২২ গজত অভিষেক, ৰাজনীতিত চিৰাগ! অনন্য ‘ষ্ট্ৰাইক ৰেট’ৰ সমুখত বিধ্বস্ত প্ৰতিপক্ষ
এন ডি এ গোটৰ সহযোগী দল লোক জনশক্তি পাৰ্টিয়ে এইপৰ্যন্ত আকাংক্ষিত সফলতা লাভ কৰা দেখা গৈছে। দলৰ সভাপতি চিৰাগ পাছৱানে নিৰ্বাচনী প্ৰচাৰৰ সময়তে এক বিশেষ দাবী কৰিছিল। এতিয়া চিৰাগৰ এই দাবী ক্ৰমাৎ বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে।
আজি ঘোষণা কৰা হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। মুঠ ২৪৩খন আসনৰ বাবে সম্প্ৰতি চলি আছে ভোটগণনা। এইপৰ্যন্ত শাসকীয় এন ডি এই ১৯৯খন আসনতে আগবাঢ়ি এক বৃহৎ বিজয়ৰ দিশে অগ্ৰসৰ হৈছে। আনহাতে বিৰোধীৰ মহাগঠবন্ধনে মাত্ৰ ৫০খন আসনতহে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। এন ডি এ গোটৰ সহযোগী দল লোক জনশক্তি পাৰ্টিয়েও এইপৰ্যন্ত আকাংক্ষিত সফলতা লাভ কৰা দেখা গৈছে। দলৰ সভাপতি চিৰাগ পাছৱানে নিৰ্বাচনী প্ৰচাৰৰ সময়তে এক বিশেষ দাবী কৰিছিল। এতিয়া চিৰাগৰ এই দাবী ক্ৰমাৎ বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে।
নিৰ্বাচনী প্ৰচাৰৰ সময়ত চিৰাগে উল্লেখ কৰিছিল যে যোৱা লোকসভা নিৰ্বাচনত তেওঁৰ দলৰ জয়ৰ হাৰ ১০০% আছিল। দলটোৱে ছয়খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰি আটাইকেইখন আসনতে জয়লাভ কৰিছিল। ২০১৯ চনৰ এই লোকসভা নিৰ্বাচনত ঝামুই, হাজীপুৰ, বৈশালী, নৱাড়া, খগড়িয়া আৰু সমস্তীপুৰ লোকসভাৰ আসনত দলটোৱে জয়লাভ কৰিছিল।
চিৰাগ পাছৱানৰ দাবী
এইবাৰ বিধানসভা নিৰ্বাচনতো দলে এনে ফলাফল লাভ কৰিব বুলি চিৰাগ পাছৱানে দাবী কৰিছিল। এই বিধানসভা নিৰ্বাচনত ২৯খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে লোক জনশক্তি পাৰ্টিয়ে। ইয়াৰে ২২খন আসনত এইপৰ্যন্ত অগ্ৰগতি লাভ কৰিছে দলটোৱে। যদি এই প্ৰাৰ্থীসকলে জয়লাভ কৰে, তেতিয়া চিৰাগ পাছৱানৰ দলৰ জয়ৰ হাৰ হ’ব ৭৫%।
ৰাজনীতিৰ ‘অভিষেক’
পাছৱানৰ জয়ৰ এই হাৰ ভাৰতীয় দলৰ যুৱ তাৰকা অভিষেক শৰ্মাৰ সৈতেহে যেন মিলে। বিস্ফোৰক বেটিঙৰ বাবে পৰিচিত অভিষেকৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ষ্ট্ৰাইক ৰেট অনন্য। ২০২৪-২০২৫ ছিজনত ১৭খন মেচত ১৯৩.৮৪ ষ্ট্ৰাইক ৰেটেৰে ৫৩৫ ৰান সংগ্ৰহ কৰি অভিষেকে প্ৰতিপক্ষৰ সমুখত নিজৰ চমক অব্যাহত ৰাখিছে।
ক্ৰিকেটৰ পথাৰত অভিষেকে এনে অতুলনীয় ষ্ট্ৰাইক ৰেটেৰে ৰান সংগ্ৰহ কৰাৰ দৰেই ৰাজনীতিৰ পথাৰত চিৰাগে অনন্য ষ্ট্ৰাইক ৰেটেৰে জয়ৰ ধাৰা অব্যাহত ৰখাৰ দিশে অগ্ৰসৰ হৈছে। লোকসভা নিৰ্বাচনৰ পিছত এতিয়া বিহাৰ নিৰ্বাচনতো এনে এক স্পষ্ট ইঙ্গিতেই প্ৰায় প্ৰদান কৰিছে চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টিয়ে।
যোৱা নিৰ্বাচনত হৈছিল বিফল
লক্ষণীয়ভাৱে ২০২০ চনৰ বিধানসভা নিৰ্বাচনত চিৰাগ পাছৱানৰ দলে এন ডি এ মিত্ৰজোঁটৰ পৰা পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিছিল। অৱশ্যে এই নিৰ্বাচনত বিফল হৈছিল দলটো। লোক জনশক্তি পাৰ্টিয়ে ১৩৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও মাত্ৰ এখন আসনতহে জয়ৰ মুখ দেখিছিল। আনহাতে দলটোৱে ৫.৬৮% অৰ্থাৎ প্ৰায় ২৩.৮৩ লাখ ভোট লাভ কৰিছিল।