শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দৃশ্য দেখি হতবাক আৰক্ষী! হোটেলৰ বন্ধ কোঠাৰ পৰা উদ্ধাৰ প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ…

দেশত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। এহাল প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ।

দৃশ্য দেখি হতবাক আৰক্ষী! হোটেলৰ বন্ধ কোঠাৰ পৰা উদ্ধাৰ প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ…
যুৱতীগৰাকীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 14 Jul 2025 20:10 PM

দেশত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। ইয়াৰ মাজতে এখন হোটেলৰ পৰা এজন যুৱক আৰু এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোমবাৰে যুৱতীগৰাকীৰ মৃতদেহ তেওঁৰ জন্মগাঁৱত আহি হোৱাৰ পাছতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। সমগ্ৰ গাঁৱত যুৱতীগৰাকীৰ মৃত্যুত শোকৰ ছা পৰে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাৰবাংকি জিলাৰ আৰোমা ৰাৱটত।

তথ্য অনুসৰি অৰোমা ৰাৱট জিলাখনৰ অধুৰজান পূৰ্বা গাঁৱৰ বাসিন্দা আছিল যুৱতীগৰাকী। কিন্তু অযোধ্যাৰ এখন হোটেলত যুৱতীগৰাকীৰ অতি ৰহস্যজনক অৱস্থাত মৃত্যু হয়। দেওবাৰ (১৩ জুলাই) অযোধ্যাৰ এটা হোমষ্টেৰ পৰা যুৱতীগৰাকীৰ মৃতেদহ উদ্ধাৰ হয়। জানিব পৰা মতে, যুৱতীগৰাকীয়ে দেওবাৰে প্ৰেমিক আয়ুষ গুপ্তাৰ সৈতে হোমষ্টেটোলৈ গৈছিল। দুয়োজনে ৰুম এটা বুকিং কৰি একেলগে আছিল। গোটেই দিনটো দুয়ো কোঠাৰ ভিতৰতে আছিল।

তাৰ পাছত সন্ধিয়া হোটেলৰ কৰ্মচাৰীয়ে দুয়োকে চাহ দিবলৈ যায়। কিন্তু বহু বাৰ মাত লগোৱাৰ পাছতো কোনো সঁহাৰি লাভ নকৰিলে। দুয়ো ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি থৈছিল। কথা বিষম দেখি হোটেলৰ কৰ্মচাৰীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু কিছুসময় পাছতে উক্ত স্থানত আৰক্ষী উপস্থিত হয়।

আৰক্ষীয়েও প্ৰথমে তেওঁলোকক বাহিৰৰ পৰা মাতে কিন্তু কোনো সঁহাৰি লাভ নকৰে।পাছত আৰক্ষীয়ে কোঠাৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু দৃশ্য দেখি হতবাক হৈ পৰে। যুৱতীগৰাকীৰ মৃতদেহ বিচনাৰ ওপৰত তেজেৰ লুতুৰী-পুতুৰী অৱস্থাত পৰি আছিল, আনহাতে যুৱকজনৰ মৃতদেহ পৰি আছিল মজিয়াত। আৰক্ষীৰ মতে, যুৱকজনে প্ৰথমে যুৱতীগৰাকীক গুলীয়াই হত্যা কৰে আৰু পাছত নিজকো গুলী মাৰে।

ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এটা অবৈধ তথা হাতেৰে নিৰ্মিত পিষ্টল। আৰক্ষীয়ে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ফৰেনছিক দলে প্ৰমাণ সংগ্ৰহ কৰে। অযোধ্যা আৰক্ষীয়ে জনোৱা মতে, এই হত্যাকাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে। প্ৰেমৰ সম্পৰ্ক, পাৰিবাৰিক উত্তেজনা আৰু সন্মান সকলো দিশত তদন্ত চলাই থকা হৈছে।

আৰক্ষীয়ে জনাই যে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু ফৰেনছিক প্ৰমাণৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।  এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ এই হত্যাকাণ্ড সংঘটিত হ’ল। যুৱক-যুৱতীৰ মৃত্যুত তেওঁলোকৰ পৰিয়াল আৰু আত্মীয়ৰ মাজত এতিয়া শোকৰ ছা পৰিছে।

 

অন্য খবৰ পঢ়কঃ আকাছা এয়াৰৰ বিমানত খুন্দা কাৰ্গো কন্টেইনাৰৰ, পাছত…