শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দৰিদ্ৰতাই কোঙা কৰিছিল পৰিয়ালটোক! অৱশেষত ২ বছৰীয়া শিশুটিক…

পিতৃগৰাকীয়ে কয় যে, দীৰ্ঘদিন ধৰি তেওঁ নিবনুৱা হৈ আছিল। কোনো কাম লাভ কৰা নাছিল। যাৰ বাবে ঘৰখন আৰ্থিক সংকটত পৰিছিল আৰু তেওঁৰ বাবে পৰিয়াল পোহপাল দিয়া কঠিন হৈ পৰিছিল।

দৰিদ্ৰতাই কোঙা কৰিছিল পৰিয়ালটোক! অৱশেষত ২ বছৰীয়া শিশুটিক…
শিশু (প্ৰতীকী ফটো)Image Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 27 May 2025 12:27 PM

কিমান কষ্টত নিজৰ সন্তানক অন্ধকাৰলৈ ঠেলি দিব পাৰে এগৰাকী পিতৃয়ে?  হয়তো নিবনুৱা আৰু দৰিদ্ৰতাই মানুহক যিকোনো কাম কৰিবলৈ বাধ্য কৰায়!  শেহতীয়াকৈ এনে এক খবৰ পোহৰলৈ আহিছে য’ত নিজৰ পিতৃয়ে প্ৰায় দুবছৰীয়া সন্তানক বিক্ৰী কৰে। পত্নীয়ে গ’ম নোপোৱাকৈ নিজৰ কন্যাক আনৰ হাতত গতাই দিয়ে তেওঁ। কিন্তু যেতিয়া মাকে কন্যাক বিচাৰি বিচাৰি হাবাথুৰি খাই তেতিয়াই এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ পাছতে মাতৃয়ে এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

এই ঘটনাটো বিহাৰৰ দনাপুৰৰ মাল চালামীৰ ভৈনসনী টোলাৰ। তথ্য লাভৰ পাছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি পিতৃ, এগৰাকী নাৰ্ছ আৰু এহাল দম্পতীক গ্ৰেপ্তাৰ কৰে। তথ্য অনুসৰি, আৰক্ষীয়ে প্ৰথম অৱস্থাত শিশুটিৰ পিতৃক গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত লোকজনে নাৰ্ছগৰাকীৰ কথা কয়। যেতিয়া নাৰ্ছগৰাকীৰ আৰক্ষীয়ে জেৰা চলাই তেতিয়া তেওঁ এহাল দম্পতীৰ বিষয়ে আৰক্ষীক জনায়। এইহাল দম্পতীয়ে শিশুটিক নাৰ্ছগৰাকীৰ পৰা ক্ৰয় কৰিছিল। পাছত আৰক্ষীয়ে দম্পতীহালকো গ্ৰেপ্তাৰ কৰে। আনহাতে নিৰাপদে উদ্ধাৰ হৈছে কনমানিটো। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

আৰক্ষীৰ জেৰাত পিতৃগৰাকীয়ে কয় যে, দীৰ্ঘদিন ধৰি তেওঁ নিবনুৱা হৈ আছিল। কোনো কাম লাভ কৰা নাছিল। যাৰ বাবে ঘৰখন আৰ্থিক সংকটত পৰিছিল আৰু তেওঁৰ বাবে পৰিয়াল পোহপাল দিয়া কঠিন হৈ পৰিছিল। এই সন্দৰ্ভত তেওঁ দনাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত এগৰাকী নাৰ্ছৰ সৈতে আলোচনা কৰিছিল। নাৰ্ছগৰাকীক চাকৰি এটা যোগাৰ কৰি দিবলৈ অনুৰোধ জনাইছিল। নাৰ্ছগৰাকীয়েও তেওঁক বিশ্বাস দিছিল যে সোনকালে কিবা এটা কৰিব। ইয়াৰ মাজতে কিছুদিনৰ বাবে লোকজনৰ পত্নী মাকৰ ঘৰলৈ যায়।

অভিযুক্তই লগতে কয় যে, এদিন পত্নীৰ অনুপস্থিতিত নাৰ্ছগৰাকীয়ে তেওঁক ফোন কৰি কন্যাক বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছিল। কৈছিল যে, দুবছৰীয়া কন্যা সন্তানটি বিক্ৰী কৰিলে তেওঁ ৪০ হাজাৰ টকা লাভ কৰিব। নাৰ্ছগৰাকীয়ে এক প্ৰকাৰ তেওঁক আবেগৰ জালত পেলাইছিল। নাৰ্ছগৰাকীয়ে কৈছিল যে, তেওঁ জীয়েকক ভালদৰে খুৱাব পৰা নাই, কাপোৰ কিনি দিব পৰা নাই। গতিকে কোনো ভাল পৰিয়ালৰ ওচৰলৈ যদি তেওঁ যায় তেন্তে ভালকৈ ডাঙৰ-দীঘল হব। ভাল খাদ্য লাভ কৰিব আৰু সুন্দৰ জীৱন পাব। সেই কথা শুনি শুনাৰ পাছতে লোকজনে নিজক কন্যাক বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানক যোগান ধৰিছিল ভাৰতৰ গোপন তথ্য! গ্ৰেপ্তাৰ CRPF জোৱান…