কাষ চাপিছে আমেৰিকা-পাকিস্তান! কাইলৈ ৱাশ্বিংটনত ট্ৰাম্প আৰু শ্বেহবাজ শ্বৰীফৰ বৈঠক…
ক্ৰমান্বয়ে সম্পৰ্ক উন্নত হোৱাৰ দিশে আমেৰিকা আৰু পাকিস্তানৰ। ট্ৰাম্পে আমেৰিকাৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা দুই দেশৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাইছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে ট্ৰাম্প আৰু শ্বেহবাজৰ মাজত বৈঠক অনুষ্ঠিত হ'ব।

ক্ৰমান্বয়ে অধিক উন্নত হোৱাৰ দিশে আগবাঢ়িছে পাকিস্তান আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ ২৫ ছেপ্টেম্বৰত ৱাশ্বিংটলৈ যাব পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ অৰ্থে বৰ্তমান নিউয়ৰ্কত আছে শ্বেহবাজ। পাকিস্তানকে ধৰি ৮ খন ইছলামিক-আৰব দেশৰ নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত মঙলবাৰে ট্ৰাম্পৰ সৈতে অনানুষ্ঠানিক আলোচনাত মিলিত হৈছিল শ্বেহবাজ।
ইয়াৰ পাছতে এতিয়া বৃহস্পতিবাৰে হোৱাইট হাউচলৈ যাব পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকী। শ্বেহবাজে এই এদিনীয়া ভ্ৰমণসূচীৰ পাছতে নিউয়ৰ্কলৈ ঘূৰি আহি বাকী থকা ইউএনজিএৰ বৈঠকত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, শেষৰবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনতে এক বৈঠক অনুষ্ঠিত কৰিছিল। সেই সময়ত ইমৰাণ খানে আমেৰিকা ভ্ৰমণ কৰিছিল। গতিকে ইমান বছৰ পাছত এইবাৰ শ্বেহবাজৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।
মন কৰিবলগীয়া যে, যেতিয়া আমেৰিকাত জো বাইডেনে শাসন কৰি আছিল, তেতিয়া তেওঁ পাকিস্তানৰ পৰা দূৰত্ব বজাই ৰাখিছিল। পাকিস্তানৰ কোনো প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁ ফোনত কথা পতা নাছিল বা আমেৰিকালৈ আমন্ত্ৰণ জনোৱাও নাছিল। কিন্তু এইবাৰ ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে ছবি সলনি হয়। ট্ৰাম্পে ক্ৰমান্বয়ে কাষ চপাই আনিছে পাকিস্তানক।
কিছুদিন পূৰ্বে যোৱা জুন মাহত পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল অসীম মুনিৰে আমেৰিকা ভ্ৰমণ কৰি ট্ৰাম্পক সাক্ষাৎ কৰিছিল। সেই পদক্ষেপ দুই দেশৰ সম্পৰ্ক উন্নত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি গণ্য কৰা হৈছিল। তাৰ পাছতে এতিয়া শ্বেহবাজ আৰু ট্ৰাম্পৰ মাজত অনুষ্ঠিত হ’ব বৈঠক।
আশা কৰা হৈছে যে এই বৈঠকত দুই দেশৰ নেতাই আফগানিস্তান, সন্ত্ৰাসবাদ, বাণিজ্য, আঞ্চলিক বিষয়সমূহৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰিব পাৰে। দুই দেশৰ এই বৈঠকে এতিয়া বিভিন্নজনে দৃষ্টি কাঢ়িছে। ট্ৰাম্পে পাকিস্তানৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ আগ্ৰহী যদিও বৰ্তমান সকলো প্ৰাৰম্ভিক পৰ্যায়ত আছে।
অন্য খবৰ পঢ়ক- H1B visa: বিপদত পৰিব ৭০% ভাৰতীয়! এতিয়াৰ পৰা আমেৰিকাক দিব লাগিব ৮৮ লাখ টকা…