ইতিহাস ৰচিলে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই, মহাকাশলৈ ৰাওনা মিছন Axiom-4
বহু অপেক্ষাৰ অন্তত যাত্ৰা আৰম্ভ কৰিলে Axiom-4 মিছনে। ইয়াৰ পূৰ্বে বিভিন্ন কাৰণত উৎক্ষেপণ স্থগিত ৰাখিবলগীয়া হৈছিল। কেতিয়াবা বেয়া বতৰৰ বাবে, কেতিয়াবা স্পেচএক্সৰ ফেলকন-৯ ৰকেটৰ দোষৰ বাবে আৰু কেতিয়াবা আই এছ এছৰ ৰাছিয়ান মডিউলত লিক ধৰা পৰাৰ বাবে মিছন পিছুৱাই দিবলগীয়া হৈছিল।

অৱশেষত বহু অপেক্ষাৰ অন্তত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন ৩ জন যাত্ৰীক লৈ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (ISS) লৈ উৰা মাৰিলে এক্সিয়াম-৪ (Axiom-4 Mission) মিছনে। নিৰ্ধাৰিত সময় অনুসৰি নিশা ১২.০১ বজাত এই অভিযান আৰম্ভ কৰা হয়। ইয়াৰ পূৰ্বে স্পেচএক্সে (SpaceX) ঘোষণা কৰিছিল যে আজি বুধবাৰৰ সম্ভাৱ্য উৰণ বাবে ৯০ শতাংশ অনুকূল হৈ আছে বতৰ।
উৎক্ষেপণৰ সময়ত এক্সিয়াম-৪ অভিযানে ঘণ্টাত প্ৰায় ৩০ হাজাৰ কিলোমিটাৰ বেগত মহাকাশলৈ উৰা মাৰিছিল। কোৱা হৈছে যে ২৮ ঘণ্টীয়া যাত্ৰাৰ অন্তত এক্সিয়াম-৪ মিছন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে আবেলি ৪:৩০ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হ’ব ।
LIVE: @Axiom_Space‘s #Ax4 mission, with crew from four different countries, is about to launch to the @Space_Station! Liftoff from @NASAKennedy is targeted for 2:31am ET (0631 UTC). https://t.co/yBgO8bxb6Z
— NASA (@NASA) June 25, 2025
ইয়াৰ পূৰ্বে এই মহাকাশ অভিযানৰ বাবে পৰিবহণৰ সুবিধা প্ৰদান কৰা স্পেচএক্সে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত কয় যে, “বুধবাৰে মহাকাশ কেন্দ্ৰলৈ এক্সিয়াম_স্পেচৰ Ax-4 mission উৎক্ষেপণৰ বাবে সকলো ব্যৱস্থা ভাল দেখা গৈছে আৰু বতৰো উৰণৰ বাবে ৯০% অনুকূল দেখা গৈছে।”
All systems are looking good for Wednesday’s launch of @Axiom_Space’s Ax-4 mission to the @Space_Station and weather is 90% favorable for liftoff. Webcast starts at 12:30 a.m. ET → https://t.co/6RXoybzInV pic.twitter.com/988o685PVF
— SpaceX (@SpaceX) June 24, 2025
আমেৰিকাৰ মহাকাশ সংস্থা নাছাই কয় যে, “নাছা, এক্সিয়াম স্পেচ আৰু স্পেচএক্সে এতিয়া আজি ২৫ জুন বুধবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২.০১ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ চতুৰ্থটো ব্যক্তিগত মহাকাশচাৰী অভিযান এক্সিয়াম মিছন ৪ উৎক্ষেপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।” এই অভিযান ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা উৰা মাৰিব। কোম্পানীটোৰ ফেলকন ৯ ৰকেটত উৎক্ষেপণৰ পিছত ক্ৰুৱে নতুন স্পেচএক্স ড্ৰেগন মহাকাশযানত কক্ষপথলৈ যাত্ৰা কৰিব। এই যাত্ৰা ২৮ ঘণ্টাৰ হ’ব।”
