মুম্বাই বিমান বন্দৰত ডাঙৰ ঘটনা! আকাছা এয়াৰৰ বিমানত খুন্দা কাৰ্গো কন্টেইনাৰৰ, পাছত…
বিগত সময়চোৱাত বহু কেইটা বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ মাজতে আজি মুম্বাইৰ এটা এয়াৰপোৰ্টত এখন বিমানে এখন বাহনত খুন্দা মাৰে। তাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষই বিমানখন উৰণত বাধা দিয়ে।

আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। ইয়াৰ পাছতেই বিমান সংস্থাসমূহ অধিক সতৰ্ক হৈ পৰিছে আৰু যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিছে। কাৰিকৰী বিজুতি বা অন্য কাৰণত যোৱা কেইটামান দিনত কেইবাখনো বিমানৰ জৰুৰী অৱতৰণ কৰা হৈছে। ইয়াৰ মাজতে সোমবাৰে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে এখন বিমান। আজি পুৱা মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক বৃহৎ দুৰ্ঘটনা ৰোধ হয়।
উৰণৰ পূৰ্বে এখন কাৰ্গো কণ্টেইনাৰ বাহনত আকাছা এয়াৰলাইন্সৰ বিমান QP1410 (মুম্বাইৰ পৰা দিল্লীলৈ)ৰ উইঙত খুন্দা মাৰে। যাৰ ফলত বিমান আৰু বাহনখন সামান্য পৰিমাণে কিছু ক্ষতিগ্ৰস্ত হয়।ঘটনাৰ পিছত সংশ্লিষ্ট বিমানখনক AOG (Aircraft on Ground) ঘোষণা কৰি উৰণৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰা হয়।
১৪ জুলাইৰ পুৱা প্ৰায় ০৪:৫৪ বজাত আকাছা এয়াৰলাইন্সৰ বিমান QP1736 (বেংগালুৰুৰ পৰা মুম্বাইলৈ) বে এ-৭ত ৰখাই থৈছিল। পৰৱৰ্তী বিমান QP1410 মুম্বাইৰ পৰা দিল্লীলৈ ৰাওনা হোৱাৰ কথা আছিল। বিমানখনত যাত্ৰী উঠাৰ পূৰ্বে সামগ্ৰী নমাই অনাৰ সময়ত বি ডব্লিউ এফ এছ (বাৰ্ড ৱৰ্ল্ডৱাইড ফ্লাইট চাৰ্ভিচেছ)ৰ এখন কণ্টেইনাৰ বাহনে বিমানখনৰ সোঁফালৰ উইঙত খুন্দা মাৰে। যাৰ ফলত বিমান আৰু কন্টেইনাৰৰ ক্ষতিসাধন হয়।
সংঘৰ্ষৰ লগে লগে ঘটনাস্থলীত বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হয়। তদন্তত বিমানখন উৰণৰ বাবে উপযুক্ত নহয় বুলি ধৰা পৰে। কাৰিকৰীভাৱে ইয়াক এয়াৰক্ৰাফ্ট অন গ্ৰাউণ্ড (AOG) বুলি ঘোষণা কৰা হয়। তাৰ পাছতে এই বিমানখন বাতিল কৰি আকাছা এয়াৰলাইন্সে বিমানখনৰ বাবে এখন নতুন বিমান (VT-VBB) যোগান ধৰে, যিখন বিমান বে V17R ত ৰখাই থোৱা হৈছিল। তাৰ পাছত গেট-২৯ৰ পৰা বাছযোগে যাত্ৰী বৰ্ডিং কৰা হয়।
এয়া কোনো ডাঙৰ ঘটনা নহয়, কিন্তু ই এয়াৰছাইডৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। কিয়নো যোৱা সময়চোৱাত দেশত তীব্ৰগতিত বৃদ্ধি পাইছে বিমান দুৰ্ঘটনাৰ ঘটনা। অৱশ্যে আজিৰ ঘটনাক আকাছা এয়াৰ আৰু বিমানবন্দৰ প্ৰশাসনে সময়মতে বিকল্প ব্যৱস্থা কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত। তদন্তৰ অন্তত অধিক তথ্য় পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ উৰণৰ সময়তে ইঞ্জিন বিকল! পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা…