শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মোৰ বলপূৰ্বক ধৰ্ম পৰিবৰ্তন কৰা হৈছিল আৰু পাছত… হিন্দু যুৱতীলৈ ক’লে চাংগুৰ বাবাৰ ভয়ংকৰ কাণ্ডৰ কথা…

প্ৰায় ১৫০০ কৈ হিন্দু যুৱতীৰ ধৰ্ম পৰিবৰ্তন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চাংগুৰ বাবা। জানিব পৰা মতে, এই বাবাজনে ইয়াৰ বাবদ বহু টকা লাভ কৰিছিল। তেওঁৰ চৌদি আৰৱ, পাকিস্তান আদিটো এজেন্ট আছে।

মোৰ বলপূৰ্বক ধৰ্ম পৰিবৰ্তন কৰা হৈছিল আৰু পাছত… হিন্দু যুৱতীলৈ ক’লে চাংগুৰ বাবাৰ ভয়ংকৰ কাণ্ডৰ কথা…
চাংগুৰ বাবাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 14 Jul 2025 18:23 PM

কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশ এ টি এছে গ্ৰেপ্তাৰ কৰিছিল চাংগুৰ বাবা ওৰফে জামালুদ্দিন আৰু নাছৰিনক। অভিযোগ অনুসৰি, এই বাবাজনে ১৫০০ ৰো অধিক হিন্দু যুৱতীৰ ধৰ্ম পৰিবৰ্তন কৰিছে। এই সন্দৰ্ভত তদন্ত চলি থকাৰ মাজতে এতিয়া কৰ্ণাটকৰ এগৰাকী ভুক্তভোগী পোহৰলৈ আহিছে যি চাংগুৰ বাবাৰ জালত পৰিছিল। যুৱতীগৰাকীয়ে জনোৱা অনুসৰি চাংগুৰ বাবা আৰু তেওঁৰ সহযোগীসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল। ইমানেই নহয়, যুৱতীগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰা হৈছিল। যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত চাহৰানপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

তথ্য অনুসৰি চৌদি আৰৱত চাংগুৰ বাবাৰ ৫০০ৰো অধিক এজেণ্ট আছে। তেওঁ ছৌদি আৰব, পাকিস্তান আৰু অন্য মুছলমান দেশলৈ হিন্দু ছোৱালী পঠিওৱাৰ কাম কৰে। ধৰ্মান্তৰিতৰ বলি হোৱা যুৱতীগৰাকীয়ে কয় যে ধৰ্মান্তৰকৰণৰ ব্যৱসায়ত বাবাৰ লগত এজন এছ পি নেতাও জড়িত হৈ আছে। শেহতীয়াকৈ চাংগুৰ বাবাই ফৰিদাবাদত বহু মানুহক ধৰ্মান্তৰিত কৰিছিল।

ভুক্তভোগীয়ে যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি তেওঁক মাৰপিট কৰি চৌদি আৰৱলৈ লৈ যোৱা হৈছিল। চাংগুৰ বাবা আৰু তেওঁৰ সহযোগীসকলে ধৰ্ম পৰিবৰ্তন কৰিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পাছতে বাৰে বাৰে, ১০ বাৰতকৈ অধিকবাৰ ধৰ্ষণ কৰা হৈছিল। যুৱতীগৰাকীয়ে কয় যে, ”মই সনাতন ধৰ্মৰ পণ্ডিত, বলপূৰ্বক ধৰ্মান্তৰিত হৈছিলো। কেৱল মহিলাই নহয়, হিন্দু পুৰুষো বাবাৰ বলি হৈছে। বাবাই হিন্দু মানুহক ইছলাম গ্ৰহণ কৰিবলৈ হেঁচা দি আহিল। ইছলাম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল”।

আন এগৰাকী ভুক্তভোগীয়ে কয় যে বাবাই পাকিস্তান, ডুবাই, চৌদি আৰৱ আদি দেশৰ পৰা কোটি কোটি টকাৰ ধন লাভ কৰে। চাংগুৰ বাবাই আগতে আঙুঠি বিক্ৰী কৰিছিল। কিন্তু তাৰ পাছত তেওঁ ধৰ্মান্তৰকৰণৰ ব্যৱসায় আৰম্ভ কৰে। বাবাই হিন্দু ছোৱালীক ধৰ্মান্তৰিত কৰি অযোধ্যা কাণ্ডৰ প্ৰতিশোধ লৈছিল। আন এগৰাকী ভুক্তভোগীয়ে কয় যে ২০১৯ চনত মোৰ মাই এজন ল’ৰাক লগ পাইছিল। সেইজনে কৈছিল যে, এজন ঠাকুৰ বাবা আছে যিয়ে আপোনাৰ সকলো সমস্যা সমাধান কৰিব।

এই কথা শুনি যেতিয়া তেওঁ লক্ষ্ণৌলৈ গৈছিল আৰু তাতেই বাবাক লগ পাইছিল। তেওঁ কয় যে, তেতিয়া, বাবাই মোক তাবিজ এটা দি মোৰ বাবে দোৱা কৰে। ২০২৪ চনত বাবা কানপুৰলৈ আহিছিল। সেই যুৱকজনে মোক বাবাক লগ কৰিবলৈ কৈছিল। মই গৈছিলো আৰু পাছত তেওঁলোকে মোক ফতেহপুৰলৈ লৈ গৈছিল। পৰৱৰ্তী সময়ত মোৰ ধৰ্ম পৰিবৰ্তন কৰা হৈছিল। বাবাই মোক ভিডিঅ’ কলত মুছলমান নাম এটাও দিছিল। সেই যুৱকজন ৫ বছৰ ধৰি যোগাযোগত আছিল আৰু মোৰ মাতৃক বাইদেউ বুলি সম্বোধন কৰিছিল।

উল্লেখ্য যে, এই চাংগুৰ বাবে এতিয়া এ টি এছৰ জিম্মাত আছে। তেওঁ বহু হাজাৰ হিন্দু যুৱতীৰ ধৰ্ম পৰিবৰ্তন কৰাইছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ ভয়ংকৰ! ১৫০০ হিন্দু যুৱতীৰ অবৈধভাৱে ধৰ্ম পৰিবৰ্তন, গ্ৰেপ্তাৰ জামালুদ্দিন আৰু তেওঁৰ সহযোগী…