শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেতিয়া ডাঙৰ হ’ব তোমাৰ…সোণম কাপুৰক অশ্লীল মন্তব্য ছবি পৰিচালকৰ, তাৰপাছত…

বলীউডৰ প্ৰায় সংখ্যক অভিনেতা-অভিনেত্ৰীয়ে কেৰিয়াৰৰ প্ৰথম সময়চোৱাত বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ পৰা সাৰি নাযায় বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী সকলো।

কেতিয়া ডাঙৰ হ’ব তোমাৰ…সোণম কাপুৰক অশ্লীল মন্তব্য ছবি পৰিচালকৰ, তাৰপাছত…
সোণম কাপুৰImage Credit source: Facebook (Sonam kapoor)
barasha-sarma
Barasha Sarma | Published: 16 Sep 2025 10:30 AM

বলীউডৰ পৰা বিভিন্ন সময়ত বহু ধৰণৰ খবৰ পোহৰলৈ আহে। ইয়াৰে কিছুমান খবৰ সঁচা আৰু কিছুমান ভুৱা হয়। বলীউডৰ প্ৰায়ভাগ অভিনেতা-অভিনেত্ৰীয়ে কেৰিয়াৰৰ আৰম্ভণিতে কিছুমান বেয়া অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হয়। এনে অভিজ্ঞতাৰ পৰা জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলো সাৰি নাযায়। ইয়াৰ বিৰুদ্ধে বহুতে প্ৰত্যক্ষভাৱে প্ৰতিবাদ কৰাও দেখা যায়। কিন্তু কিছুমানে কেৰিয়াৰ ৰক্ষা কৰিবলৈ নীৰৱে সকলো সহ্য কৰি যায়।

এনে অভিনেত্ৰীসকলৰ ভিতৰত সোণম কাপুৰৰ নামো আছে। সোণম কাপুৰৰ লগতো এক আচৰিত ঘটনা সংঘটিত হৈছিল। কিন্তু তেওঁ সকলো মনে মনে সহ্য কৰা নাছিল। ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু তেওঁ ছবিখন ত্যাগ কৰি আঁতৰি গৈছিল।

২০০৭ চনৰ কথা। পৰিচালক সঞ্জয়লীলা ভঞ্চালীৰ ‘ছাৱৰীয়া’ ছবিখনৰ সৈতে সোণম কাপুৰে বলীউডত প্ৰৱেশ কৰিছিল। এই ছবিখনত অভিনেতা ৰণবীৰ কাপুৰকো দেখা গৈছিল। পিছে বক্স অফিচত এই ছবিখন সম্পূৰ্ণ ফ্লপ হৈছিল। ছবিখনৰ পাছত প্ৰায় ২ টা বছৰ সোণমো কোনো কাম লাভ কৰা নাছিল। তাৰ পাছতে আহিছিল ছবি দিল্লী ৬। কিন্তু ইয়াৰ মাজতে সোণমৰ সৈতে সংঘটিত হৈছিল এক আচৰিত ঘটনা। এগৰাকী বিখ্যাত পৰিচালকে তেওঁক লৈ এক অশ্লীল মন্তব্য কৰিছিল।

এই সন্দৰ্ভত সোণমে কফি উইথ কৰণক মুকলিকৈ কথা পাতিছিল। তেওঁ কৈছিল যে, “ছাৱৰীয়া ফ্লপ হোৱাৰ পাছত মই কাম বিচাৰি আছিলো। বহু প্ৰয়োজক আৰু পৰিচালকক সেই সময়খিনিত লগ পাইছিলো। কিন্তু কোনো লাভ হোৱা নাছিল। তাৰ পাছত বলীউডৰ এজন পৰিচালকৰ পৰা এটা অফাৰ লাভ কৰিছিল। কিন্তু যেতিয়া চিত্ৰনাট্য শুনিবলৈ মই তেওঁৰ ঘৰলৈ গৈছিলো তেতিয়া এক অসহ্যকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলো”।

তেওঁ আৰু কয় যে, “চিত্ৰনাট্য শুনাৰ আগতে পৰিচালকজনে মোৰফালে একেৰাহে চাই আছিল। মই অস্বস্তিত পৰিছিলো। তাৰ পাছত হঠাতে ক’লে যে, সকলো ঠিকে  আছে কিন্তু কেতিয়া ডাঙৰ হ’ব তোমাৰ স্তন’? পৰিচালকৰ কথা শুনাৰ লগে  লগে মোৰ যথেষ্ঠ খং উঠিছিল আৰু তাৰ পৰা গুচি আহিছিলো”। সোণমে আৰু কয় যে, তাৰ পাছতে মই পৰিচালকগৰাকীক কৈছিলো যে মই আৰু আপোনাৰ ছবিত কেতিয়াও অভিনয় নকৰো।

উল্লেখ্য যে,পাছত সেই ছবিখনত অমিশা পেটেলে অভিনয় কৰিছিল। অৱশ্যে এই ছবিখন কি বা পৰিচালকগৰাকী কোন সেই সন্দৰ্ভত সোণমে একে নক’লে। মুঠতে বলীউড জগতখনত বিভিন্ন সময়ত বহু এনে ঘটনা ঘটে যিয়ে আচৰিত কৰি তোলে বিভিন্নজনক। যাৰ বাবে হয়তো বহুতৰ কেৰিয়াৰ নষ্ট হৈ যায়।

 

অন্য খবৰ পঢ়কঃ দুদিন ধৰি টোপনিৰ পৰা সাৰ পোৱা নাই! হঠাতে কি হৈছিল সঞ্জয় দত্তৰ লগত…