শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

“উত্তৰ-পূবৰ মানুহো ভাৰতীয়”, পুত্ৰ বিয়োগত কাতৰ ত্ৰিপুৰাৰ এঞ্জেল চাকমাৰ পিতৃৰ ভাষ্য, বিচাৰিলে সম-ব্যৱহাৰ

ডেৰাডুনত নিহত হোৱা ত্ৰিপুৰাৰ এঞ্জেল চাকমাৰ পিতৃ তৰুণ প্ৰসাদ চাকমাই উত্তৰ-পূবৰ লোকো ভাৰতীয় বুলি উল্লেখ কৰি চৰকাৰক সম-ব্যৱহাৰ নিশ্চিত কৰিবলৈ আহ্বান জনায়। দেশৰ অন্য প্ৰান্তত পঢ়া-শুনা কৰা বা কৰ্মৰত উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ আহ্বান জনায় তৰুণ প্ৰসাদ চাকমাই ।

“উত্তৰ-পূবৰ মানুহো ভাৰতীয়”, পুত্ৰ বিয়োগত কাতৰ ত্ৰিপুৰাৰ এঞ্জেল চাকমাৰ পিতৃৰ ভাষ্য, বিচাৰিলে সম-ব্যৱহাৰ
এঞ্জেল চাকমা
raj-saikia
Raj Saikia | Published: 29 Dec 2025 19:31 PM

উত্তৰ-পূৰ্বাঞ্চল হৈছে অনন্য প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ভাৰতবৰ্ষৰে এটা অংশ। কিন্তু আজিও যেন দেশৰ মূল ভূ-খণ্ডত হেয়জ্ঞান কৰা হয় উত্তৰ-পূবৰ একাংশ লোকক। বহুতেই আপোন বুলি আঁকোৱালি ল’ব নোখোজে তেওঁলোকক। শেহতীয়া তেনে এক উদাহৰণ হৈছে ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ শোকাৱহ মৃত্যু। ডেৰাডুনত নিহত হোৱা ত্ৰিপুৰাৰ এঞ্জেল চাকমাৰ পিতৃ তৰুণ প্ৰসাদ চাকমাই উত্তৰ-পূবৰ লোকো ভাৰতীয় বুলি উল্লেখ কৰি চৰকাৰক সম-ব্যৱহাৰ নিশ্চিত কৰিবলৈ আহ্বান জনায়।

দেশৰ অন্য প্ৰান্তত পঢ়া-শুনা কৰা বা কৰ্মৰত উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ আহ্বান জনায় তৰুণ প্ৰসাদ চাকমাই । সোমবাৰে এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, “উত্তৰ-পূবৰ পৰা আমাৰ ল’ৰা-ছোৱালীয়ে দিল্লী, মুম্বাই, বেংগালুৰুৰ দৰে বিভিন্ন স্থানলৈ কাম কৰিবলৈ বা পঢ়া-শুনা কৰিবলৈ যায়, তেওঁলোকৰ লগত ইমান বিৰূপ ব্যৱহাৰ কৰা উচিত নহয়। আমিবোৰো ভাৰতীয়। চৰকাৰক অনুৰোধ জনাইছো যে সকলোৰে সৈতে সম ব্যৱহাৰ নিশ্চিত কৰক।”

বিএছএফৰ জোৱান তৰুণ প্ৰসাদে এই আক্ৰমণৰ দুখজনক পৰিস্থিতিৰ বিষয়েও বিতংভাৱে প্ৰকাশ কৰে। তেওঁ কয় যে গভীৰ নিশা তেওঁৰ সৰু পুত্ৰৰ পৰা এই আক্ৰমণৰ বিষয়ে ফোন আহিছিল আৰু লগে লগে তেওঁ ডেৰাডুনলৈ যাত্ৰা কৰে।

“মই নিবিচাৰো মোৰ সন্তানৰ লগত যি হ’ল সেয়া আন কাৰোবাৰ লগত হওক। ৰাতি মোৰ সৰু ল’ৰাৰ পৰা ফোন আহিল। মই ছুটী লৈ ডেৰাডুনলৈ ৰাওনা হ’লোঁ। মোৰ সন্তানৰ অৱস্থা সংকটজনক হোৱা দেখিলোঁ; পিঠিত দুবাৰকৈ ছুৰীৰে আঘাত কৰা বাবে বাওঁহাত আৰু ভৰিখন পক্ষাঘাতগ্ৰস্ত হৈ পৰিল। মূৰৰ পৰা তেজ ওলাই আছিল।” তৰুণ চাকমাই কয়।

তেওঁৰ মতে, আৰক্ষীয়ে পৰ্যালোচনা কৰা চিচিটিভি ফুটেজত দেখা গৈছে যে মটৰ চাইকেলত তিনিজন লোকে তেওঁৰ পুত্ৰৰ ওচৰলৈ গৈ কথা পাতে, আৰু তাৰ পিছত তেওঁক আক্ৰমণ কৰে। এঞ্জেল চাকমাই যেতিয়া হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁৰ পিঠিত ছুৰীৰে আঘাত কৰা হৈছিল, গোৰ মাৰিছিল আৰু ডিঙিত গুৰুতৰভাৱে আঘাত পাইছিল।

লগতে পঢ়ক: Anjel Chakma: চাইনীজ বুলি উপহাস, পাছত প্ৰহাৰ! উত্তৰাখণ্ডত প্ৰাণ যোৱা ত্ৰিপুৰাৰ যুৱকৰ সৈতে কি কি হৈছিল?

