শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হত্যা কৰা হৈছিল সংবিধানক! জৰুৰীকালীন অৱস্থাৰ ক’লা দিনবোৰ কেতিয়াও পাহৰিব নালাগেঃ হিমন্ত বিশ্ব শৰ্মা

শৰ্মাই কয়, "জৰুৰী পৰ্যায়ৰ ক'লা অধ্যায়ৰ বিষয়ে যুৱ প্ৰজন্মই জনা উচিত। সেয়া আমি কেতিয়াও পাহৰিব নালাগে আৰু কেতিয়াও তাক পুনৰ উভতাই আনিব দিব নালাগে।

হত্যা কৰা হৈছিল সংবিধানক! জৰুৰীকালীন অৱস্থাৰ ক’লা দিনবোৰ কেতিয়াও পাহৰিব নালাগেঃ হিমন্ত বিশ্ব শৰ্মা
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Updated On: 25 Jun 2025 14:22 PM

দেশৰ বাবে এটি ক’লা দিন। আজিৰ দিনটোতেই ১৯৭৫ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জাৰি কৰিছিল জৰুৰীকালীন অৱস্থা। যোৱা বছৰৰ পৰা এই দিৱসটো বিজেপিয়ে ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰি আছে। ২০২৫ চনৰ ২৫ জুন জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে। কংগ্ৰেছে সংবিধানক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, এতিয়া সেই কংগ্ৰেছে সংবিধান ৰক্ষা কৰাৰ দাবী জনায়।

সামাজিক মাধ্যমত শৰ্মাই লিখে- “২৫ জুন৷ আজিৰ পৰা ৫০ বছৰ পূৰ্বে এই দিনটোতে ভাৰতীয় সংবিধানক নস্যাৎ কৰি গণতন্ত্ৰক হত্যা কৰাৰ এক ক’লা অধ্যায়ৰ সূচনা কৰিছিল৷ স্মৰ্তব্য যে যিসকলে সংবিধানক বুঢ়া আঙুলি দেখুৱাইছিল, সেইসকলেই আজি সংবিধান ৰক্ষাৰ প্ৰবচন আগবঢ়ায়৷ জৰুৰীকালীন সময়ৰ সেই ক’লা ইতিহাসক কোনেও পাহৰিব নোৱাৰে, ইতিহাসে মনত ৰাখিব সেই সময়ক… जिन्होंने खुद घोटा संविधान का गला, आज वही लोग संविधान के रक्षक बन रहे हैं। 25 जून ~ भारत के लोकतंत्र के सबसे काले अध्याय की याद दिलाता है।”

উল্লেখ্য যে, জৰুৰীকালীন অৱস্থাৰ ঘোষণা ভাৰতৰ বাবে এক ক’লা অধ্যায় আছিল। সেই সময়ত ইন্দিৰা গান্ধীয়ে দেশবাসীৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দি বিৰোধী নেতাসকলক কাৰাগাৰত ভৰাইছিল। ইমানেই নহয়, সেই সময়ত হাজাৰ হাজাৰ মানুহ কাৰাগাৰত আছিল, কাঢ়ি পেলোৱা হৈছিল সংবাদ মাধ্যমৰ স্বাধীনতা। সেই ক’লা ক্ষণ উপলক্ষে ২০২৪ চনত ২৫ জুনক আনুষ্ঠানিকভাৱে সংবিধান হত্যা দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বিজেপিয়ে। এই দিৱসটোয়ে স্বাধীন ভাৰতৰ ইতিহাসৰ অন্যতম বিতৰ্কিত সময়ৰ কথা সোঁৱৰাই দিয়ে।