Up next: Falcon 9 will launch @Axiom_Space‘s Ax-4 mission to the @Space_Station no earlier than Wednesday, June 25 from pad 39A in Florida → https://t.co/LU1wyD8uZ0 pic.twitter.com/p2sXnMCEiR
— SpaceX (@SpaceX) June 24, 2025
নাছাই নিজৰ বিবৃতিত কয় যে লক্ষ্য নিৰ্ধাৰণ কৰা ডকিং সময় কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰ, আবেলি প্ৰায় ৪.৩০ বজাত। নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচত মানৱ মহাকাশ উৰণৰ সঞ্চালক পেগী হুইটছনে এই বাণিজ্যিক অভিযানৰ কমাণ্ড কৰিব, আনহাতে ইছৰো (ভাৰতীয় মহাকাশ গৱেষণা সংস্থা) মহাকাশচাৰী শুভাংশু শুক্লাই পাইলট হিচাপে কাম কৰিব। তেওঁলোকৰ উপৰিও মিছন বিশেষজ্ঞ দুজন হৈছে পোলেণ্ডৰ ই এছ এ (ইউৰোপীয় মহাকাশ সংস্থা) প্ৰকল্পৰ মহাকাশচাৰী স্লাভ’জ উজনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ HUNOR (হাংগেৰীৰ পৰা কক্ষপথলৈ) মহাকাশচাৰী টিবোৰ কাপু।
ইয়াৰ পূৰ্বে বিভিন্ন কাৰণত এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণত কেইবাবাৰো পলম হৈছে, প্ৰথমে বেয়া বতৰৰ বাবে আৰু তাৰ পিছত স্পেচএক্সৰ ফেলকন-৯ ৰকেটত আৰু পিছলৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ৰাছিয়ান মডিউলত লিক ধৰা পৰাৰ বাবে যাত্ৰা পিছুৱাই দিবলগীয়া হৈছিল। ইয়াৰ পূৰ্বে ২৯ মে’ত মুকলি কৰিবলগীয়া আছিল এই যাত্ৰা। তাৰ পিছত ৮ জুন, ১০ জুন আৰু ১১ জুনলৈ পিছুৱাই দিবলগীয়া হৈছিল।
শুভাংশু শুক্লা কোন?
এজন বায়ুসেনাৰ বিষয়াৰ পৰা মহাকাশচাৰী হৈছে শুভাংশু শুক্লা। ২০২৬ চনত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিভাগত যোগদান কৰে। য’ত তেওঁ যুদ্ধ বিমানৰ যুদ্ধ নেতা আৰু বায়ুসেনাৰ পৰীক্ষামূলক পাইলট হয়। শুভাংশুৰ Su-30 MKI, মিগ-21, মিগ-29, জাগুয়াৰ, ড’নিয়াৰ আৰু হক আদি বিমান ২ হাজাৰ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে ।
শুভাংশুৱে ২০১৯ চনত ইছৰো গগনিয়ানৰ বাবে আবেদন কৰিছিল, তাৰ পিছত তেওঁক ইছৰ’ৰ গগনিয়ান মানৱ মহাকাশ উৰণ কাৰ্যসূচীৰ বাবে চাৰিজন বিষয়াৰ সৈতে নিৰ্বাচিত কৰা হৈছিল। ইয়াৰ পিছত তেওঁ মহাকাশলৈ যাবলৈ ৰাছিয়া আৰু বাংগালুৰুত প্ৰশিক্ষণ লৈছিল। লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুভাংশু শুক্লাৰ শিক্ষাৰ কথা ক’বলৈ গ’লে লক্ষ্ণৌৰ চিটি মন্টেছৰী স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স, বেংগালুৰুৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিংত এমটেক কৰিছে।