধাৰ লগত বিবাহপাশত আৱদ্ধ হয়। দুয়োৰে পাছলৈ যমজ সন্তান হয়। এনেকৈ তিনিটা সন্তানৰ মাতৃ হৈ পৰিছিল ৰাধা।

যমজ সন্তান জন্ম হোৱাৰ পাছতে ৰাধাই স্বামীৰ প্ৰথম পত্নীৰ শিশুটিক বোজা বুলি ভাবিবলৈ আৰম্ভ কৰে। ইয়াৰ মাজতে ২৭ আগষ্টত শিশুটিৰ মৃত্যু হয়। প্ৰথম অৱস্থাত এয়া সকলোৱে দুৰ্ঘটনা বুলি ভাবিছিল। কিন্তু শেহতীয়াকৈ চিচিটিভি ফুটেজৰ পৰা এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। য’ত দেখা যায়, ৰাধাই নিজেই শিশুটিত তৃতীয় মহলাৰ পৰা মাটিত পেলাই দি হত্যা কৰে। ঘটনাৰ প্ৰায় ১৫ দিন পাছত মহিলাগৰাকীৰ কু-কাণ্ড পোহৰলৈ আহিছে।

জানিব পৰা মতে, যোৱা ১২ ছেপ্টেম্বৰত চুবুৰীয়াৰ লোকে চিচিটিভি ফুটেজ শিশুটিৰ পিতৃলৈ প্ৰেৰণ কৰে। য’ত দেখা যায় প্ৰথমে ৰাধাই শিশুটিক এখন চকীত বহিবলৈ দিয়ে, তাৰ পাছতে তলত দলিয়াই দিয়ে শিশুটিক। যাৰ ফলত তেওঁ মৃত্যুক সাৱতি লয়। এই কাণ্ড পোহৰলৈ অহাৰ পাছতে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক।

এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিয়নো প্ৰথম অৱস্থাত সকলোৱে এয়া এক দুৰ্ঘটনা বুলিয়ে ভাবি আছিল। কিন্তু এই ঘটনাৰ সত্যতা পোহৰলৈ আহিছে। ইয়াৰ পাছতে শিশুটিৰ আইতাকে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ কেতিয়া ডাঙৰ হ’ব তোমাৰ…সোণম কাপুৰক অশ্লীল মন্তব্য ছবি পৰিচালকৰ, তাৰপাছত…