শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দুৰ্ঘটনাৰ পাছত বিচাৰিছিল সহায়! পিছে একাংশই মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিষেক দাসক…

কিমান নৃশংস হলে মানুহে মানুহক মৰিয়াই মৰিয়াই হত্যা কৰিব পাৰে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। তামুলপুৰত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

দুৰ্ঘটনাৰ পাছত বিচাৰিছিল সহায়! পিছে একাংশই মৰিয়াই মৰিয়াই হত্যা কৰিলে অভিষেক দাসক…
অভিষেক দাস
barasha-sarma
Barasha Sarma | Published: 24 Aug 2025 22:40 PM

পুনৰ ৰাজ্যত সংঘটিত এক মৰেল পুলিচিঙৰ ঘটনা। অভিযোগ অনুসৰি ২৩ বছৰীয়া এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিলে একাংশ লোকে। এই ঘটনাৰ পাছতে এতিয়া যুৱকজনৰ পৰিয়ালে ন্যায়ৰ দাবী কৰিছে। জানিব পৰা মতে, তামুলপুৰ জিলাৰ সুৱগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ভৰালী চ’কত যোৱা ২০ আগষ্টৰ আবেলি সংঘটিত সংঘটিত হয় এক ভয়ংকৰ ঘটিনা। তামুলপুৰৰ কচুকাটাৰ অৱসৰপ্ৰাপ্ত সেনা দীপক দাসৰ পুত্ৰ অভিষেক দাস (২৩)ক নৃশংসভাৱে হত্যা কৰে একাংশ লোকে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, ২০ আগষ্টৰ দিনা অভিষেক দাস আৰু তেওঁ আন চাৰিজন সতীৰ্থ যুৱৰাজ বড়ো, ধ্ৰুৱজ্যোতি গুৰুতম, নৱজিৎ দাস, মাৰ্টিন বসুমতাৰী বগামাটিৰ গ্ৰাছলেণ্ডলৈ ফুৰিব গৈছিল। কিন্তু উভতি অহাৰ সময়তে সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। তেওঁলোকৰ KIY চাৰিচকীয়া বাহনখনে ভৰালী চকৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ বাবে গাড়ীখন অটোমেটিক লক হৈ যায়। যাৰ বাবে অভিষেক দাস নামৰ যুৱকজনে চানৰুফেৰে ওলাই আহি স্থানীয় ৰাইজৰ সহায় বিচাৰে। কিন্তু সহায়ৰ সলনি সেই পাষাণ লোকসকলে যুৱকজনক আক্ৰমণ কৰে। এই ঘটনা দেখি গাড়ীৰ ভিতৰত থকা আন বন্ধুকেইজন উপায়হীন হৈ পৰে। অভিযোগ অনুসৰি, অভিষেকক লোকসকলে তামোলৰ বাৰী এখনলৈ লৈ গৈ নৃশংসভাৱে মাৰপিট কৰে।

একাংশৰ মতে, ঘটনাস্থলীত অভিষেকক একাংশ লোকে নিষ্ঠুৰভাৱে প্ৰহাৰ কৰে আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা সময়তো আৰক্ষীকো বাধা দিয়া হয়। প্ৰায় দুই ঘণ্টা পিছত পৰিয়ালৰ লোকসকলে ঘটনাৰ বিষয়ে খবৰ পায় আৰু অভিষেকক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। কিন্তু ৰঙিয়ালৈ নিয়াৰ পথত তুলসীবাৰী অঞ্চলত অভিষেকৰ মৃত্যু ঘটে। এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত তামুলপুৰ থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

আনহাতে ঘটনা সন্দৰ্ভত একাংশ স্থানীয় লোকে জনাইছে যে, গাড়ীখন দ্ৰুতগতিত আহি স্কুতি, ই ৰিক্সা মহতিয়াই এখন দোকানত খুন্দা মাৰে। তাৰ পাছতে অভিষেকে চানৰুফেৰে ওলাই বাহিৰত পৰে আৰু পাছত মৃত্য়ুক সাৱতে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্ততহে এই ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব। উল্লেখ্য যে, এয়াই প্ৰথম নহয়। প্ৰায়ভাগে অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ কিছুমান নিকৃষ্ট ঘটনা সংঘটিত হয়। একাংশ পাষাণ মনোবৃত্তিৰ লোকে সমাজখন কুলষিত কৰাৰ কোনো সুযোগ নেৰে।  শেহতীয়াকৈ তামুলপুৰত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু মানৱতাৰ ওপৰত এক প্ৰশ্নবোধক আনি দিছে।

 

অন্য খবৰ পঢ়কঃ পুনৰ কোনোৱে তম্বু টানিছে নেকি? নেঘেৰিবিলৰ উচ্ছেদস্থলীত প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টি…