উত্তৰ-পূবৰ মানুহে ভাৰতীয় বুলি ক’বলগীয়া হোৱাটো দুৰ্ভাগ্যজনক, এঞ্জেল চাকমাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গৌৰৱ গগৈ
সাংসদ গৌৰৱ গগৈয়ে ডেৰাডুনত ত্ৰিপুৰাৰ এঞ্জেল চাকমা নামৰ এজন ছাত্ৰৰ নৃশংস হত্যাকাণ্ডক গৰিহণা দিয়ে। দিল্লীত এখন সংবাদমেলত গগৈয়ে এঞ্জেলৰ মৃত্যুৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি কৰ্তৃপক্ষৰ সঁহাৰিক সমালোচনা কৰে।
ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ লোকে সন্মুখীন হোৱা বৈষম্যৰ ওপৰত আলোকপাত কৰি সোমবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ডেৰাডুনত ত্ৰিপুৰাৰ এঞ্জেল চাকমা নামৰ এজন ছাত্ৰৰ নৃশংস হত্যাকাণ্ডক গৰিহণা দিয়ে। দিল্লীত এখন সংবাদমেলত গগৈয়ে এঞ্জেলৰ মৃত্যুৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি কৰ্তৃপক্ষৰ সঁহাৰিক সমালোচনা কৰে।
গগৈয়ে কয়,”এঞ্জেল চাকমাই অপমান শুনি মৌন হৈ আঁতৰি যাব পাৰিলেহেঁতেন আৰু হয়তো আজিও তেওঁ জীয়াই থাকিলহেঁতেন। কিন্তু সেইদিনা তেওঁৰ ধৈৰ্যৰ সীমা ভাঙি গ’ল আৰু তেওঁক ঠাট্টা কৰা সকলৰ সৈতে তেওঁ মুখামুখি হ’ল। ক্ষমা বিচৰাৰ পৰিৱৰ্তে পাঁচজন মানুহে তেওঁক পিছফালৰ পৰা আক্ৰমণ কৰিলে। ১৪ দিন যুঁজিলে কিন্তু শেষত আঘাতৰ বাবে মৃত্যু হ’ল।”
গগৈয়ে লগতে কয় যে, এঞ্জেলৰ পৰিয়ালৰ লোকে কয় যে, আৰক্ষীয়ে তৎকালীনভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰাৰ পিছতহে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, সেই সময়লৈকে মূল অভিযুক্ত ইতিমধ্যে পলায়ন কৰিছিল।
তেওঁ কয়, “তেওঁৰ পৰিয়ালে কয় যে আৰক্ষীয়ে যিমান ক্ষীপ্ৰতাৰে কাম কৰিব লাগিছিল, সেয়া কৰা দেখা নগ’ল। কিন্তু যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰিছিল, তেতিয়া অৱশেষত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, কিন্তু তেতিয়ালৈকে মূল অভিযুক্ত পলাই গৈছিল।”
গগৈয়ে উদ্বেগ প্ৰকাশ কৰি প্ৰশ্ন কৰে,”এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আন ঠাইতো এনেকুৱা হৈছে নেকি, য’ত উত্তৰ-পূবৰ লোকসকলক এনে ব্যৱহাৰ কৰা হৈছে?”
তেওঁ কয়,”উত্তৰ-পূবৰ মানুহ ভাৰতীয়, চীনা নহয়। ৯ ডিচেম্বৰত ডেৰাডুনৰ বজাৰৰ পৰা উভতি অহাৰ সময়ত ত্ৰিপুৰাৰ এজন যুৱকে এই কথা ক’বলগীয়া হোৱাটো দুৰ্ভাগ্যজনক।” পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত গগৈয়ে নিজৰ বৈষম্যৰ অভিজ্ঞতা ব্যক্ত কৰে।
তেওঁ ক’লে, “মোৰ লগতো এনেকুৱা হৈছিল। এবাৰ আগ্ৰালৈ যোৱাৰ সময়ত এজন গাৰ্ডে মোক সুধিছিল,আপুনি ক’ৰ পৰা আহিছে? মোক আপোনাৰ পাছপ’ৰ্ট দেখুৱাওক। গৌৰৱেৰে আমাৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ, আৰু তাৰ পিছত নিজৰ দেশবাসীৰ পৰা এনেবোৰ কথা শুনিবলৈ অপৰিসীম সাহসৰ প্ৰয়োজন। এইটো আমাৰ সহনশীলতা আৰু দেশপ্ৰেম দুয়োটাৰে প্ৰতীক।”
যোৱা ৯ ডিচেম্বৰত ডেৰাডুনত এদল দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছিল এম বি এৰ ছাত্ৰ এঞ্জেল চাকমাক আৰু পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত দুজন নাবালক আৰু তেওঁলোকক কিশোৰ সংস্কাৰ গৃহলৈ প্ৰেৰণ কৰা হৈছে।
পলায়ন কৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান চলাইছে, যাৰ বাবে ২৫ হাজাৰ টকা পুৰস্কাৰ ঘোষণা কৰা হৈছে। উত্তৰাখণ্ডৰ চিএমঅ’ৰ মতে, পলাতক অভিযুক্তৰ সন্ধানত আৰক্ষীৰ এটা দলো নেপাললৈ প্ৰেৰণ কৰা হৈছে।