শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইন্ধনৰ বিষয়ত ফোনত কোনো কথাই হোৱা নাই! ট্ৰাম্পৰ দাবীক অস্বীকাৰ নতুন দিল্লীৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে বৃহস্পতিবাৰে কয়, "ইন্ধনৰ বিষয়ত আমেৰিকাৰ মন্তব্য সন্দৰ্ভত আমি ইতিমধ্যে এক বিবৃতি প্ৰকাশ কৰিছো। মই মাত্ৰ ক’ব পাৰো যে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত কোনো আলোচনা হোৱা নাছিল।"

ইন্ধনৰ বিষয়ত ফোনত কোনো কথাই হোৱা নাই! ট্ৰাম্পৰ দাবীক অস্বীকাৰ নতুন দিল্লীৰ
ট্ৰাম্পৰ দাবীক অস্বীকাৰ দিল্লীৰImage Credit source: Mark Wilson/Getty Images
raj-saikia
Raj Saikia | Published: 17 Oct 2025 13:06 PM

ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয় সন্দৰ্ভত পুনৰ এক অদ্ভুত দাবী ট্ৰাম্পৰ। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল মোদীয়ে। এটা ফোন কলত মোদীয়ে দিছিল এই প্ৰতিশ্ৰুতি। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এই দাবীৰ পিছতেই হৈছিল তীব্ৰ চৰ্চা। এতিয়া এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ ভাৰতৰ। ১৬ অক্টোবৰ বৃহস্পতিবাৰে নতুন দিল্লীয়ে স্পষ্ট কৰি দিছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত কোনো ধৰণৰ আলোচনা হোৱা নাই।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে বৃহস্পতিবাৰে কয়, “ইন্ধনৰ বিষয়ত আমেৰিকাৰ মন্তব্য সন্দৰ্ভত আমি ইতিমধ্যে এক বিবৃতি প্ৰকাশ কৰিছো। মই মাত্ৰ ক’ব পাৰো যে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত কোনো আলোচনা হোৱা নাছিল।”

প্ৰসংগক্ৰমে বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউছত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ বন্ধুত্ব আৰু ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ বিষয়ে কথা পাতিছিল। তেওঁ প্ৰধানমন্ত্ৰী মোদীক উল্লেখযোগ্য ব্যক্তি আখ্যা দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে বহুদিনৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰি আহিছে মোদীয়ে। ইয়াৰ পিছতে ট্ৰাম্পে দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আশ্বাস দিছে যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব ভাৰতে। এই কামটো এদিনতে কৰিব নোৱাৰি, ই এক দীঘলীয়া প্ৰক্ৰিয়া, কিন্তু এই প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ হ’ব।

ট্ৰাম্পে কয় যে যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰে তেন্তে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাটো সহজ হ’ব। যুদ্ধ শেষ হ’লে ভাৰতে পুনৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব পাৰিব।

অৱশ্যে ভাৰতে এক বিবৃতি প্ৰকাশ কৰি কয় যে তেল আৰু গেছ আমদানিকাৰক দেশসমূহৰ ভিতৰত অন্যতম ভাৰত। গ্ৰাহকৰ স্বাৰ্থক দেশে সদায় অগ্ৰাধিকাৰ দি আহিছে। আমদানি নীতি সম্পূৰ্ণৰূপে উদ্দেশ্যৰ দ্বাৰা পৰিচালিত।