শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অজিত ডোভালে লাভ কৰিলে সহায়ক, নতুন ডেপুটি NSA অনিশ দয়াল সিং কোন? জানক…

অনিশ দয়াল সিঙত ডিপুটি এন এছ এ হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে তেওঁ দুটাকৈ অৰ্ধসামৰিক বাহিনীৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৮ চন বেচৰ আই পি এছ বিষয়া তেওঁ।

অজিত ডোভালে লাভ কৰিলে সহায়ক, নতুন ডেপুটি NSA অনিশ দয়াল সিং কোন? জানক…
অনিশ দয়াল সিংImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 25 Aug 2025 13:00 PM

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে লাভ কৰিলে নতুন সহায়ক। মোদী চৰকাৰে চি আৰ পি এফ (CRPF)-আই টি বি পি (IRBP)ৰ প্ৰাক্তন ডি জি  তথা প্ৰাক্তন মুৰব্বী অনিশ দয়াল সিঙক সহকাৰী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি প্ৰদান কৰিছে। সিং মণিপুৰ কেডাৰৰ ১৯৮৮ বেচৰ অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া।  দীৰ্ঘ সময় সেৱা আগবঢ়োৱাৰ পাছত ২০২৪ চনৰ ডিচেম্বৰ মাহত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। তাৰ পাছতে এতিয়া তেওঁক সহকাৰী NSA (Deputy NSA) হিচাপে নিযুক্তি প্ৰদান কৰিছে।

ডেপুটি এনএছএ হিচাপে নিযুক্তি লাভ কৰা অনিশ দয়াল সিঙৰ চোৰাংচোৱা ব্যুৰত প্ৰায় ৩০ বছৰৰ অভিজ্ঞতা আছে। CRPF  ৰ মুৰব্বী হিচাপেও তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এতিয়া তেওঁ লাভ কৰিছে নতুন দায়িত্ব।

অনিশ দয়াল সিং কোন

অনিশ দয়াল সিং এজন অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া। যোৱা বছৰ অৱসৰ লোৱাৰ পূৰ্বে তেওঁ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী অৰ্থাৎ চি আৰ পি এফৰ ডি জি আছিল। ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে তেওঁ এই পদত অধিষ্ঠিত হৈছিল। ইয়াৰ লগতে তেওঁ ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ দায়িত্বও পালন কৰিছিল। প্ৰায় ৩০ বছৰ ধৰি ITBP আৰু চোৰাংচোৱা ব্যুৰোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সিঙে।

অনিশ দয়াল সিং মূলতঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ বাসিন্দা। সিঙে হায়দৰাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল নেচনেল পুলিচ একাডেমীত প্ৰশিক্ষণ লাভ কৰিছিল। তেওঁ নিজৰ কেৰিয়াৰত বহু কৰ্তৃত্ব অৰ্জন কৰিছে। ইয়াৰোপৰি মাওবাদী বিৰোধী অভিযানত চি আৰ পি এফৰ ভূমিকা শক্তিশালী কৰাত তেওঁ বিশেষ গুৰুত্ব দিছিল। চি আৰ পি এফৰ ১৩০টাতকৈও অধিক বেটেলিয়ন পুনৰ সংগঠিত কৰাতো আছিল তেওঁৰ ভূমিকা।

ইয়াৰ লগতে ২০২৪ ৪ চনৰ লোকসভা নিৰ্বাচন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ প্ৰথম বিধানসভা নিৰ্বাচনৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল অন্যতম। সেই সময়ত চি আৰ পি এফৰ কাম চোৱা-চিতা কৰিছিল তেওঁ। অনিশ দয়াল সিঙে আগবঢ়োৱা সেৱাৰ বাবে কেইবাটাও বঁটা লাভ কৰিছিল। ইয়াৰ ভিতৰত ২০০৪ চনত ভাৰতীয় আৰক্ষীৰ মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচ আৰু ২০১২ চনত ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আদি অন্যতম।

নতুন পদত অনিশ দয়াল সিঙে কি দায়িত্ব ল’ব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। সূত্ৰ অনুসৰি, তেওঁক জম্মু-কাশ্মীৰ, নক্সালবাদ আৰু উত্তৰ-পূবৰ বিদ্ৰোহকে ধৰি দেশৰ আভ্যন্তৰীণ পৰিক্ৰমাৰ দায়িত্ব দিব পাৰে।

উল্লেখ্য যে, ৰিচাৰ্চ এণ্ড এনালাইছিছ উইঙৰ প্ৰাক্তন মুৰব্বী ৰাজিন্দৰ খান্না অতিৰিক্ত এন এছ এ । ইয়াৰ বিপৰীতে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া টিভি ৰবিচন্দ্ৰন আৰু আই এফ এছৰ প্ৰাক্তন বিষয়া পৱন কাপুৰে বৰ্তমান ডিপুটি এন এছ এ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

 

 

অন্য খবৰ পঢ়কঃ দুৰ্ঘটনাৰ পাছত বিচাৰিছিল সহায়! পিছে একাংশই মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিষেক দাসক…