সেই দিনটোক সুঁৱৰি শৰ্মাই আন এটা পোষ্টত লিখে যে- “আমি কাহানিও পাহৰা উচিত নহয় যে— ১) ক্ষমতা লিপ্সাৰ বাবে কংগ্ৰেছ দলে গণতন্ত্রক বৃদ্ধাংগুষ্ঠ দেখুৱাই সংবিধানক হত্যা কৰিছিল, ২) আনকি ৫০ বছৰৰ পাছতো জৰুৰীকালীন অৱস্থাৰ আঁৰৰ মানসিকতা কংগ্ৰেছত বিকশিত হৈ আছে আৰু ই সঘনাই সময়ে সময়ে পৰিলক্ষিত হৈ আহিছে। প্ৰতিগৰাকী যুৱক-যুৱতীয়ে সংবিধান হত্যা দিৱসৰ গুৰুত্ব বুজিবলৈ দিছপুৰৰ এই বিশেষ প্ৰদৰ্শনী দৰ্শন কৰা উচিত।”

ইয়াৰোপৰি শৰ্মাই সেই ক’লা দিনকেইটাত সংবিধান ৰক্ষাৰ বাবে দৃঢ়তাৰে থিয় দিয়া সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছ চৰকাৰ পতনৰ কৰ্তৃত্ব শৰ্মাই তেওঁলোকক প্ৰদান কৰি শৰ্মাই কয় যে, কংগ্ৰেছৰ পতন আছিল ভাৰতৰ গণতান্ত্ৰিক যাত্ৰাৰ এটা “লজ্জাজনক” পৰ্যায়ৰ প্ৰয়োজনীয় অন্ত।

শৰ্মাই কয়, “জৰুৰী পৰ্যায়ৰ ক’লা অধ্যায়ৰ বিষয়ে যুৱ প্ৰজন্মই জনা উচিত। সেয়া আমি কেতিয়াও পাহৰিব নালাগে আৰু কেতিয়াও তাক পুনৰ উভতাই আনিব দিব নালাগে। সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। সেয়া কেবিনেটৰ সিদ্ধান্ত নাছিল। ভাৰতৰ বিবেকত ই প্ৰচণ্ড আঘাত দিছিল। ভাৰতক গণতন্ত্ৰৰ জননী বুলি কয়। কিন্তু জৰুৰীকালীন অৱস্থা সভ্যতা-সংস্কৃতি, ভাৰতীয় মন-সংস্কৃিতৰ ওপৰত কুঠাৰাঘাত। মৌলিক অধিকাৰ কাঢ়ি লোৱা হৈছিল, উচ্চতম ন্যায়ালয়েও সেই সময়ত প্ৰধানমন্ত্ৰীৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পন কৰিছিল। সেইসময়ত ন্যায়ালয়ে কৈছিল ২১ নম্বৰ অনুচ্ছেদ নিলম্বিত কৰি ৰাখিব পাৰি য’ত মানুহৰ জীৱনৰ অধিকাৰ উল্লেখ আছে”।

 

 

উল্লেখ্য যে, আজি সংবিধান হত্যা দিৱস উপলক্ষে দেশৰ বিভিন্ন ঠাইত বহু অনুষ্ঠানৰ আয়োজন কৰ হয়। নতুন দিল্লীত দিল্লী চৰকাৰৰ সৈতে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে থ্যাগৰাজ ষ্টেডিয়ামত আনুষ্ঠানিক অনুষ্ঠান অনুষ্ঠিত কৰে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে সাংবিধানিক মূল্যবোধ আৰু জৰুৰীকালীন অৱস্থাৰ পৰা শিকি অহা শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এম ৱাই ভাৰতৰ স্বেচ্ছাসেৱকসকলে গ্ৰহণ কৰা “গণতন্ত্ৰ যাত্ৰা”ৰ পতাকা উত্তোলন কৰে। আগন্তুক সপ্তাহত এই যাত্ৰাই দেশজুৰি কাৰ্যসূচী চলাব।

অন্য খবৰ পঢ়কঃ কি হ’ব? মন্দিৰৰ সন্মুখত গো মাংস উদ্ধাৰ হ’লে কোনোবা দিনা মছজিদৰ আগত গাহৰি মাংস ৰাখি দিব: মুখ্যমন্ত্ৰী