শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শিক্ষকৰ নামত কলংক! ফোনত ২,৫০০ টা ভিডিঅ’, মহিলাই বিৱৰি ক’লে সকলো…

এজন শিক্ষকৰ কাণ্ডই চকু কপালত তুলিছে বিভিন্নজনৰ। জানিব পৰা মতে শাৰীৰিক শিক্ষাৰ এজন শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। তেওঁ হাজাৰ হাজাৰ মহিলা, যুৱতীৰ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে।

শিক্ষকৰ নামত কলংক! ফোনত ২,৫০০ টা ভিডিঅ’, মহিলাই বিৱৰি ক’লে সকলো…
প্ৰতীকি ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 24 Sep 2025 23:11 PM

পোহৰলৈ আহিছে এক ডাঙৰ ঘটনা। এগৰাকী মহিলাই শাৰীৰিক শিক্ষা আৰু ক্ৰিকেট প্ৰশিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰি কৈছে যে, শিক্ষকগৰাকীৰ ফোনত হাজাৰ হাজাৰ মহিলাৰ পৰ্ণগ্ৰাফিক ভিডিঅ’ আছে। এই সন্দৰ্ভত মহিলাগৰাকীয়ে মহিলা আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। এই ঘটনা সংঘটিত হৈছে বেংগালুৰুত।

তথ্য অনুসৰি বেংগালুৰুৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ক্ৰিকেট প্ৰশিক্ষক মেথিউ এন্নুভাটানৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি তেওঁ  হাজাৰ হাজাৰ মহিলাৰ ব্যক্তিগত সময়ৰ ভিডিঅ’ ৰেকৰ্ড কৰি ৰাখিছে। এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে, অভিযুক্তৰ ওচৰত ক’মেও ২৫০০ টা অশ্লীল ভিডিঅ’ আছে। ইমানেই নহয় তেওঁ বহু মহিলাৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰে আৰু সেইবোৰো ভিডিঅ’ কৰে। ভুক্তভোগীয়ে আৰক্ষীৰ ওপৰতো অভিযোগ উত্থাপন কৰি কয় যে, আৰক্ষীয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই।

তাৰ পাছতে তেওঁ মহিলা আয়োগত এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি মেথিউৱে তেওঁৰ লগত ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ৰেকৰ্ড কৰিছিল।ইমানেই নহয়, তেওঁ মেথিউৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰো অভিযোগ উত্থাপন কৰে।  প্ৰমাণ হিচাপে মহিলাগৰাকীয়ে কিছুমান অশ্লীল ভিডিঅ’ আৰু ফটো মহিলা আয়োগক দিছে। তেওঁ নিজৰ লগতে আন বহু মহিলাৰ ভিডিঅ’ আয়োগক দিছে। এই ভিডিঅ’সমূহত বিবাহিতা মহিলাৰ পৰা যুৱতী পৰ্যন্ত আছে।

ভুক্তভোগীয়ে জনাই য়ে, তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল। পাছত কন্যাই পঢ়া ব্যক্তিগত বিদ্যালয়ত তেওঁ মেথিউক লগ পাইছিল। মেথিউয়ে সেই বিদ্যালয়খনত  ক্ৰিকেট প্ৰশিক্ষক আৰু শাৰীৰিক শিক্ষাৰ শিক্ষক হিচাপে কাম কৰিছিল।  প্ৰথমে দুয়ো চিনাকী হৈছিল আৰু পাছত দুয়োৰে মাজত ভাল সম্পৰ্ক গঢ় লৈ উঠিছিল। ভুক্তভোগীয়ে জনোৱা মতে, পাছত তেওঁলোকে গীৰ্জাত বিয়া হৈছিল। কিন্তু বিয়াৰ পাছত স্বামীৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহিছিল। তেওঁ তেওঁলোকৰ ব্যক্তিগত সময়ৰ ফটো, ভিডিঅ’ সংগ্ৰহ কৰি কৰিছিল।

মহিলাগৰাকীয়ে কয় যে, তেওঁলোকে বিবাহৰ পাছত কেইবছৰমান একেলগে আছিল। কিন্তু এদিন মেথিউ হাঠতে তেওঁৰ ফোনটোৰ সৈতে পলাই যায়। য’ত মহিলাগৰাকীৰ লগতে আন বহু মহিলাৰ ফটো, ভিডিঅ’ আছিল। তাৰ পাছতে মহিলাগৰাকীয়ে প্ৰথমে আৰক্ষী আৰু পাছত মহিলা আয়োগৰ কাষ চাপে। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ কাষ চাপিছে আমেৰিকা-পাকিস্তান! কাইলৈ ৱাশ্বিংটনত ট্ৰাম্প আৰু শ্বেহবাজ শ্বৰীফৰ বৈঠক…