জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে প্ৰকাশ কৰিলে ডাঙৰ খবৰ, বিবৃতিত ক’লে এইদৰে
ৰাজ্যত চলি থকা তদন্ত তথা ন্যায়ৰ দাবীৰ সময়তে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰ আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতি যোগে ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে।

অসম তথা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থা চিআইডিয়ে। ইতিমধ্যে এই গোচৰত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এই তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ লগতে ন্যায়ৰ দাবীৰে ৰাজ্যজুৰি দেখা গৈছে প্ৰতিবাদ। ৰাজ্যত চলি থকা তদন্ত তথা ন্যায়ৰ দাবীৰ সময়তে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰ আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতি যোগে ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে।
ছিংগাপুৰ আৰক্ষীয়ে বিবৃতিটোত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অনলাইন যোগে কিছুমান ভুল তথা আনুমানিক তথ্য প্ৰচাৰ কৰি থকা বুলি উল্লেখ কৰিছে। সম্প্ৰতি দেশখনৰ ক’ৰ’নাৰ এক্ট ২০১০ অনুসৰি এই গোচৰৰ তদন্ত চলাই থকা বুলি উল্লেখ কৰি ছিংগাপুৰ পুলিচ ফ’ৰ্চে লগতে তদন্ত সম্পূৰ্ণ হ’বলৈ আৰু তিনিমাহমান সময়ৰ প্ৰয়োজন হ’ব পাৰে বুলি বুলি জানিবলৈ দিছে।
প্ৰাথমিক তদন্তৰ ভিত্তিত ছিংগাপুৰ আৰক্ষীয়ে কোনো ষড়যন্ত্ৰৰ সন্দেহ কৰা নাই বুলি জানিবলৈ দিছে আৰু তদন্তৰ পিছত গোচৰৰ তথ্যসমূহ ছিংগাপুৰৰ ৰাজ্যিক ক’ৰনাৰক দাখিল কৰা হ’ব বুলিও সদৰী কৰে। ইয়াৰ পিছত ক’ৰনাৰ তদন্ত অনুষ্ঠিত কৰিব নে নকৰে সেয়া নিৰ্ধাৰণ কৰা হ’ব বুলিও ছিংগাপুৰ পুলিচ ফ’ৰ্চে বিবৃতিটোত লগতে প্ৰকাশ কৰিছে।
ইফালে তদন্ত প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে বিগত ১ অক্টোবৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু ছিংগাপুৰ পুলিচ ফ’ৰ্চৰ প্ৰাৰম্ভিক তথ্যৰ প্ৰতিলিপি ভাৰতৰ উচ্চায়ুক্তলৈ প্ৰেৰণ কৰা বুলিও এই বিবৃতিটোত উল্লেখ কৰিছে ছিংগাপুৰ পুলিচ ফ’ৰ্চে। ইতিমধ্যে এই প্ৰতিবেদন অসম চৰকাৰেও লাভ কৰিছে।
বিবৃতিটোত ছিংগাপুৰ পুলিচ ফ’ৰ্চে লগতে এই গোচৰৰ সম্যক আৰু পেছাদাৰী তদন্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও স্পষ্ট কৰি দিছে আৰু ইয়াৰ বাবে কিছু সময় লাগে বুলিও দোহাৰে। সকলোকে ধৈৰ্য ধৰিবলৈ আহ্বান জনাই ছিংগাপুৰ পুলিচ ফ’ৰ্চে লগতে এই গোচৰ সন্দৰ্ভত আনুমানিক তথা ভুৱা খবৰ পৰীক্ষা নকৰাকৈ প্ৰচাৰ নকৰিবলৈও আহ্বান জনাইছে।