“মই ঘটনাৰ খবৰ দিবলৈ আৰক্ষীৰ ওচৰলৈ গৈছিলো, আৰু তেওঁলোকে সেই স্থানৰ পৰা চিচিটিভিৰ ফুটেজ পৰ্যালোচনা কৰিছিল। ইয়াত দেখা গ’ল যে মটৰ চাইকেলত তিনিজন লোকে মোৰ সৰু ল’ৰাৰ কাষ চাপিছিল, তেওঁৰ সৈতে কথা পাতিছিল, আৰু তাৰ পিছত গালি দিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে প্ৰথমে তেওঁৰ মূৰত আক্ৰমণ কৰিছিল, আৰু যেতিয়া মোৰ ডাঙৰ ল’ৰাটোৱে তেওঁক উদ্ধাৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকে তেওঁৰ পিঠিত ছুৰীৰে আঘাত কৰিছিল। তাৰ পিছত তেওঁলোকে তেওঁক গোৰ মাৰি ডিঙি ভাঙি পেলাইছিল। অৱশেষত তেওঁলোকৰ দুজন বন্ধুৱে উদ্ধাৰ কৰে। মোৰ সন্তানক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।”

তৰুণ প্ৰসাদে অভিযোগ পঞ্জীয়ন কৰিবলৈ যাওঁতে প্ৰথমে পৰিয়ালটোৱে প্ৰতিৰোধৰ সন্মুখীন হোৱা বুলিও অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয় যে তেওঁলোকে এফআইআৰ দাখিল কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকক নাকচ কৰা হৈছিল, কোৱা হৈছিল যে এইটো এটা সৰু কথা… আমি তালৈ যোৱাৰ পিছতহে অৱশেষত তেওঁলোকে গোচৰটো পঞ্জীয়ন কৰিছিল।

ইফালে, যোৱা ৯ ডিচেম্বৰত ডেৰাডুনত এম বি এৰ ছাত্ৰ এঞ্জেল চাকমাক এদল দুষ্কৃতিকাৰীয়ে দা আৰু অন্যান্য মূক বস্তুৰে আক্ৰমণ কৰিছিল আৰু পিছত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰ মৃত্যু হৈছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে দুজন অভিযুক্ত নাবালক আৰু তেওঁলোকক কিশোৰ সংস্কাৰ গৃহলৈ প্ৰেৰণ কৰা হৈছে।

পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অহৰহ অভিযান চলাই আছে, যাৰ ওপৰত ২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। উত্তৰাখণ্ডৰ চিএমঅ’ই জনোৱা মতে, পলাতক অভিযুক্তৰ সন্ধানত আৰক্ষীৰ এটা দল নেপাললৈও প্ৰেৰণ কৰা হৈছে।

ইয়াৰ পূৰ্বে আজি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শোক প্ৰকাশ কৰাৰ লগতে ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ পৰিয়ালক ন্যায়ৰ আশ্বাস দিয়ে। ধমীয়ে এঞ্জেলৰ পিতৃ তৰুণ প্ৰসাদ চাকমাৰ সৈতে কথা পাতি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে। “এইটো এটা দুখজনক ঘটনা আছিল। আমি নিশ্চিত কৰিম যে দোষীসকলে কঠোৰতম শাস্তি লাভ কৰে। আমি এই প্ৰয়োজনৰ সময়ত আপোনালোকৰ লগত আছো। আমি যিমান পাৰো সহায় কৰিম।” ধামীয়ে সমৰ্থনৰ আশ্বাস দি কয়।

উত্তৰাখণ্ডৰ চিএমঅ’ৰ মতে, মুখ্যমন্ত্রীয়ে তৰুণ চাকমাক কয় যে উত্তৰাখণ্ডত কেতিয়াও এনে পৰিৱেশ নাছিল, কিয়নো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু বিদেশৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়ালৈ পঢ়া-শুনা কৰিবলৈ আহে। সেয়ে এই ঘটনা সকলোৰে বাবে দুখজনক। তেওঁ আৰু কয় যে এই ঘটনাৰ পিছত তেওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে কথা পাতিছিল।